ETV Bharat / politics

6 নং দফাৰ প্ৰতিবেদন ক’ত ? প্রধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে আপৰ প্ৰশ্ন

AAP Assam Press Meet : প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বে অসমবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰিছে আম আদমী পাৰ্টীয়ে ৷ বুধবাৰে আপ অসমৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক ড৹ মামুন ইমদাদুল হক চৌধুৰীয়ে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে ৷

AAP Assam Press Meet
আপ অসমৰ মুখ্য কাৰ্যালয়ত সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 4:28 PM IST

Updated : Mar 6, 2024, 5:30 PM IST

প্ৰধানমন্ত্ৰীক সমালোচনা আপ অসমৰ

গুৱাহাটী, 6 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে তুংগত উঠিছে ৰাজনৈতিক দল সমূহৰ বাকযুদ্ধ ৷ অভিযোগ, প্ৰতি-অভিযোগেৰে প্ৰতিপক্ষক ধাৰাশায়ী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতা, পালিনেতাসকলে ৷ ইয়াৰ মাজতে শাসকীয় দল বিজেপিক বিৰোধী দলসমূহে সমালোচনাৰে থকা-সৰকা কৰা পৰিলক্ষিত হৈছে ৷

এইবাৰ নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰিছে আম আদমী পাৰ্টীয়ে ৷ অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পালনত প্ৰধানমন্ত্ৰী মোদীয়ে বিফল হোৱাৰ অভিযোগ আপ অসমৰ ৷ 8 মাৰ্চত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহৰ খতিয়ান বিচাৰিলে আম আদমী পাৰ্টীয়ে ৷ বুধবাৰে আপ অসমৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সাংগঠনিক সম্পাদক ড৹ মামুন ইমদাদুল হক চৌধুৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে ৷

আপ অসমৰ নেতাজনে অসম চুক্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰক সমালোচনা কৰি চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ক’ত বুলি প্ৰশ্ন কৰে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত বিজেপিয়ে এখন কমিটি গঠন কৰি দিছিল ৷ এই কমিটিৰ প্ৰতিবেদন ক’ত গ’ল, প্ৰতিবেদনখন বৰ্তমান কি পৰ্যায়ত আছে সেই কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক জনাব লাগে বুলি দাবী জনায় আপ অসমৰ সাংগঠনিক সম্পাদকগৰাকীয়ে ৷

কৃষকৰ আয় দুগুণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে আপ নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে ৷ অসমৰ ক্ষেত্ৰত কৃষকৰ আয় কিমান বৃদ্ধি হ’ল সেই কথা প্ৰধানমন্ত্ৰ্ৰীগৰাকীয়ে জনাব লাগে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে অসমৰ এশ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক খতিয়ান বিচাৰে আপ নেতাগৰাকীয়ে ৷ এইক্ষেত্ৰত বিজেপি শাসিত ৰাজ্য চৰকাৰে কৃষি ভূমিত জলসিঞ্চন সন্দৰ্ভত বিধানসভাত দিয়া তথ্য উল্লেখ কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তেওঁ ৷ আপ অসমৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে বিধানসভাত অসমৰ মাত্ৰ 5.4 শতাংশ কৃষি ভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে বুলি তথ্য দাঙি ধৰিছে ৷

ড৹ মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে, বাৰে বাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়া মোদীক কোনেও এতিয়া বিশ্বাসত নলয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁ প্ৰতিবছৰে 2 কোটি নিবনুৱাক চাকৰি দিয়াত বিফল হৈছে ৷ 2014 চনৰ পূৰ্বে তেওঁ কৈছিল অসমে এখন শুদ্ধ এন আৰ চি পাব ৷ কিন্তু সেইখন শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰিলে তেওঁলোকে ৷ লগতে তেওঁ কয় যে, 2020 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ বান সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে নীটি আয়োগৰ উপাধ্যক্ষৰ অধ্যক্ষতাত উত্তৰ পূৰ্বাঞ্চল জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰা হ'ব বুলি মন্তব্য কৰিছিল ৷ কিন্তু এই North East Water Management Authority বা NEWMA এতিয়ালৈকে গঠন হোৱা নাই কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : কিছুদিন আগলৈকে কেৱল চান্দাৰ দায়িত্বহে দিয়া হৈছিল লুৰিণজ্যোতিক: পবিত্ৰ মাৰ্ঘেৰিটা

Last Updated : Mar 6, 2024, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.