ETV Bharat / opinion

হাছিনা যুগৰ অৱসান ভাৰতীয় সুৰক্ষা গতিশীলতাৰ বাবে এক অস্বস্তিকৰ ঘটনা - Bangladesh Political Crisis

author img

By DR Ravella Bhanu Krishna Kiran

Published : Aug 10, 2024, 12:14 PM IST

Bangladesh Political Crisis And Impact on India : হাছিনাৰ পদত্যাগ আৰু এখন নতুন চৰকাৰৰ সম্ভাৱনীয়তাক লৈ ভাৰতৰ দৃষ্টিকোণেৰে কেইবাটাও উদ্বেগৰ সৃষ্টি হৈছে । কিয়নো ভাৰতৰ বিভিন্ন ধৰণৰ সুৰক্ষা সম্বন্ধীয় বিষয় বাংলাদেশৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে । তেনে ক্ষেত্ৰত যদি ভাৰত-বিৰোধী খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশৰ নতুন চৰকাৰ গঠন হয় আৰু তাত মৌলবাদী শক্তিয়ে যোগদান কৰে, তেন্তে ভাৰতৰ বাবে এক অশনি সংকেত হ'ব । তেনে ক্ষেত্ৰত ভাৰতৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতে গ্ৰহণ কৰিব লাগিব কেইবাটাও কৌশলগত ব্যৱস্থা । এই সন্দৰ্ভত ড৹ ৰাভেলা ভানু কৃষ্ণ কিৰণৰ এক বিশেষ প্ৰতিবেদন ।

Bangladesh Political Crisis And Impact on India
হাছিনা যুগৰ অৱসান (AP Photo)

বিশেষ প্ৰতিবেদন, ১০ আগষ্ট : ৫ আগষ্টত গণ অভ্যুত্থানৰ সন্মুখীন হৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হয় । আনহাতে, নতুন দিল্লীৰ আটাইতকৈ কট্টৰ সহযোগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগৰ পিচত দেশ এৰি ভাৰতলৈ পলায়ন কৰে । ইয়াৰ পিচত নোবেল বঁটাবিজয়ী মহম্মদ ইউনুছে বৃহস্পতিবাৰে বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে ।

ইফালে অন্তৱৰ্তীকালীন চৰকাৰত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বি এন পি) আৰু নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইছলামীৰ (জে ই আই) উপস্থিতিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইয়াৰ ফলত ভাৰত-বিৰোধী অন্তৱৰ্তীকালীন শাসনে নতুন দিল্লী-ঢাকা সম্পৰ্কত চাপ সৃষ্টি কৰিব পাৰে । এইটোও আশা কৰা হৈছে যে পৰৱৰ্তী নিৰ্বাচনৰ পিচত বি এন পি ক্ষমতালৈ আহিব আৰু সম্ভৱত খালেদা জিয়াই বাংলাদেশৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ।

নিশ্চিতভাৱে এই সম্ভাৱ্য পৰিৱৰ্তনটো দক্ষিণ এছিয়া অঞ্চলত ভাৰতৰ আঞ্চলিক প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা ৰণনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ আঘাত হ'ব । কিয়নো ভাৰতৰ বাবে বাংলাদেশৰ সৈতে নিৰাপত্তাৰ হিচাপ-নিকাচটো বৰ্ধিত শৰণাৰ্থীৰ বিপদাশংকা, সন্ত্ৰাসবাদী কাৰ্যকলাপ, বংগোপসাগৰ আৰু সামৰিক সহযোগিতাৰ জৰিয়তে কৰা হয় ।

লগতে পঢ়ক :নেতৃত্বত ইউনুছ: বাংলাদেশত গঠন অন্তৱৰ্তীকালীন চৰকাৰ - Bangladesh Interim Government

