ETV Bharat / international

কন্যাৰ মূৰত চিচিটিভি কেমেৰা বান্ধিলে পিতৃয়ে: কিয় এই ব্যৱস্থা ? - girl roaming with cctv

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:15 PM IST

Girls safety: নাৰী সুৰক্ষা বৰ্তমান সময়ত এক ডাঙৰ প্ৰত্যাহ্বান বুলি চৰ্চা হৈ আহিছে ৷ এজনী ছোৱালী ঘৰৰ পৰা ওলাই যোৱাৰ পিচত ঘূৰি নহালৈকে চিন্তিত হৈ থাকে অভিভাৱক ৷ তাৰ মাজতে এজন পিতৃৰ কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে ৷ ক’ত সংঘটিত হৈছে এই ঘটনা ? চাওক সবিশেষ-

Girls safety
CCTV tied on the head of a girl (X @ikpsgill1)

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ বাবে ছোৱালীৰ সুৰক্ষা এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে । কন্যা সন্তানৰ নিৰাপত্তাৰ বাবে আজিৰ দিনত অভিভাৱক ইমানেই চিন্তিত হৈ থাকে যে ঘৰৰ পৰা ওলাই যোৱা বা ঘৰৰ পৰা দূৰৈত শিক্ষা বা চাকৰিৰ সংক্ৰান্তত বাস কৰা নিজৰ ছোৱালীজনীলৈ পিতৃ-মাতৃয়ে প্ৰায় সকলো সময়তে ফোন কৰে ৷ নিজৰ কন্যা সন্তানৰ খবৰ লৈ থাকে ।

ঘৰৰ বাহিৰলৈ ওলাই গ’লে ছোৱালীজনীক সদায় ম’বাইলত লোকেশ্যন অন কৰি ৰাখিবলৈ কোৱা হয় । কিয়নো বৰ্তমান সময়খিনি এনেকুৱা হৈ পৰিছে যে ঘৰৰ পৰা ছোৱালী এজনী বাহিৰত থকাটো অভিভাৱকৰ বাবে চিন্তাৰ বিষয় ৷

ইয়াৰ মাজতে পাকিস্তানত পোহৰলৈ আহিছে এটা আশ্চৰ্যকৰ ঘটনা ৷ এজন পিতৃয়ে কন্যাৰ সুৰক্ষাৰ বাবে ছোৱালীজনীৰ মূৰত সংস্থাপন কৰিলে এটা চিচিটিভি কেমেৰা । ইয়াৰ জৰিয়তে ছোৱালীজনীৰ দেউতাকে নিজৰ কন্যাৰ ওপৰত সকলো সময়তে চকু ৰাখিবলৈ সক্ষম হয় । এই ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে যে পাকিস্তানৰ পৰিস্থিতি অতি বেয়া । এফালে পাকিস্তান অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, আনফালে মহিলাৰ সুৰক্ষাও তাত থকা মানুহৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে । এই বিষয়ৰ প্ৰতি দৃষ্টি ৰাখিয়েই এগৰাকী পাকিস্তানী পিতৃয়ে নিজৰ কন্যাৰ মূৰত সংস্থাপন কৰিলে এটা চিচিটিভি কেমেৰা ৷

কেৱল এয়াই নহয়, যেতিয়া ছোৱালীজনীক মূৰত বান্ধি থোৱা কেমেৰাটোৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কয় যে তেওঁ পাকিস্তানৰ কৰাচীত থাকে । তেওঁৰ চহৰত যুৱতী-মহিলাৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু তেওঁলোকৰ হাতত যদি কোনো প্ৰমাণ নাথাকে তেন্তে তেওঁলোকে ন্যায় লাভ নকৰে । এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পিতৃয়ে মূৰত চিচিটিভি কেমেৰা বান্ধি দিছে । যাতে যেতিয়াই ঘৰৰ পৰা ওলাই যায় তেতিয়াই দেউতাকে তেওঁৰ ওপৰত চকু ৰাখিব পাৰে । লগতে কোনো ধৰণৰ আক্ৰমণ বা দুৰ্ঘটনা সংঘটিত হ’লে তেওঁলোকে তৎক্ষণাত যাতে সেই বিষয়ে তথ্য লাভ কৰিব পাৰে ।

লগতে পঢ়ক: পাকিস্তানত আৰ্থিক সংকট: পৰিয়াল চলাবলৈ চাৰিবেৰৰ ভিতৰৰ পৰা পথলৈ ওলাই আহিছে মহিলা - PAKISTAN FINANCIAL CRISIS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.