ETV Bharat / politics

আৱেগৰ ওপৰত হোৱা দল সাগৰৰ ওপৰৰ ঢৌ সদৃশ; কাক উদ্দেশ্যি মন্ত্ৰী দাসৰ বাক্যবাণ ? - RANJIT KUMAR DAS SLAMS LURIN

বিজেপিয়ে লুৰীণজ্যোতি গগৈক আদৰি ল’বনে ? কাইলৈ যদি ৰাহুল গান্ধীয়ে যোগ দিব খোজে তেন্তে কি স্থিতি হ’ব বিজেপিৰ ? ৰণজিৎ দাসে দিলে ব্যাখ্যা ৷

Ranjit Kumar Das
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 1:13 PM IST

বৰপেটা: বিহালী বিধানসভা সমষ্টিত উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাক কেন্দ্ৰ কৰি কংগ্ৰেছৰে হোৱা বিৰোধী ঐক্য়ৰ সংঘাতৰ পাচত ৰাজ্য়ৰ ৰাজনীতিত চলিছে সৰৱ চৰ্চা । বিৰোধী ঐক্য়ত হঠাতে ভাঙোন হোৱাত পৰস্পৰে দোষ জাপি দিছে শীৰ্ষ মহলক । এই ভাঙোনৰ পাচত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলীত মৰ্চাৰ সম্পাদক লুৰীণজ্যোতি গগৈ । কিন্তু এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীক কটাক্ষ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ৰাজ্যৰ বিৰোধী গোট অসম সন্মিলিত মৰ্চাত ভাঙোন সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মৰ্চা-টৰ্চা এইবোৰ সংবাদ মাধ্যমে জীয়াই ৰাখে ।" আনহাতে, লুৰীণজ্যোতি গগৈয়ে বিজেপিক প্ৰশংসা কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "লুৰীণজ্যোতিৰ মন্তব্যক লৈ উত্তৰ দিবলগীয়া একো নাই । তেওঁ ৰাজনীতিৰ অ আ ক খ-ই জনা হোৱা নাই ।"

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

আৱেগৰ ওপৰত হোৱা দল সাগৰৰ ওপৰৰ ঢৌ সদৃশ

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "আমি ২০০৪ চনৰ পৰা বিধায়ক হৈছো । আৱেগৰ ওপৰত ৰাজনীতি বৰ্তি নাথাকে । অসমত কেইবাটাও আৱেগৰ ওপৰত হোৱা দল আছে । আৱেগৰ ওপৰত হোৱা দল হৈছে সাগৰৰ ওপৰৰ ঢৌ । সাগৰৰ ওপৰৰ ঢৌ দেখিবলৈ সুন্দৰ । নিমিষতে আহে যেনেকৈ নিমিষতে মাৰো যায় ।"

লুৰীণজ্যোতি গগৈ বিজেপিলৈ আহিলে আদৰি ল'বনে বুলি সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয়, "আমি বিজেপি কৰিলেই নহ'ব । আনকো বিজেপি কৰাৰ সুযোগ দিব লাগিব । মোৰ ৬ জন বিজেপি বিধায়কৰে চৰকাৰ নহ'লহেতেন । হিমন্ত বিশ্বক আনিছো বাবেই চৰকাৰ হৈছে । কাইলৈ লুৰীণেই নহয়, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী বিজেপিলৈ আহিলেও ল'ব লাগিব । বৰুণ গান্ধী, মানেকা গান্ধীক যদি ল'ব পাৰো, প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীকো ল'ব লাগিব ।"

বঙাইগাঁৱত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী

ইপিনে, ৰাজ্য়ত অনুষ্ঠিত হ'বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সন্দৰ্ভতো মন্তব্য় কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁ কয়, "বঙাইগাঁৱত ৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ।"

লগতে পঢ়ক:বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি কটাক্ষ লুৰীণজ্যোতিৰ

নিৰ্বাচন আহিলেই সুৰাৰ দাম কিয় বাঢ়ে- কোনে কাক সুধিলে এই প্ৰশ্ন ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.