সংযোগ

ভাৰতৰ সৈতে বাংলাদেশৰ 4,096 কিলোমিটাৰ সীমান্ত আছে । এই সীমান্তই ভাৰতক পশ্চিমবংগ আৰু পূৰ্বোত্তৰ ৰাজ্য অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু লগতে বংগোপসাগৰলৈ ইয়াৰ বাণিজ্য আৰু সংযোগ উন্নত কৰাৰ বাবে এক সহজ প্ৰৱেশ পথ প্ৰদান কৰে ।

ঢাকাৰ সৈতে সম্পৰ্কৰ এক বিশৃংখলতাই বাংলাদেশৰ ভূখণ্ড ব্যৱহাৰ কৰাৰ অনুমতি দিয়া বৰ্তমানৰ স্থলপথ আৰু পূৰ্বোত্তৰৰ ৰাজ্যসমূহলৈ সামগ্ৰী পৰিবহণৰ বাবে চিটাগং আৰু মংলা বন্দৰ ব্যৱহাৰৰ চুক্তিত বাধা দিব পাৰে । লগতে ২০২৩ চনৰ নৱেম্বৰত আৰম্ভ কৰা আগৰতলা-আখাউৰা সীমান্তৱৰ্তী ৰে'ল সংযোগ বিলম্বিত কৰিব পাৰে ।

তদুপৰি, 'চিকেনছ নেক' (শিলিগুৰি কৰিড'ৰ) হৈছে ভাৰতীয় মূল ভূখণ্ডক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ সংকীৰ্ণ পথ । এই কৌশলগতভাৱে সংবেদনশীল এলেকাটোত যিকোনো বাধা আৰু উত্তেজনাই অঞ্চলটোক মূল ভূখণ্ডৰ পৰা পৃথক কৰি ভাৰতৰ কৌশলগত সুবিধাক লাভান্বিত কৰে । যাৰ ফলত ই সম্ভাৱ্য নিৰাপত্তা ভাবুকিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে ।

শৰণাৰ্থীৰ বিপদাশংকা

বাংলাদেশৰ সৈতে থকা সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ তীব্ৰ আশংকা আছে । ভাৰতত শৰণাৰ্থীৰ মৰ্যাদা আৰু ৰাজনৈতিক আশ্ৰয় বিচৰা হাছিনাৰ অনুগামীসকলৰ লগতে বিশেষকৈ সংখ্যালঘু হিন্দুসকলে নতুন চৰকাৰৰ অধীনত অসুৰক্ষিত অনুভৱ কৰিব পাৰে । ই স্থানীয় ৰাজনীতি আৰু নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । বাংলাদেশৰ অস্থিৰতাৰ প্ৰতিক্ৰিয়া স্বৰূপে মেঘালয়ে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নৈশ সান্ধ্যআইন জাৰি কৰিছে আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) অকৰ্তৃত্বশীলভাৱে সীমান্ত পাৰ হোৱাটো প্ৰতিহত কৰিবলৈ সীমান্তত ইয়াৰ সতৰ্কতা বৃদ্ধি কৰিছে ।

লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী - Indian Students in Bangladesh

সন্ত্ৰাসবাদ

সন্ত্ৰাসবাদ-বিৰোধী সহযোগিতা হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ দিশ । কিয়নো ভৌগোলিকভাৱে অতি সুবিধাজনক উত্তৰ-পূৰ্বাঞ্চলক ব্যৱহাৰ কৰি বাংলাদেশত ভাৰতবিদ্বেষী সন্ত্ৰাসবাদী গোটবোৰে কাম কৰি আছে । ইয়াৰ উপৰি ভাৰতে পাকিস্তানস্থিত গোটবোৰৰ পৰাও সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদৰ সন্মুখীন হৈছে । আনহাতে, এই গোটবোৰে বাংলাদেশক ভাৰতলৈ প্ৰৱেশ পথ হিচাপে ব্যৱহাৰ কৰে । হাছিনাৰ শাসনে সন্ত্ৰাসবাদৰ প্ৰতি ‘‘শূন্য সহনশীলতা’’ নীতি ৰূপায়ণ কৰিছিল আৰু ভাৰত-বিৰোধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছিল ।

