ETV Bharat / politics

27-28 ফেব্ৰুৱাৰীত কোন কোন নেতাই যোগ দিব বিজেপিত?

Bhabesh Kalita: বহু কংগ্ৰেছী নেতা-বিধায়কে এতিয়াও যোগাযোগ অব্যাহত ৰাখিছে বিজেপিৰ সৈতে ৷ 27 অথবা 28 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিজেপিৰ বৃহৎ যোগদান সভা ৷ উক্ত সভাত আৰু কেবাগৰাকীও বিশেষ লোকে বিজেপিত যোগদান কৰিব বুলি ইংগিত দিছে ভৱেশ কলিতাই ৷

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 8:56 PM IST

Bhabesh Kalita
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিয়া, 25 ফেব্ৰুৱাৰী: ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছৰ ৰাণা গোস্বামীৰ লগতে বহুকেইগৰাকী বিধায়ক তথা নেতাই বিজেপিত যোগদান কৰিব বিচৰা বুলি উল্লেখ কৰে । ৰঙিয়াৰ এখন ৰাজহুৱা সভাত তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি সমৰ্থন আগবঢ়াই বহু কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।

তেওঁ জনায় যে অহা ২৭ বা ২৮ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব মেগা যোগদান অনুষ্ঠান । উক্ত অনুষ্ঠানতেই কংগ্ৰেছৰ লগতে আন কেবাটাও বিৰোধী দলৰ নেতা আৰু বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ৷

ইফালে বিৰোধী পক্ষত থাকিও সদনৰ মজিয়াত বিজেপিক সমৰ্থন জনোৱা বিধায়কসকলৰ বিষয়ে মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে সেইসকল বিধায়কে ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নতিৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শী আঁচনিৰ বিষয়ে ভালদৰে বুজি উঠিছে । তেওঁলোকে এতিয়া ফুটা নাৱত ভৰি দি নাথাকে বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বিকাশ যাত্ৰাৰ যি আগভাগ লৈছে তাত অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে বিজেপিৰ লগতে বিৰোধী দলৰ নেতাসকলেও সমৰ্থন আগবঢ়াইছে । তেওঁলোকেও নিজ নিজ সমষ্টিৰ বিকাশ তথা ৰাইজৰ উন্নতিৰ বিষয়ে ভাবিবলৈ বাধ্য বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ সেয়েহে বিৰোধী পক্ষত থকা স্বত্ত্বেও চৰকাৰক সমৰ্থন আগবঢ়াইছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ।

কংগ্ৰেছ দলৰ পৰা বাগৰি বিজেপিত বহু নেতাই যোগদান কৰাৰ ফলত গেৰুৱা দলটো কংগ্ৰেছময় হৈ পৰিছে নেকি বুলি সোধা প্ৰশ্নৰো উত্তৰ দিয়ে ভৱেশ কলিতাই ৷ তেওঁ কয় যে যিসকল বেলেগ দলৰ পৰা আহি বিজেপিত যোগদান কৰিছে তেওঁলোক এতিয়া কংগ্ৰেছী হৈ থকা নাই ৷ ভাৰতীয় জনতা পাৰ্টীৰ হৈ পৰিল ৷

লগতে পঢ়ক: আশংকা কৰা মতেই ! দল ত্যাগৰ প্ৰস্তুতি ৰাণা গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.