ETV Bharat / opinion

জম্মু-কাশ্মীৰৰ নিৰ্বাচন আৰু কিছু প্ৰাসংগিক চিন্তা - Jammu Kashmir Elections 2024

author img

By Major General Harsha Kakar

Published : Aug 21, 2024, 4:42 PM IST

Jammu-Kashmir Assembly Elections 2024 : ১৮ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ'ব । আনহাতে, ভোটগণনা অনুষ্ঠিত হ'ব ৪ অক্টোবৰত । জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ সবিশেষ সামৰি মেজৰ জেনেৰেল হৰ্ষ কক্কড়ৰ এক বিশেষ প্ৰতিবেদন ।

Jammu-Kashmir Assembly Elections 2024
ভোটদাতাৰ ফাইল ফটো (AP Photo)

বিশেষ প্ৰতিবেদন, ২১ আগষ্ট : বহু প্ৰতীক্ষিত জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ দিন ছেপ্টেম্বৰ মাহত তিনিটা পৰ্যায়ত ঘোষণা কৰাৰ লগে লগে সকলো ৰাজনৈতিক দলে আদৰণি জনাইছে । এইটোও আশা কৰা হৈছে যে নিৰ্বাচনৰ পিছতে জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাটো সম্ভৱ হ'ব । আনহাতে, এই ঘোষণাৰ লগে লগে অঞ্চলটোত প্ৰায় এক দশক ধৰি নিষ্ক্ৰিয় হৈ থকা এক ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ হৈছে । উল্লেখ্য, শেহতীয়া লোকসভা নিৰ্বাচনত অঞ্চলটোত 55% তকৈও অধিক ভোটদান হৈছিল । লগতে কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাটোৱে নিৰ্বাচন আয়োগক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে তেওঁৰ মন্তব্যত উল্লেখ কৰে, "জম্মু-কাশ্মীৰৰ লোকসকলে বুলেট আৰু বৰ্জনৰ পৰিৱৰ্তে (শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত) বেলট বাছনি কৰিছিল । ২০১৯ চনতকৈ নিৰ্বাচনৰ অংশগ্রহণত ৩০ পইণ্ট জপিয়াই উপত্যকাটো এক নতুন শিখৰত আৰোহণ কৰিছে ।" আনহাতে, বিগত জুন মাহত তেওঁ অঞ্চলটো ভ্ৰমণ কৰাৰ সময়ত অঞ্চলটোত অতি সোনকালে নিৰ্বাচন পৰিচালনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ইফালে উচ্চতম ন্যায়ালয়েও এইটো নিৰ্দেশ দিছিল যে জম্মু-কাশ্মীৰত নিৰ্বাচন ৩০ ছেপ্টেম্বৰৰ পূৰ্বে অনুষ্ঠিত হ'ব লাগিব ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন: তাৎপৰ্যপূৰ্ণভৱে বৃদ্ধি মহিলা আৰু নতুন ভোটাৰৰ সংখ্যা - Jammu Kashmir Elections 2024

উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতি পৰাজিত হৈছিল । আনহাতে, কাৰাগাৰত বন্দী প্ৰাৰ্থী ইঞ্জিনিয়াৰ ৰছিদৰ বিজয়ে এইটো প্ৰদৰ্শন কৰিছিল যে ৰাইজে পৰম্পৰাগত ৰাজনৈতিক দলবোৰক প্ৰত্যাখ্যান কৰিছে । উল্লেখ্য যে ৰছিদৰ অনুপস্থিতিত তেওঁৰ সন্তানে নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও সেয়া একেবাৰে নিষ্প্ৰভ আছিল । ইয়াৰ উপৰি ইয়াৰ দ্বাৰা এইটোও জনায় যে চৰকাৰে জনসাধাৰণৰ ইচ্ছাক সন্মান কৰে, যিটো জনসাধাৰণৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা ।

Jammu-Kashmir Assembly Elections 2024
নিশাৰ কাশ্মীৰৰ এটা দৃশ্য (AP Photo)

অৱশ্যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰা বৰ্তমানলৈকে এই সময়ছোৱাত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে । মুখ্যত জম্মু বেল্টৰ পীৰ পাঞ্জালৰ দক্ষিণে এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে । একেসময়তে অমৰনাথ আৰু মাচাইল মাতা যাত্ৰাসমূহতো অধিক সুৰক্ষা অব্যাহত ৰাখিছে । নিৰ্বাচনত জনসাধাৰণৰ ইচ্ছাকৃত অংশগ্ৰহণ আৰু অতি উচ্চ হাৰৰ ভোটদানে ৰাজ্যখনত শেনদৃষ্টি থকা পাকিস্তানক বিচলিত কৰি তুলিছে । কিয়নো ই এটা বাৰ্তা প্ৰেৰণ কৰিছে যে কাশ্মীৰক ভাৰত-বিৰোধী কৰাৰ তেওঁলোকৰ যি কাৰ্যসূচী আছিল সেয়া এতিয়া ইতিহাস ।

