মেষ ৰাশি: যাত্ৰাৰ বাবে এটা সৌভাগ্যশীল দিন ৷ কোনো ব্যৱসায়িক সহযোগীক ধাৰ দিয়া থাকিলে, আজি পৰিশোধ লাভ কৰিব ৷ আপোনাৰ বৰ্দ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভাণ্বিত হ’ব পাৰে ৷ ঘৰত আপুনি এটা আনন্দদায়ক উদ্যাপন বা পিকনিকৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ সংগীৰ স্বাস্থ্যৰ চিন্তাই আপোনাৰ সময় আৰু মন আৱৰি থাকিব পাৰে ৷
বৃষ ৰাশি: এটা অতি বিভ্ৰান্তিকৰ দিন ৷ কোনো মূহুৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিছে, পিছ মূহুৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দীৰ বাবে বিৰক্তি অনুভৱ কৰিব ৷ তৰ্কত লিপ্ত হ’ব পাৰে ৷ শান্ত হওক ৷ কোনো মধুৰ কিন্তু মন বিচলিত কৰা সংগীত শুনক ৷ কথাসমূহ দেখা পোৱাৰ দৰে বেয়া নহয় ৷ সূৰ্য্যাস্তৰ পিচত সকলো ঠিক হৈ পৰিব আৰু ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য বিষয়টো সুখ লাভ কৰিব ৷
মিথুন ৰাশি: শান্ত হৈ থাকিবলৈ চেষ্টা কৰক; নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকক ৷ কাম বা চাপযুক্ত যাত্ৰাৰ পৰা বিৰতি লওক আৰু স্বাস্থ্য তথা পুষ্টিৰ যত্ন লওক ৷ আপোনাৰ শৰীৰক পুষ্টিৰ যোগান ধৰাটো আপোনাৰ কৰ্তব্য ৷ অন্যথা বেমাৰী স্বাস্থ্য, অমনোযোগিতা, অসাৱধানতাৰ বাবে দুৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকে ৷ ব্যয় বৃদ্ধি পাব পাৰে, সতৰ্ক হওক ৷ আবেলি, নিজকে অধ্যয়ন, সৃজনশীল কাৰ্য, প্ৰসাধন আদিত ব্যস্ত হ’ব পাৰে ৷ সাধাৰণ কথাত, চাপ মুক্ত হওক আৰু আনন্দ লাভ কৰক ৷ কনিষ্ঠসকলৰ অপ্ৰত্যাশিত প্ৰ্শ্নই অপোনাক বিৰক্ত কৰিব পাৰে ৷
কৰ্কট ৰাশি: ভোজ, সুস্বাদ্যু আহাৰ, উদ্যাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথাবতৰাই আপোনাক সম্পূৰ্ণ দিন ব্যস্ত ৰাখিব ৷ আপুনি আনন্দ উপভোগ কৰিব আৰু নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ নিজৰ ক্ৰোধক আজি নিয়ন্ত্ৰণত ৰাখক ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷ ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
সিংহ ৰাশি: আপোনাৰ ব্যৱসায় বা সহযোগীসকলৰ বৃত্ত সম্প্ৰসাৰণ কৰিবৰ বাবে বিবেচনা কৰিব পাৰে ৷ ধন অৰ্জনৰ বাবে সৌভাগ্যশীল সময় ৷ আজি ব্যয় কৰা ধন, উপযুক্তভাৱে ব্যয় হ’ব আৰু আপুনি আনন্দিত অনুভৱ কৰিব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক; কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক ৷ অংশীদাৰ বা ব্যৱসায়িক সহযোগীৰ পৰা বিভক্ত অনুভৱ কৰিব পাৰে বা বিনিয়োগ সংক্ৰান্তীয় কোনো অনিশ্চিত সমস্যা, মূলধন বা নতুন প্ৰকল্প সম্পৰ্কে কোনো সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷
কন্যা ৰাশি: এটা শুভ দিন ৷ আপুনি নিজৰ বাবে বা কোনো সম্পৰ্কীয় লোকৰ বিয়াৰ বাবে বজাৰ কৰিবলৈ যাব পাৰে ৷ সুখী অনুভৱ কৰিব ৷ সহজেই ধন অৰ্জন কৰিব, ব্যৱসায়ৰ বাবেও অতি ফলদায়ক দিন ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা পোৱা সহযোগীতাই কাম অধিক সহজ কৰি তুলিব ৷ পৰিয়াল বা সম্পৰ্কৰ দিশটো সকলো ভালদৰে পাৰ হ’ব ৷ স্বাস্থ্যও ভালে থাকিব ৷
