ETV Bharat / politics

400 খন আসন পালে আমি মথুৰা আৰু বাৰাণসীত মন্দিৰ নিৰ্মাণ কৰিম: হিমন্ত বিশ্ব শৰ্মা - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:15 AM IST

Himanta Biswa Sarma : অসমত লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পিছতে বহিঃৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত সম্প্ৰতি ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মঙলবাৰে মথুৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৷

LOK SABHA ELECTION 2024
হিমন্ত বিশ্ব শৰ্মা (SOURCE : ANI)

নেশ্যনেল ডেস্ক, 15 মে’: ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাই বহু গুৰুত্বপূৰ্ণ কথা নিজ ভাষণত প্ৰকাশ কৰে ৷

তেওঁ কয় যে, যেতিয়া বিজেপিয়ে 300 খন আসন লাভ কৰিছিল, তেতিয়াই অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল ৷ এইবেলি যদি লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৱে 400 খন আসন লাভ কৰে, তেন্তে মথুৰাৰ কৃষ্ণ জন্মভূমি স্থানৰ সমান্তৰালকৈ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ ঠাইত নিৰ্মাণ কৰা হ'ব মন্দিৰ ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰা হ'ব । কংগ্ৰেছৰ শাসনকালত পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত সংসদত কোনো আলোচনা অনুষ্ঠিত হোৱা নাছিল বুলিও তেওঁ ব্যক্ত কৰে ।

"যেতিয়া কংগ্ৰেছ চৰকাৰ শাসনৰ গাদীত আছিল, আমাক কোৱা হৈছিল যে, এখন কাশ্মীৰ ভাৰতত আৰু আনখন পাকিস্তানত আছে । আমাৰ সংসদত কেতিয়াও আলোচনা কৰা হোৱা নাছিল যে, পাকিস্তানে কাশ্মীৰ অধিকৃত কৰিছে, এয়া প্ৰকৃততে আমাৰ ।

এই মূহুৰ্তত পিঅ’কেত প্ৰতিদিনে আন্দোলন হৈ আছে আৰু মানুহে ভাৰতীয় ত্ৰিৰংগা হাতত ধৰি পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰি আছে প্ৰতিবাদ ৷ যদি মোদীজীয়ে 400 খন আসন লাভ কৰে, তেন্তে পিঅ’কেও ভাৰতৰ হ'ব । ইতিমধ্যে এয়া আৰম্ভ হৈছে" বুলিও হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই অতি দৃঢ়তাৰে কয় যে, বিজেপি চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত অধিক কাম কৰি আছে । তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে, "প্ৰধানমন্ত্ৰী মোদী নিজেই অ'বিচি শ্ৰেণীৰ পৰা আহিছে আৰু বিজেপিয়ে বিগত ১০ বছৰ ধৰি শাসনত অধিষ্ঠিত হৈ আছে । আমাৰ চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত অধিক কাম কৰি আছে ।

কংগ্ৰেছে অনুসূচীত জাতি-জনজাতি আৰু অ'বিচিৰ ক্ষেত্ৰত থকা সংৰক্ষণৰ ব্যৱস্থাক সমাপ্ত কৰি মুছলমানসকলকহে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিব বিচাৰে ৷ যিটো তেওঁলোকে ইতিমধ্যে কৰ্ণাটকত আৰম্ভ কৰিছে ৷"

মুঠৰ ওপৰত নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে ভাষণৰ বন্যা লৈ বহিঃৰাজ্যৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ কোনো ক্ৰুটি এৰা নাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধি কৰিলে যাব লাগিব জে’ললৈ ! - Nana Patole On Ram Temple

৩-৩ বিবাহ বন্ধ কৰক 'অন্যথা... : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি সতৰ্কবাণী - Lok Sabha Election 2024

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি : শাসক-বিৰোধীৰ প্ৰতিক্ৰিয়া - 3 Years Of CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.