আনহাতে, বহুতে বিশ্বাস কৰিছিল যে বৰ্ধিত সন্ত্ৰাসবাদী কাৰ্যকলাপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুকূল নহয় । প্ৰাক্তন সেনা প্ৰধান জেনেৰেল বেদ মালিকে উল্লেখ কৰিছিল, "ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ নহ'ব । কাশ্মীৰত সুযোগ উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ক । জম্মুত কেইটামান সন্ত্ৰাসবাদীৰ সফলতাই উপত্যকাটোত অধিক সন্ত্ৰাসবাদ সৃষ্টি কৰিব পাৰে । ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত বিধানসভা নিৰ্বাচনতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ল জম্মু-কাশ্মীৰৰ নিৰাপত্তা নিশ্চিত কৰা, নিৰ্বাচন এবছৰ পিছুৱাই দিয়ক ।"

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন : ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক - Election Commission of India

জেনেৰেল মালিকৰ মতামতে এক প্ৰতিৰক্ষামূলক দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে আৰু এক ভুল বাৰ্তা প্ৰেৰণ কৰে যে ভাৰত চৰকাৰৰ সিদ্ধান্তবোৰ পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে । ৰাজনৈতিক দলসমূহেও ইয়াৰ ওপৰত বিৰূপ মন্তব্য কৰে । বিশেষকৈ যিসকলে অনুভৱ কৰে যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে নিৰ্বাচনী কাৰ্য পিছুৱাব নালাগে ।

বিশ্বৰ দৃষ্টিত লোকসভা নিৰ্বাচনত উচ্চ হাৰৰ ভোটদান আৰু শান্তিপূৰ্ণ আচৰণে পূৰ্বৰ নিৰ্বাচনবোৰত একক অংকৰ ভোটদান, হিংসা আৰু প্ৰতিবাদৰ স্মৃতি মচি পেলাইছে । লগতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্তকো সমৰ্থন কৰিছে । যদিও এতিয়াও কিছুমানে ধৰ্মীয় ভিত্তিত পাকিস্তানক পছন্দ কৰে, কিন্তু সংখ্যাগৰিষ্ঠ লোকে কেন্দ্ৰীয় আঁচনিৰ পৰা লাভান্বিত হৈছে আৰু লগতে অনুচ্ছেদ ৩৭০ বাতিলৰ পিচত উন্নয়নৰ প্ৰবাহ হৈছে ।

Jammu-Kashmir Assembly Elections 2024
শ্ৰীনগৰ আৰু কাশ্মীৰত জনতাৰ সমাগম (AP Photo)

শৈক্ষিক আৰু চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিনিয়োগে উপত্যকাটোৰ চৰিত্ৰ সলনি কৰি আছে । অভিলেখসংখ্যক পৰ্যটকৰ আগমনৰ লগে লগে অৰ্থনীতি বৃদ্ধি পাইছে । এইবোৰ প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ ইতিবাচক সূচক । শিলগুটি নিক্ষেপ আৰু প্ৰতিবাদ এতিয়া ইতিহাস ।

ইয়াৰ বিপৰীতে পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদ আৰু হিংসা এক দৈনিক ঘটনা । স্বাধীনতা দিৱস কাশ্মীৰে অতি উৎসাহেৰে উদযাপন কৰাৰ সময়ত পি অ' কেৰ পৰা বৰ্জনৰ আহ্বান জনোৱা হৈছিল । অঞ্চলটোৰ লোকসকলে এতিয়া ইছলামাবাদৰ প্ৰতি অসন্তুষ্ট হৈ ভাৰতৰ সৈতে একত্ৰীকৰণৰ দাবী জনাইছে । ই কেৱল এইটোকে আলোকপাত কৰে যে কাশ্মীৰক বিতৰ্কিত কৰা সন্দৰ্ভত পাকিস্তানৰ চক্ৰান্ত সমাপ্ত হৈছে ।

ইউ এন এছ চিৰ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি কাশ্মীৰ সমস্যা সমাধানৰ দাবী কৰা এক অদ্ভূত ৰাষ্ট্ৰ হৈছে পাকিস্তান । ইয়াৰ উপৰি এই যুক্তি শুনিবলৈও কোনো নাই । পাকিস্তানে এতিয়া অঞ্চলটোত সন্ত্ৰাসবাদক পুনৰ সক্ৰিয় কৰাৰ বাবে তীব্ৰভাৱে কাম কৰি আছে । লগতে এইটোও প্ৰক্ষেপ কৰিছে যে নিহতসকল সন্ত্ৰাসবাদী নহয় ।

