ETV Bharat / international

ৰাষ্ট্ৰপতি জাৰ্দাৰীৰ কন্যা আচিফা ভুট্টো হ'ব পাকিস্তানৰ ফাৰ্ষ্ট লেডী - Pakistan First Lady

Pakistan First Lady: পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে আচিফ জাৰ্দাৰীয়ে দেওবাৰে শপত গ্ৰহণ কৰে । জানিব পৰা মতে জাৰ্দাৰীয়ে তেওঁ কন্যা আচিফা ভুট্টো জাৰ্দাৰীক ফাৰ্ষ্ট লেডী হিচাপে স্বীকৃতি দিব । ফাৰ্ষ্ট লেডী হোৱা তেওঁ হ'ব প্ৰথমগৰাকী মহিলা যি দেশৰ ৰাষ্ট্ৰপতিৰ কন্যা ।

Pakistan First Lady
ৰাষ্ট্ৰপতি জাৰ্দাৰীৰ কন্যা আচিফা ভুট্টো হ'ব পাকিস্তানৰ ফাৰ্ষ্ট লেডী
author img

By ANI

Published : Mar 11, 2024, 6:53 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মাৰ্চ : পাকিস্তানৰ ৰাষ্ট্ৰপতি আচিফ জাৰ্দাৰীয়ে তেওঁৰ কন্যা আচিফা ভুট্টোক দেশৰ ফাৰ্ষ্ট লেডী হিচাপে আনুষ্ঠানিক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰাৰ কথা জানিব পৰা গৈছে । এগৰাকী পাকিস্তানী ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ কন্যাক ফাৰ্ষ্ট লেডী পদৰ বাবে ঘোষণা কৰিব । কিয়নো সাধাৰণতে ৰাষ্ট্ৰপতিৰ পত্নীক এই উপাধি প্ৰদান কৰা হয় ।

আচিফা ভুট্টোক ফাৰ্ষ্ট লেডীৰ সন্মানীয় পদলৈ উন্নীত কৰাৰ লগে লগে ই দেশৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত হ'ব । সূত্ৰই দাবী কৰা মতে ৰাষ্ট্ৰপতি জাৰ্দাৰীয়ে আচিফা ভুট্টোক পাকিস্তানৰ ফাৰ্ষ্ট লেডী হিচাপে ঘোষণা কৰিব ।

আনুষ্ঠানিক ঘোষণাৰ পিচত আচিফা ভুট্টো জাৰ্দাৰীক ফাৰ্ষ্ট লেডীৰ বাবে উপযুক্ত প্ৰটোকল আৰু বিশেষাধিকাৰ প্ৰদান কৰা হ'ব । এই সিদ্ধান্তটো বিশেষভাৱে লক্ষণীয় কিয়নো আচিফা ভুট্টো প্ৰথমগৰাকী মহিলা হ'বলৈ গৈ আছে, যিয়ে ৰাষ্ট্ৰপতিৰ কন্যা হৈ ফাৰ্ষ্ট লেডী উপাধি লাভ কৰিছে ।

দেওবাৰে পাকিস্তান পিপলছ পাৰ্টীৰ (পি) উপাধ্যক্ষ আচিফ জাৰ্দাৰীয়ে পাকিস্তানৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে আৰু আনুষ্ঠানিকভাৱে ঐতিহাসিক দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে ।

লক্ষণীয়ভাৱে, জাৰ্দাৰী হৈছে একমাত্ৰ অসামৰিক প্ৰাৰ্থী যি দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপ্ৰধান হিচাপে নিৰ্বাচিত হৈছে । পূৰ্বে তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ জাৰ্দাৰীয়ে শনিবাৰে ৪১১ টা নিৰ্বাচনী ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বী আৰু পশতুনখোৱা মিলি আৱামী পাৰ্টীৰ (পিকেএমএপি) মুৰব্বী মেহমুদ খান আচাকজাইক পৰাস্ত কৰে ।

জানিব পৰা মতে, জাৰ্দাৰী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৪ গৰাকী ৰাষ্ট্ৰপতিৰ ভিতৰত এজন যি ৫ বছৰীয়া সাংবিধানিক কাৰ্যকাল সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক : ছৌদি আৰবত দেখা গ’ল ৰমজানৰ অৰ্ধচন্দ্ৰ, সোমবাৰৰ পৰা আৰম্ভ ৰোজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.