ETV Bharat / politics

মনোনয়ন প্ৰত্যাহাৰৰ বাবে অমিয় কান্তি দাসক বিজেপিয়ে দিলে নেকি ডাঙৰ টোপ ! - ASSAM BY POLLS 2024

দলৰ স্বাৰ্থত মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ অমিয় কান্তি দাসক আহ্বান জনাইছিল হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ বাৰ্তা লৈ দাসক সাক্ষাৎ মন্ত্ৰী জয়ন্তৰ ৷ তাৰ পাছত...

Assam by polls 2024
অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ (@jayanta_malla)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 6:01 PM IST

শিলচৰ: ধলাই সমষ্টিত উপ-নিৰ্বাচনৰ বতাহ গৰম কৰি তুলিছে কেবাটাও ঘটনা-পৰিঘটনাই ৷ তাৰ ভিতৰত অন্যতম হৈছে অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ ৷ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পিছতেই ধলাই সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰিছিল ৷ অহা 13 নৱেম্বৰত ৰাজ্যৰ আন চাৰিটা সমষ্টিৰ লগতে ধলাইতো অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে অব্যাহত আছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ ৷

ধলাইত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল অমিয় কান্তি দাস ৷ কিন্তু বিজেপি দলে তেওঁক টিকট নিদিলে ৷ কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয় কান্তি দাসৰ পৰিৱৰ্তে গেৰুৱা দলে টিকট প্ৰদান কৰিলে নিহাৰ ৰঞ্জন দাসক ৷ তাতেই ক্ষোভিত হৈ উপ-সভাপতিৰ পদ ত্যাগ কৰিছিল অমিয় কান্তি দাসে ৷ তেওঁৰ লগতে প্ৰায় 500 সমৰ্থকেও গেৰুৱা দলটো ত্যাগ কৰে ৷ টিকট বঞ্চিত হোৱাৰ ক্ষোভত নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ ইচ্ছাৰে মনোনয়ন দাখিল কৰিছিল অমিয় কান্তি দাসে ৷

অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ (ETV Bharat)

ধলাই সমষ্টিটো যিহেতু পূৰ্বে পৰিমল শুক্লবৈদ্যৰ অক্ষত দূৰ্গ আছিল, গতিকে বিজেপিয়ে ইয়াত ভোট বিভাজন বিচৰা নাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লগ কৰিলে অমিয় কান্তি দাসক ৷ দুয়োৰে মাজত চলিল কথা-বতৰা, অমিয় কান্তি দাসে এফালৰ পৰা নিজৰ ক্ষোভ ব্যক্তি কৰি গ’ল ৷ সকলো শুনি-বুজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই জয়ন্ত মল্লবৰুৱাই অমিয় কান্তি দাসক খং পৰিহাৰ কৰি দলৰ সৈতে এক হ’বলৈ জনালে আহ্বান ৷ লগতে মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিৰ বাবে বিজয়ৰ বাট মুকলি কৰাৰ বাবেও অনুৰোধ জনালে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীৰ অনুৰোধ মৰ্মে অৱশেষত সোমবাৰে অমিয় কান্তি দাসে প্ৰত্যাহাৰ কৰিলে মনোনয়ন ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা নিজেই গ’ল অমিয় কান্তি দাসৰ সৈতে জিলা নিৰ্বাচনী বিষয়াৰ ওচৰলৈ ৷

জানিব পৰা মতে, অহা 2026 ৰ নিৰ্বাচনত অমিয় কান্তি দাসক ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ আশ্বাস দিয়া হৈছে দলৰ তৰফৰ পৰা ৷ বৰ্তমান সময়ত কাছাৰ জিলা বিজেপিৰ সভাপতি, শিলচৰ উন্নয়ন খণ্ডৰ অধ্যক্ষ বা কাছাৰ জিলা পৰিষদৰ অধ্যক্ষ এই তিনিটা পদৰ ভিতৰত যিকোনো এটা পদ দিয়াৰ সম্ভাৱনা আছে ক্ষোভিত নেতাগৰাকীক ৷

অমিয় কান্তি দাসৰ ক্ষোভ কাৰ ওপৰত

অমিয় কান্তি দাসে মনোনয়ন দাখিলৰ পাছত সাংবাদিকৰ আগত কয় যে তেওঁ প্ৰাৰ্থিত্বৰ বাবে বহু আশা কৰিছিল যদিও এজন মানুহৰ বাবে তেওঁৰ আশা পূৰণ নহ’ল ৷ নাম উল্লেখ নকৰিলেও পৰিমল শুক্লবৈদ্যৰ কথাকেই আওপকীয়াকৈ কৈছিল নেতাগৰাকীয়ে ৷ তেওঁ আৰু কয় যে, দলৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে মনোয়ন প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাত আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো দীৰ্ঘ সময়ৰ বৈঠকত একেই আহ্বান কৰাৰ পাছত তেওঁ কেৱল দলৰ কথা ভাবি মনোনয়ন প্ৰত্যাহাৰ কৰিছে ৷

জয়ন্ত মল্লবৰুৱাৰ ভাষ্য

অমিয় কান্তি দাসৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে টিকট লাভ নকৰাত নেতাগৰাকী কিছু ক্ষোভিত হৈছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁক অনুৰোধ জনোৱাত তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰি পুনৰ দলৰ হৈ কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ বিজেপিত যিহেতু ৰাষ্ট্ৰ আৰু দল আগত, তাৰ পিছতহে ব্যক্তি, গতিকে দলৰ বিজয়ৰ স্বাৰ্থত অমিয় কান্তি দাসক দলৰ সৈতে একাত্ম হ’বলৈ আহ্বান জনোৱা বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ; শাম কাটিলে নেকি টিকট নোপোৱাৰ ক্ষোভ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.