ঢাকাই চোৰাংচোৱা আদান-প্ৰদানৰ ক্ষেত্ৰত নতুন দিল্লীৰ সৈতে ঘনিষ্ঠ সহযোগিতা বজাই ৰাখিছিল আৰু ২০১৩ চনত ভাৰতৰ সৈতে প্ৰত্যৰ্পণ চুক্তিত স্বাক্ষৰ কৰিছিল । বহু সময়ত বাংলাদেশে আলফা সদস্যসকলক গ্ৰেপ্তাৰ কৰি ভাৰতক হস্তান্তৰ কৰিছে ।

খালেদা জিয়াৰ শাসনকালত (১৯৯১-১৯৯৬ আৰু ২০০১-২০০৬) বাংলাদেশে পাকিস্তানক সমৰ্থন কৰিছিল আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত বাংলাদেশৰ মাজেৰে আক্ৰমণ বা পলায়ন কৰিবলৈ ইণ্টাৰ-ছাৰ্ভিচ ইণ্টিলিজেন্সে (আই এছ আই) পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী গোটসমূহক সহায় কৰিছিল ।

আনহাতে, বি এন পি-জে ই মিত্ৰজোঁট চৰকাৰে আলফা, এন এছ চি এন আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চৰ (এ টি টি এফ) দৰে উত্তৰ-পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদী গোটসমূহক অস্ত্ৰ সৰবৰাহ, বিত্তীয় সহায়, কাৰিকৰী সহায় প্ৰেৰণ কৰাৰ জৰিয়তে সহায় কৰিবলৈ আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ বাবে বিদ্ৰোহীসকলক ঢাকাৰ পৰা পাকিস্তানলৈ যাবলৈ সহায় কৰিবলৈ আই এছ আইক সুবিধা প্ৰদান কৰে ।

বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু আই এছ আইৰ সমৰ্থনত সম্ভাৱ্য বি এন পি-জে ই চৰকাৰে উপৰিউক্ত বিদ্ৰোহী গোট আৰু বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-জিহাদ-আল-ইছলামীৰ (হুজি) বাবে এক উৰ্বৰ ভূমি প্ৰদান কৰিব । যিয়ে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে পুনৰ একত্ৰিত হৈ আৰু সমৰ্থন লাভ কৰি উত্তৰ-পূবত সন্ত্ৰাসবাদক পুনৰুজ্জীৱিত কৰিব পাৰে ।

তদুপৰি, খালেদা জিয়াৰ পুত্ৰ তাৰেকৰ আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু আলফাৰ মুৰব্বী পৰেশ বৰুৱা আৰু ডাউদ ইব্ৰাহিমকে ধৰি সন্ত্ৰাসবাদীসকলে নিশ্চিতভাৱে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে বিপদৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক :ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

বংগোপসাগৰ

আফ্ৰিকাৰ পৰা ইণ্ডোনেছিয়ালৈকে ভাৰত মহাসাগৰ অঞ্চলত বিস্তৃত বংগোপসাগৰৰ শীৰ্ষত অৱস্থিত বাংলাদেশ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ । ই ভাৰত মহাসাগৰক দক্ষিণ চীন সাগৰৰ সৈতে সংযোগ কৰা বিশ্বৰ অন্যতম মুখ্য সামুদ্ৰিক ক্ষেত্ৰ মালাক্কা প্ৰণালীৰ ওচৰত থকাৰ বাবে নতুন দিল্লীৰ প্ৰাথমিক স্বাৰ্থ নিশ্চিত কৰাৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ।

