ETV Bharat / politics

পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰিছে আজমলে; ৰকিবুল হুছেইন - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Congress election campaign: ধুবুৰী লোকসভা সমষ্টিত তীব্রতৰ হৈ উঠিছে কংগ্ৰেছ-এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ । হেলিকপ্টাৰেৰে চমক ৰকিবুল-আজমলৰ । এইবাৰ নিৰ্বাচনত জয়ী হ'বলৈ ৰকিবুল হুছেইনৰ দোৱা-প্রার্থনা ।

Congress candidate rakibul hussain
Congress election campaign (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:43 PM IST

Updated : May 2, 2024, 10:54 PM IST

ৰকিবুল হুছেইন (ETV Bharat Assam)

গোৱালপাৰা, ২ মে': লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজনৈতিক মহলৰ বাবে বিশেষ চৰ্চাৰ সমষ্টি হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টি । এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে । দুয়োগৰাকী প্ৰাৰ্থীয়েই ব্যাপকভাৱে সমষ্টিটোত চলাইছে নিৰ্বাচনী প্ৰচাৰ । হেলিকপ্টাৰৰ চমক দেখুওৱাটো পিচ পৰি ৰোৱা নাই কোনো এগৰাকী প্ৰাৰ্থী ।

  • " class="align-text-top noRightClick twitterSection" data="">

নৱগঠিত বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাকুটিত বৃহস্পতিবাৰে এখন বিশাল নিৰ্বাচনী সভাত হেলিকপ্টাৰেৰে আহি উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । নিৰ্বাচনী সভাতে এইবাৰ নিৰ্বাচনত জয়ী হ'বলৈ দোৱা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । প্ৰায় বিশ সহস্ৰাধিক লোকৰ জনশ্ৰুতৰ মাজত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ।

সভাখনত ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিদ্বন্দী মৌলানা বদৰুদ্দিন আজমলক সমালোচনাৰে থকা-সৰকা কৰে । তাৰোপৰি সভাখনত ৰকিবুল হুছেইনে কয় যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'লে ২০০ ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়া কৰা হ'ব । লগতে ৪০০ টকাত গেছ চিলিণ্ডাৰ যোগান, বান-গৰাখহনীয়া সমস্যা সমাধান আদি কেইবাটাও প্ৰতিশ্ৰতি দিয়ে ।

আনহাতে সভাস্থলীত সাংবাদিকৰ আগত ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক কটাক্ষ কৰি কয় যে আজমলে পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মী আৰু সাংবাদিকক আক্ৰমণ কৰিবলৈ ধৰিছে । এনে কামৰ পৰা আজমলক সংযত হ'বলৈ হুছেইনে আহ্বান জনায় । সভাত ৰকিবুল হুছেইনক সংগ দিয়ে দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰ, জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা আদিয়ে ।

লগতে পঢ়ক: অসমত কট্টৰ বিজেপি নেতাৰ আলাই-আথানি দেখি দুখ পাইছে গৌৰৱ গগৈয়ে - Lok Sabha Election 2024

Last Updated : May 2, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.