তেজপুৰ, 6 এপ্ৰিল: ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ গৰম বতাহ বলিছে । শাসক-বিৰোধী উভয় পক্ষই ৰাজনৈতিক বাক যুদ্ধৰ জৰিয়তে নিজৰ ভোটৰ সংখ্যা বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে । সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলে কেনেদৰে গণতন্ত্ৰৰ ভেঁটি দুৰ্বল কৰি পেলাইছে তাৰ 7 টা বিশেষ কাৰণ টুইটাৰযোগে দৰ্শাইছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ 'X' একাউণ্টযোগে এই কেইটা বিশেষ কাৰণ উল্লেখ কৰিছে । এই বিশেষ কাৰণসমূহৰ দ্বাৰা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰা দেখা গৈছে মুখ্যমন্ত্ৰী শৰ্মাক ।
প্ৰথমে তেওঁ উল্লেখ কৰে যে ৩৫৬ নং অনুচ্ছেদ ব্যৱহাৰ কৰি 90 খন ৰাজ্য চৰকাৰক বঞ্চিত কৰা, স্বাধীন ন্যায়াধীশক বদলি কৰা, সংবিধানৰ 1 ম সংশোধনীৰ জৰিয়তে FoE নিয়ন্ত্ৰিত কৰা, নমনীয় Lutyens মিডিয়াৰ সৃষ্টি , প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক উপেক্ষা কৰা, ভোটৰ বিনিময়ত নগদ ধনলৈ জেএমএমৰ উৎকোচ আৰু 25 জুন 1975 চন (জৰুৰীকালীন অৱস্থা ঘোষণাৰ দিন) ।
ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে 25 জুন 1975 ৷
কি বিশেষত্ব আছিল এই দিনটোত ?
দৰাচলতে 1975 চনৰ 25 জুনৰ দিনা ভাৰতত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অৱস্থা ৷ 1975 চনৰ পৰা 1977 চন ৷ অৰ্থাৎ 21 মাহ সময় সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ।
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে 1975 চনৰ 25 জুনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । সেই সময়ত ভাৰতত প্ৰচলিত "আভ্যন্তৰীণ অশান্তি"ৰ বাবে সংবিধানৰ 352 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিগৰাকীয়ে আনুষ্ঠানিকভাৱে জাৰি কৰা এই জৰুৰীকালীন অৱস্থাৰ অন্ত পৰিছিল 1977 চনৰ 21 মাৰ্চত ৷
জৰুৰীকালীন অৱস্থাৰ বেছিভাগ সময় গান্ধীৰ ৰাজনৈতিক বিৰোধীসকলৰ অধিকাংশকেই কাৰাগাৰত ভৰোৱা হৈছিল আৰু সংবাদ মাধ্যমক চেঞ্চৰ কৰা হৈছিল । সেই সময়ত আন কেইবাটাও মানৱ অধিকাৰ উলংঘাৰ বাতৰি পোৱা গৈছিল, য’ত তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ নেতৃত্বত ভেচেক্টমীৰ গণ অভিযানো আছিল ।
ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰতৰ ইতিহাসৰ অন্যতম বিতৰ্কিত সময়ছোৱাই হৈছে এই জৰুৰীকালীন অৱস্থা । এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উক্ত প্ৰসংগক সামাজিক মাধ্যমত উল্লেখ কৰা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷
লগতে পঢ়ক: যাব খুজিছে দিল্লীলৈ : ৩৫ গৰাকী প্ৰাৰ্থীৰ কাৰ কি শিক্ষাগত অৰ্হতা ? - Lok Sabha Election 2024