সেই অনুসৰি বৰ্তমান এইটো নতুন দিল্লীৰ সৰ্বাধিক চিন্তাৰ বিষয় যে বংগোপসাগৰত ভাৰতৰ নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ আৰু অঞ্চলটোত চীনৰ বৰ্ধিত আৰু আক্ৰমণাত্মক উপস্থিতি বিফল কৰিবলৈ লগতে ভাৰতৰ আধিপত্য নিশ্চিত কৰিবলৈ ঢাকাৰ সৈতে ঘনিষ্ঠ সহযোগিতা বজাই ৰাখিব লাগিব ।

বৰ্তমানৰ সংকট অব্যাহত থকা আৰু যদি সম্ভাৱ্য খালেদা জিয়া চৰকাৰৰ অধীনত বাংলাদেশৰ সৈতে সম্পৰ্ক অধিক বেয়া হয়, তেন্তে ভাৰতে বংগোপসাগৰত নিজৰ নিয়ন্ত্ৰণ হেৰুৱাব পাৰে । কিয়নো চীনে নতুন শাসকীয় পক্ষক অৰ্থনৈতিক আৰু সামৰিক সমৰ্থন আগবঢ়াই বংগোপসাগৰত খোপনি পোতাৰ বাবে ভাৰতৰ কৌশলগত স্থিতি হ্ৰাস কৰিবলৈ আৰু নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ এই সংকটৰ সুযোগ ল'ব ।

বাংলাদেশৰ অস্থিৰতাই জলবায়ু সুৰক্ষা, মানৱ সৰবৰাহ, অস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায় আৰু লগতে বিমষ্টেক (বহুক্ষেত্ৰীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বংগোপসাগৰীয় উদ্যোগ, BIMSTEC) কাৰ্যসূচীৰ দৰে প্ৰত্যাহ্বানত লিপ্ত হ'বলৈ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ মাজত সহযোগিতা আৰু সমন্বয় প্ৰয়োগ কৰাত ভাৰত আৰু বাংলাদেশক বাধা দিব পাৰে ।

লগতে পঢ়ক :বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ - Bangladesh violence

সামৰিক সহযোগিতা

ভাৰতে বাংলাদেশৰ সৈতে দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিছে আৰু এইটো নিশ্চিত কৰিছে যে ইয়াক চীনৰ প্ৰভাৱ ক্ষেত্ৰলৈ লৈ যোৱা নহয় । নতুন দিল্লী আৰু ঢাকা দুয়ো চৰকাৰে যুটীয়া সামৰিক অনুশীলন 'সম্প্ৰীতি', প্ৰশিক্ষণ কাৰ্যসূচী, চিকিৎসা সহায় আৰু ভাৰতৰ দ্বাৰা সামৰিক সঁজুলি যোগানৰ সৈতে জড়িত ।

বাংলাদেশে প্ৰতিৰক্ষা হাৰ্ডৱেৰ, উপকূলৰক্ষী বাহিনীৰ পেট্ৰোলিং নাও, যোগাযোগ সঁজুলি ক্ৰয়ৰ বাবে ৫০০ নিযুত ডলাৰৰ ঋণৰ অধীনত ভাৰতৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল আৰু লগতে ইয়াৰ ৰাছিয়ান মূলৰ মিগ-২৯ আৰু এম আই-১৭ হেলিকপ্টাৰৰ তত্ত্বাৱধানৰ বাবে অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰাৰ বাবেও আলোচনা চলি আছিল ।

বাংলাদেশৰ বৰ্তমানৰ অস্থিৰতা সামৰিক সহযোগিতাৰ ভৱিষ্যতৰ বাবে এক বাধা, যিটো বেইজিঙৰ প্ৰতিৰোধ হিচাপে এটা সময়ৰ পৰা ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছে । আনহাতে, এনেকুৱা এটাও লাগিছে যে আমেৰিকা, পাকিস্তান আৰু চীনৰ বাংলাদেশৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আৰু বি এন পি-জে ইৰ নেতৃত্বত ভাৰত-বিৰোধী শাসন স্থাপনৰ জঘন্য পৰিকল্পনা আছে ।

