ETV Bharat / international

মোদী-পুটিনৰ আলোচনা বৈঠক; সহযোগিতা বৃদ্ধিৰ ওপৰত দৃষ্টি দুয়োগৰাকী নেতাৰ - PM Modi Russia Visit

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 1:01 PM IST

PM Modi Russia Visit : মস্কোত অৱতৰণৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ ভৱিষ্যতৰ ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে অপেক্ষা কৰি আছে আৰু ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিশালী সম্পৰ্কই 'আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব'। সূত্ৰসমূহে কয় যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে এক অৰ্থনৈতিক কাৰ্যসূচী আগবঢ়োৱা- বিশেষকৈ শক্তি, বাণিজ্য, উৎপাদন আৰু সাৰৰ ক্ষেত্ৰত ।

PM Modi Russia Visit
ৰাষ্ট্ৰপতি পুটিনৰ সৈতে অন্তৰংগ মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী (ETV Bharat)

নিউজ ডেস্ক, ৯ জুলাই : দুদিনীয়া ৰাছিয়া ভ্ৰমণৰ কাৰ্যসূচী লৈ সোমবাৰে মস্কোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তাত দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাৰে কেইবাটাও দিশৰ উন্নতিৰ বাবে কাৰ্য পৰিকল্পনা যুগুত কৰাৰ সম্ভাৱনা আছে । যিহেতু দুয়োখন দেশৰ শীৰ্ষ নেতা দুগৰাকীয়ে ভাৰত-ৰাছিয়াৰ সহযোগিতা বৃদ্ধি কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হ'বলগীয়া শীৰ্ষ আলোচনাৰ মুখ্য কেন্দ্ৰবিন্দু শক্তি, বাণিজ্য, উৎপাদন আৰু সাৰৰ দৰে খণ্ডসমূহ হোৱাৰ সম্ভাৱনা আছে ।

শীৰ্ষ সূত্ৰ মতে, ইউক্ৰেইনৰ যুদ্ধয়ো আলোচনাত গুৰুত্বপূৰ্ণভাৱে স্থান লাভ কৰিব । শীৰ্ষ সূত্ৰই লগতে কৈছে যে ইউক্ৰেইন সন্দৰ্ভত ভাৰতীয় পক্ষই নিজৰ স্থিতি পুনৰ নিশ্চিত কৰাৰ সম্ভাৱনা আছে যে সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিয়েই হৈছে একমাত্ৰ পথ । কিয়নো যুদ্ধক্ষেত্ৰত কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে ৰাছিয়ালৈ দুদিনীয়া হাই-প্ৰফাইল ভ্ৰমণ আৰম্ভ কৰে । আনহাতে, ইউক্ৰেইনত মস্কোৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিচত এইটো হৈছে দেশখনলৈ তেওঁৰ প্ৰথম ভ্ৰমণ ।

যোৱা নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে মস্কোৰ উপকণ্ঠত নভো-ওগাৰেভোত থকা প্ৰাক্তন বাসভৱনত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে এক ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিছিল ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে এক অৰ্থনৈতিক কাৰ্যসূচী আগবঢ়োৱা, বিশেষকৈ শক্তি, বাণিজ্য, উৎপাদন আৰু সাৰৰ ক্ষেত্ৰত । সূত্ৰটোৱে কয় । ইফালে মস্কোত অৱতৰণৰ পিচতে মোদীয়ে কয় যে তেওঁ ভৱিষ্যতৰ ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে অপেক্ষা কৰি আছে আৰু ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিশালী সম্পৰ্কই 'আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব' ।

ভাৰতে এক শান্তিপূৰ্ণ আৰু স্থিৰ অঞ্চলৰ বাবে 'সহায়ক ভূমিকা' পালন কৰিব বিচাৰে । প্ৰধানমন্ত্ৰীয়ে দেশখনলৈ উৰামৰাৰ পূৰ্বে এক বিবৃতিত উল্লেখ কৰে । আলোচনাত মোদীয়ে ৰাছিয়াৰ সামৰিক বাহিনীত সহায়ক কৰ্মচাৰী হিচাপে ভাৰতীয়সকলক ৰাছিয়াত নিযুক্তি প্ৰদানৰ বাবে আহ্বান জনাব আৰু এতিয়াও বাহিনীত কাম কৰি থকা লোকসকলৰ ঘৰলৈ উভতি অহাটো নিশ্চিত কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে ২০১৯ চনৰ পিচত এইটো হৈছে মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ । আনহাতে, ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথম আৰু প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ৰাছিয়া ভ্ৰমণ ।

"ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু সুবিধাযুক্ত কৌশলগত অংশীদাৰিত্ব বিগত ১০ বছৰত যথেষ্ট আগবাঢ়িছে । ইয়াৰ ভিতৰত আছে শক্তি, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, স্বাস্থ্য, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ মাজত আদান-প্ৰদানৰ ক্ষেত্ৰ ।" মোদীয়ে তেওঁৰ বিবৃতিত কয় ।

তেওঁ লগতে কয়, "মই মোৰ বন্ধু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ আৰু বিভিন্ন আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত দৃষ্টিভংগী আদান-প্ৰদান কৰাৰ ক্ষেত্ৰত আশাবাদী ।"

লগতে পঢ়ক :ভাৰতৰ কূটনৈতিক জয়; ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি প্ৰাপ্ত সকলো ভাৰতীয়ক মুকলি কৰিব ৰাছিয়াই - Russia to release Indian
লগতে পঢ়ক :বৈদ্যুতিক বাহনত উঠাই প্ৰধানমন্ত্ৰী মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; মিলিত হ’ল অনানুষ্ঠানিক বৈঠকত - PM Modi in Russia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.