সময়ৰ লগে লগে পুৰণি কাপোৰবোৰৰ উজ্বলতা আৰু ৰং নোহোৱা হ’বলৈ ধৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াক আপুনি পেলাই দিব । যদি আপোনাৰ প্ৰিয় ডাৰ্ক চাৰ্ট বা পেণ্টৰ ৰং সলনি হৈ গৈছে তেন্তে ঘৰতে কিছুমান পদ্ধতিৰ সহায়ত সহজেই পুনৰ আপুনি সেই পুৰণি কাপোৰ পৰিধানযোগ্য কৰি তুলিব পাৰে ।
পুৰণি কাপোৰত আমি ডাই কৰি আকৌ নতুন কৰিব পাৰো ৷ নতুনকৈ ৰং দিয়া বা ডাই কৰিলে কেৱল আপোনাৰ টকা ৰাহি হোৱাই নহয়, ই এক সৃষ্টিশীল প্ৰক্ৰিয়াও । সেয়ে ঘৰতে কাপোৰ ডাই কৰাৰ সঠিক উপায় আজি এই প্ৰতিবেদনৰ জৰিয়তে শিকি লওক, যাৰ দ্বাৰা আপুনি পুৰণি কাপোৰবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে যাতে আপুনি বজাৰলৈ গৈ পুনৰ হাজাৰ হাজাৰ টকা খৰচ কৰি কাপোৰ ক্ৰয় কৰাৰ প্ৰয়োজন নহয় ।

- বস্ত্ৰ ৰং: ইয়াক পাউদাৰ আৰু তৰল দুয়োটা ৰূপতে বজাৰত পোৱা যায় ।
- পানী: ৰংটো দ্ৰৱীভূত কৰিবলৈ এইটো প্ৰয়োজনীয় ।
- ভিনেগাৰ বা নিমখ: ৰং ঠিক কৰিবলৈ যাতে পিচত সহজে ওলাই নাযায় ।
- ডাঙৰ বাল্টি বা ষ্টীলৰ পাত্ৰ: ৰং মিহলি কৰা আৰু কাপোৰ ডুবাই ৰখাৰ বাবে ।
- ৰবৰৰ গ্লভছ: হাতক ৰঙৰ পৰা ৰক্ষা কৰিবলৈ ।
- চেপেনা বা কাঠৰ লাঠি: দ্ৰৱত কাপোৰবোৰ লৰচৰ কৰিবলৈ ।
ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়া
১) কাপোৰ প্ৰস্তুত কৰা
কাপোৰবোৰ ভালদৰে ধুই লওক, যাতে তাৰ ওপৰত থকা মলি আৰু তেল আঁতৰি যায় । যদি কাপোৰবোৰ তিতি থাকে তেন্তে লাহে লাহে চেপি আঁতৰাই ৰাখক ।
২) ডাই দ্ৰৱ প্ৰস্তুত কৰা
বাল্টি বা এটা পাত্ৰত পৰ্যাপ্ত পৰিমাণে গৰম পানী লৈ লওক । তাত কাপোৰৰ ৰং মিহলাই লওক । গুড়ি ৰং থাকিলে ভালদৰে দ্ৰৱীভূত কৰক যাতে কোনো গোট নাথাকে ।

৩) ভিনেগাৰ বা নিমখ দিব
ডাই পেকেটত যদি কোনো নিৰ্দেশনা দিয়া হৈছে তেন্তে সেইবোৰ মানি চলক। সাধাৰণতে ১-২ চামুচ নিমখ বা ভিনেগাৰ দিলে ৰংটো ভালকৈ চেট হয়।
৪) কাপোৰবোৰ ৰঙত থৈ দিয়ক
তিতা কাপোৰবোৰ ডাই দ্ৰৱত ডুবাই চেপেনাৰ সহায়ত লৰাই থাকক যাতে ৰং খিনি কাপোৰখনত সমানে লাগি ধৰে । কাপোৰখন দ্ৰৱত ৩০-৬০ মিনিট ৰখাটো জৰুৰী ।
৫) ৰং স্থায়ী কৰক
কাপোৰখন উলিয়াই ঠাণ্ডা পানীৰে পৰিষ্কাৰ নোহোৱালৈকে ধুই লওক । ইয়াৰ পিচত মৃদু ডিটাৰজেণ্টেৰে ধুই ৰ’দত শুকুৱাই ল’ওক ।
এইবোৰৰ যত্ন লওক

- পাতল আৰু গাঢ় ৰং পৃথকে পৃথকে ডাই কৰক ।
- কৃত্ৰিম ৰং যিকোনো কাপোৰতে ব্যৱহাৰ কৰাত অসুবিধা হ’ব পাৰে, গতিকে কেৱল কপাহী বা লিনেনজাতীয় কাপোৰহে ডাই কৰাৰ চেষ্টা কৰক ।
- বাল্টি বা পাত্ৰটো কেৱল ৰং কৰাৰ বাবে ব্যৱহাৰ কৰক ।
- এতিয়া আপোনাৰ পুৰণি চাৰ্ট বা পেণ্ট একেবাৰে নতুন দেখা যাব, অলপ সময় আৰু কষ্টৰ পিচত আপুনি আপোনাৰ কাপোৰক নতুন জীৱন দিব পাৰিব ।