ETV Bharat / international

উৎকট গৰম: অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা তাপমাত্ৰাই কাঢ়িলে 500 ৰো অধিক লোকৰ প্ৰাণ - Pakistan weather

author img

By ANI

Published : Jul 28, 2024, 9:08 AM IST

Heatwave in Karachi : প্ৰচণ্ড গৰমে প্ৰাণ কাঢ়িলে 500 ৰো অধিক লোকৰ ৷ বিদ্যুৎ উৎপাদক গোটলৈ জাননী প্ৰেৰণ কৰিলে সত্ৰ আদালতে ৷ ক’ৰ এই ঘটনা ৷ জানিবলৈ পঢ়ক বিস্তৃত প্ৰতিবেদন -

Pakistan: Over 500 dead in last month in Karachi due to severe heatwave
উৎকট গৰম: অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা তাপমাত্ৰাই কাঢ়িলে 500 ৰো অধিক লোকৰ প্ৰাণ (ETV BharatETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই: গৰমে দহিছে পাকিস্তানক ৷ বিগত মাহত দেশখনৰ ৰাজধানী কৰাচীত চৰম গৰমৰ ফলত 500 ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ARY News য়ে প্ৰকাশ কৰিছে । কৰাচীত 500 ৰ পৰা 600 নাগৰিকৰ মৃত্যুৰ পিছত সত্ৰ আদালতে বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিককে ধৰি অন্যান্য বিদ্যুৎ উৎপাদক গোট আদিলৈ জাননী জাৰি কৰিছে ।

জানিব পৰা মতে, উৎকট গৰমৰ বাবে মৃত্যু হোৱা লোকৰ বাবে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সত্ৰ আদালতত আবেদন দাখিল কৰা হয় । এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি, আবেদনকাৰীয়ে প্ৰকাশ কয়, "উৎকট গৰমৰ বাবে বিগত মাহত কৰাচীত 500 ৰ পৰা 600 লোকৰ মৃত্যু হৈছিল ৷ বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিকক ইচ্ছাকৃতভাৱে 10 ৰ পৰা 16 ঘণ্টা ধৰি বিদ্যুৎ বিচ্ছিন্ন কৰাৰ বাবে দোষাৰোপ কৰিছে ।"

আবেদনখনত তেওঁলোকে কয় যে আৰক্ষীয়ে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে । আবেদনখনত আৰু কোৱা হৈছে যে আৰক্ষীয়ে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে এছ এইচ অ’ প্ৰিডি থানাক বিবৃতিটো ৰেকৰ্ড কৰি গোচৰটো পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।

আবেদনখনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে সিন্ধ উচ্চ ন্যায়ালয়ে এছ এছ পি কম্প্লেইণ্ট চেল চাউথ, এছ এইচ অ’ প্ৰীডি থানা আৰু কে-ইলেক্ট্ৰিকলৈ জাননী জাৰি কৰে । তদুপৰি সত্ৰ আদালতে জাননী জাৰি কৰি 30 জুলাইৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ কয় । চলিত মাহৰ আৰম্ভণিতে কৰাচীত মহাৰমৰ শোভাযাত্ৰাৰ মাজতে জিন্না হাস্পতালে চহৰখনৰ নুমেইছত থকা নিজৰ শিবিৰত 200 ৰো অধিক হিট ষ্ট্ৰ’ক ৰোগী ভৰ্তি হোৱা বুলি খবৰ প্ৰকাশ কৰিছিল বুলি এ আৰ ৱাই নিউজে জনায় ।

উল্লেখ্য যে, কৰাচীৰ উষ্ণতা 40 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল । বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি মহানগৰীখনত আৰ্দ্ৰতাৰ মাত্ৰা 53%, যাৰ ফলত উচ্চ উষ্ণতাৰ ফলত হোৱা অস্বস্তি যথেষ্ট বৃদ্ধি পাইছে দেশখনত । বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এইবাৰ সৰ্বোচ্চ উষ্ণতা 42 ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক: উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ : হিটষ্ট্ৰোকৰ ফলত কমেও ৪১ গৰাকীৰ মৃত্যু - Suspected heatstroke death

78% ভাৰতীয়ৰ মতে গোলকীয় উষ্ণতা এক বাস্তৱ; পৰিৱেশ সুৰক্ষাত জড়িত বহু লোক - Global Warming

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.