ETV Bharat / politics

লোসসভা নিৰ্বাচনত 400 পাৰ নোহোৱাত কামাখ্যাত সাধু-সন্তৰ ওপৰত প্ৰতিশোধ লৈছে বিজেপিয়ে: ভূপেন বৰা - Bhupen Borah slams BJP

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:10 PM IST

Bhupen Borah slams Assam CM: নলবাৰীত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাক লৈ মুখ্যমন্ত্ৰীক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ কেবিনেট অনুষ্ঠিত কৰি ঘোষণা কৰা এখনো আঁচনি ৰূপায়ন হোৱা নাই বুলি মন্তব্য ৷

APCC president Bhupen Borah
Bhupen Borah slams BJP (ETV Bharat Assam)

ৰঙিয়া, 27 জুন: বিজেপি দল তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰত আশিস লৈ ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাক । ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত কৰি ঘোষণা কৰা এখনো আঁচনি ৰূপায়ন হোৱা নাই বুলি মন্তব্য কৰে ভূপেন বৰাই ৷

মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

তেওঁ কয় যে যি সময়ত নিৰীহ ব্যক্তিক ৰাজপথত গুলীয়াই হত্যা কৰা হৈছে, যি সময়ত দিন দুপৰতে ধৰ্ষণকাণ্ড সংঘটিত হৈছে, সেই সময়ত চৰকাৰখনে এটা বিশেষ জাতিক দোষাৰোপ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে ।

লগতে পঢ়ক: নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক - Assam cabinet meeting in Nalbari

কংগ্ৰেছ চৰকাৰ শাসনত থকা সময়তো দেশ-বিদেশৰ লাখ লাখ ভক্ত কামাখ্যাৰ অম্বুবাচী মেলালৈ আহিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এইবাৰ ভক্তসকলে তিনি কিলোমিটাৰ আঁতৰত জোতা-চেন্দেল থৈ সমস্যাৰ সন্মুখীন হোৱা ঘটনাই অসমৰ প্ৰতি এইসকল ভক্তৰ মনত অনীহাৰ সৃষ্টি কৰিছে ।

আগন্তুক পঞ্চায়ত নিৰ্বাচন ছেপ্টেম্বৰ ভিতৰত অনুষ্ঠিত নকৰিলে কংগ্ৰেছ দল ন্যায়ালয়ৰ দ্বাৰাস্থ হ’ব বুলি তেওঁ উল্লেখ কৰে । কিয়নো ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এশ দিন উকলি যাব ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ - Under water Tunnel in Assam

ঢকুৱাখনাৰ হত্যাকাণ্ড আৰু নলবাৰীৰ অসম চৰকাৰৰ কেবিনেট বৈঠকক লৈও তীৰ্যক মন্তব্য কৰে ভূপেন বৰাই ।

লোকসভা নিৰ্বাচনত 400 পাৰ নোহোৱা বাবে কামাখ্যাত সাধু-সন্যাসীৰ ওপৰত বিজেপিয়ে প্ৰতিশোধ লৈছে বুলি গুৰুতৰ অভিযোগ কৰে ভূপেন বৰাই । ৰঙিয়া বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত বালিসত্ৰৰ সৎসংগী সত্ৰ দৰ্শন কৰিবলৈ আহি প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই এই মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: ৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত - Cabinet meeting in Nalbari

তেওঁ লগতে কয় যে চৌদিশে কু-সংস্কাৰ চলি থকাৰ সময়ত গুৰুজনাৰ প্ৰদৰ্শিত পথেৰে সত্ৰসমূহে নৱ বৈষ্ণৱ ধৰ্মৰ বাট মুকলি কৰিছিল । আজি বিদ্যালয়, বিশ্ববিদ্যালয় থাকিলেও সত্ৰসমুহ শিক্ষাৰ অভিকেন্দ্ৰ স্বৰূপ । পুৰণি বহুমূলীয়া সোণৰ দৰে সত্ৰসমূহে আমাৰ সমাজৰ কৃষ্টি-সংস্কৃতি ধৰি ৰাখিছে ।

তেওঁ লগতে কয় যে বহু আঁচনিৰ জৰিয়তে সত্ৰসমূহৰ উন্নীতকৰণ হৈছে যদিও এতিয়াও সত্ৰসমূহক লৈ বহু কাম বাকী আছে । সত্ৰত আশীৰ্বাদ গ্ৰহণ কৰি নেতাগৰাকীয়ে কংগ্ৰেছৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে । তেওঁ কিছুসময় সত্ৰখনত অতিবাহিত কৰি ৰঙিয়াৰ পৰা বিদায় লয় । আগন্তুক বিধানসভা উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী হ’ব পাৰে ভূপেন বৰা ।

লগতে পঢ়ক: এছ আই টিয়ে তদন্ত সম্পূর্ণ নকৰা ৩৯ বিষয়াৰ অধিকাংশই আছিল অনুত্তীর্ণ - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.