Jammu-Kashmir Assembly Elections 2024
শ্ৰীনগৰত ভাৰতীয় সেনাৰ পহৰা (AP Photo)
লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছে পাকিস্তানী সেনাৰ এছএছজি কমাণ্ডো ! - Former DGP on terrorist attack

বিগত সপ্তাহত একাধিক সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ পিচত পাক বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰই উল্লেখ কৰিছিল, "আমি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক জম্মু-কাশ্মীৰত ভয়ংকৰ মানৱ অধিকাৰ উলংঘনৰ বাবে ভাৰতক জবাবদিহি কৰিবলৈ আৰু কাশ্মীৰী জনসাধাৰণৰ অধিকাৰ আৰু স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ ।" কিন্তু স্পষ্টৰূপত কোনেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

এইটো এটা হেৰুওৱাৰ ভয় থকা আখ্যান, যিয়ে পাকিস্তানক কম নিৰাপত্তা ব্যৱস্থা থকা অঞ্চলবোৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ বাধ্য কৰাইছে । নিৰাপত্তা বাহিনীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে সন্ত্ৰাসবাদ হ্ৰাস পাব । ভাৰতীয় সুৰক্ষা বাহিনী তাত বিৰাজ কৰিব । অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীৰ উভতি যোৱাৰ কোনো বিকল্প নাই । তেওঁলোকক হত্যা কৰাৰ পূৰ্বে যিমান পাৰে সিমান সময় জীয়াই থাকিবলৈ চেষ্টা কৰিব ।

নিৰ্বাচন আয়োগে তাৰিখ ঘোষণা কৰাৰ পূৰ্বে নিৰাপত্তা পৰিস্থিতি পৰীক্ষা কৰাৰ লগতে প্ৰাসঙ্গিক সংস্থাবোৰৰ পৰা তথ্য নিশ্চয় সংগ্ৰহ কৰিছে । নিৰাপত্তা সংস্থাসমূহৰ আত্মবিশ্বাসে এই সিদ্ধান্তটোত নিশ্চয় প্ৰভাৱ পেলাইছে । ভোটদান প্ৰক্ৰিয়াৰ বাবে কটকটীয়া নিৰাপত্তা প্ৰদান কৰাৰ বাবে অতিৰিক্ত বাহিনী অন্তৰ্ভুক্ত কৰা হ'ব । আনহাতে, বৰ্তমানৰ বাহিনী নিয়োগে পৰিৱেশটো পৰিচালনা কৰিব, ভোটাৰসকলৰ মাজত আস্থা গঢ়ি তুলিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটো বাধাহীনভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হ'ব ।

যদিও সুৰক্ষা বাহিনীয়ে আভ্যন্তৰীণ পৰিৱেশ নিয়ন্ত্ৰণ কৰিব, কিন্তু চিন্তাৰ বিষয় হৈ থাকিবলগা বিষয়টো হ'ল সীমান্তৰ সিপাৰৰ পৰা প্ৰবাহিত হোৱা ভুল তথ্য । পাকিস্তান আৰু চীনে কেৱল বিসংগতি সৃষ্টি কৰা আৰু উপত্যকাটোত সামাজিক গাঁথনি ভংগ কৰাৰ দিশত নিৰ্দেশিত প্ৰতিষ্ঠান স্থাপন কৰিছে । এইবোৰ প্ৰতিৰোধ কৰিব লাগিব । নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে স্পষ্টৰূপত বিদ্বেষপূৰ্ণ পোষ্টৰ প্ৰবাহ বহুগুণে বৃদ্ধি পাব । একেসময়তে অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ এল অ' চিত নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে, যিটো নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ঘটিব লাগিব ।

Jammu-Kashmir Assembly Elections 2024
কাশ্মীৰৰ পথৰ এক দৃশ্য (AP Photo)

লোকসভা নিৰ্বাচনত স্পষ্ট হোৱাৰ দৰে চৰকাৰে জনসাধাৰণৰ ৰায় গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে । যাৰ ফলত স্থানীয় লোকৰ আত্মবিশ্বাস আৰু অংশগ্ৰহণৰ আকাংক্ষা বৃদ্ধি পাইছে । তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সঠিক পৰিৱেশ সৃষ্টি কৰাটো অত্যাৱশ্যকীয় । ইয়াৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ লগতে কেন্দ্ৰৰ সকলো সংস্থাই একেলগে কাম কৰিব লাগিব ।

(ঘোষণা : নিবন্ধটোত প্ৰকাশিত মতামতবোৰ লেখকৰ সম্পূৰ্ণ নিজা । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ: দুজন জোৱান শ্বহীদ, আহত দুই নাগৰিক - Anantnag Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.