অতীজতো এই দেশকেইখনে শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাৰ পিচত খন্দকাৰ মোস্তাক আহমদৰ নেতৃত্বত ভাৰত-বিৰোধী শাসন স্থাপন কৰি এনে পদক্ষেপ গ্ৰহণ কৰিছিল । বৰ্তমান শ্বেখ হাছিনাৰ আমেৰিকান ভিছা বাতিল কৰাৰ দ্বাৰা আমেৰিকাৰ অশুভ অভিপ্ৰায় উন্মোচিত হয় ।

লগতে পঢ়ক :আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis

সকলোতকৈ শীৰ্ষত, চীনৰ ৰাষ্ট্ৰীয় সুৰক্ষা মন্ত্ৰণালয়ৰ আই এছ আইৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত জে ই আই, ইছলামী ছত্ৰ শিবিৰৰ (আই চি এছ) ছাত্ৰ শাখাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰিৰ লগতে মানিব নোখোজা কোটা ব্যৱস্থাৰ শান্তিপূৰ্ণ প্ৰতিবাদক হিংসাত্মক কাৰ্যলৈ পৰিৱৰ্তন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । যাৰ ফলত আৱামী লীগৰ নেতা, অভিনেতা সন্তো আৰু তেওঁৰ পিতৃৰ নিৰ্মম হত্যাকাণ্ডৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে ।

লোকশিল্পী ৰাহুল আনন্দোৰ বাসগৃহ জ্বলাই দিয়া আৰু হিন্দুসকলক আক্ৰমণ কৰাৰ দৰে ঘটনাও এই অন্তৰ্নিহিত উদ্দেশ্যত আছে । কিন্তু এই মুহূৰ্তত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰতৰ প্ৰাথমিক আৰু মুখ্য নীতি হৈছে ভাৰতৰ 'এক্ট ইষ্ট পলিচি'ৰ (পূবলৈ চোৱাৰ নীতি) এক মুখ্য অংশীদাৰ আৰু বিমষ্টেকৰ এক নিৰ্ভৰযোগ্য সহযোগী বাংলাদেশ যাতে মৌলবাদী ইছলামিক ৰাষ্ট্ৰ নহয় ।

তাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীৰ প্ৰথম আৰু মুখ্য পদক্ষেপ হৈছে আগন্তুক চৰকাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে দ্ৰুতগতিত আগবাঢ়ি যোৱা আৰু দক্ষিণ এছিয়াত স্থিৰতা আৰু সহযোগিতাৰ বাবে আমেৰিকা আৰু ব্ৰিটেইনক জড়িত কৰিবলৈ কূটনৈতিক মাধ্যমসমূহ ব্যৱহাৰ কৰিব লাগিব ।

লক্ষণীয়ভাৱে হাছিনাৰ কট্টৰ সমৰ্থনৰ বাবে বাংলাদেশত ব্যাপকভাৱে চলি থকা ভাৰত-বিৰোধী ভাবনাক নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তাৱবোৰক ই ৰক্ষা কৰিব লাগিব আৰু সৌহাৰ্দপূৰ্ণ সম্পৰ্কৰ বাবে বি এন পিৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিব লাগিব, যিটো এক কঠিন কাম । এনে এক অনিবাৰ্য পৰিস্থিতিত যদি নতুন চৰকাৰে ভাৰত-বিৰোধী দৃষ্টিভংগী অব্যাহত ৰাখে, তেন্তে ভাৰতে ৰ'ৰ (RAW) 'অপাৰেচন ফেয়াৰৱেল'ৰ দৰে এক পদক্ষেপ বিবেচনা কৰিব লাগিব ।

উল্লেখ্য যে এই অভিযানত আই এছ আইপন্থীয়ে চি আই এ সমৰ্থক এৰশাদ শাসনৰ (1983-1990) বিৰুদ্ধে এক বিদ্ৰোহৰ সূচনা কৰিছিল আৰু এখন নিৰপেক্ষ চৰকাৰৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল ।

লগতে পঢ়ক :বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.