তুলা ৰাশি: ক্লান্তি আৰু মানসিক শান্তি আৰু স্পষ্টতা অনুপস্থিতিৰ বাবে আজিৰ দিনটো কঠিন হ’বপাৰে ৷ দীৰ্ঘদিনৰ পৰা গোটাই ৰখা চাপৰ পৰিণাম পাব পাৰে ৷ ‘ভাল চাপ’ বুলা কোনো বস্তু নাই তাৰ অনুভৱ কৰিব পাৰে ৷ ধীৰ গতি ধাৰণ কৰক আৰু নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ আগতেই পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা কৰক ৷ সামাজিক জীৱনত, আপুনি গম নোপোৱাকৈয়ে এটা অপ্ৰীতিৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ দুপৰীয়ালৈকে সকলো ঠিক হৈ যাব ৷ শিল্প আৰু সৃজনশীল কামত নিজকে জড়িত কৰি ৰাখক ৷
বৃশ্চিক ৰাশি: বহুদিনীয়া মামলা-মোকৰ্দমা বা সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷ সকলো স্পষ্ট হ’বআৰু সমাপ্ত হ’বযেন অনুমান হয় ৷ ঘৰত চলি থকা বিৰক্তিকৰ সমস্যা বা কিছুমান উত্তৰহীন প্ৰশ্নৰো অন্ত পৰিব ৷ সকলো ব্যৱসায়ৰ বাবে এটা শুভ দিন ৷ প্ৰতিদ্বন্দীৰ ওপৰত জয় সাব্যস্ত কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন কৰে ৷ দিনটোৰ অন্তিমভাগত, কোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে আপুনি আঘাত অনুভৱ কৰিব পাৰে, অপমান বোধ হ’বপাৰে বা ধনৰ ক্ষতি হ’ব পাৰে ৷ সচেতন হওক ৷ আপোনাৰ টোপনী বা খোৱাত প্ৰতিবন্ধতাৰ সৃষ্টি হ’বপাৰে ৷ যত্ন লওক!
ধনু ৰাশি: শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ আপোনাৰ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাক সহায় কৰিব ৷ আপোনাৰ শ্ৰেষ্ঠতা প্ৰদান কৰক, ফলাফল আশাপ্ৰদ হ’ব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব ৷ দুপৰীয়াৰ পিছত অধিক উন্নত হ’ব ৷ আবেলি শান্ত আৰু আৰাম অনুভৱ কৰিব ৷ আপোনাৰ বিৰোধীসকলে আপোনাক উত্তেজিত বা বিৰক্ত কৰাত বিফল হ’ব ৷ পৰিয়াল বা বন্ধুৰ সৈতে এটা শান্ত নৈশ আহাৰ গ্ৰহণ কৰক ৷
মকৰ ৰাশি: আপোনাৰ চিন্তাধাৰা বিমূৰ্ত আৰু ৰহস্যময় হ’ব ৷ দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি আপোনাৰ জিজ্ঞাসা বৃদ্ধি পাব ৷ এটা আশাবাদী সময় আৰু আপোনাৰ কাৰ্য্যক্ষেত্ৰৰো পৰিৱৰ্তন হ’বপাৰে ৷ সকলো কাম সময় মতে সম্পূৰ্ণ হ’ব, সময়সীমা পূৰণ কৰিব, আৰু বিনিয়োগত লাভ আশা কৰিব পাৰে ৷ মুঠতে, সুখ লাভ কৰিব ৷ এই ধনাত্মক শক্তিক ব্যৰ্থ যাবলৈ নিদিব ৷ বিমৰ্ষ নহ’ব; লাভলৈ চাওক আৰু পুনৰ কামত লাগক ৷ জীৱনে প্ৰদান কৰা স্বচ্ছন্দতাক উপভোগ কৰক ৷
কুম্ভ ৰাশি: এটা মিশ্ৰিত প্ৰভাৱৰ দিন ৷ নিজৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখিব ৷ ধৰ্মীয় বা আধ্যাত্মিক দিশত ব্যয় বৃদ্ধি হ’ব পাৰে ৷ আপোনাক মানসিক শান্তি প্ৰদান কৰিলে, ই এটা ভাল কথা হ’ব পাৰে ৷ আপোনাৰ সংগী বা পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব পাৰে যি আপোনাক উদাসীন কৰি তুলিব পাৰে ৷ কোনো আকস্মিক চিকিত্সাজনিত প্ৰক্ৰিয়াৰ পৰা আতঁৰি থাকক ৷ দুপৰীয়া, সমস্যাসমূহ দূৰ হ’ব ৷ মেজাজ উন্নত হ’ব, কামসমূহ সহজে সম্পন্ন হ’ব আৰু কৰ্তৃপক্ষই আপোনাৰ প্ৰশংসা কৰিব ৷
মীন ৰাশি: দিনটোৰ প্ৰথম ভাগটো সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে ৷ আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব ৷ দিনটোৰ পিছৰ ভাগত সকলো সলনি হ’ব ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’বপাৰে ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্ত্বনা পাব পাৰে ৷ ধ্যানাসন কৰক ৷