ETV Bharat / international

আফগানিস্তান আৰু টাইৱানত ভূমিকম্পৰ জোকাৰণি - Earthquake Hits Afghanistan Taiwan

author img

By ANI

Published : Aug 16, 2024, 10:09 AM IST

Earthquake Hits Afghanistan And Taiwan: শুকুৰবাৰে আফগানিস্তান আৰু টাইৱানক দুটাকৈ ভূমিকম্পই জোকাৰি যায় । আফগানিস্তানত সংঘটিত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৮ । আনহাতে, টাইৱানত সংঘটিত ভূমিকম্পটোৰ প্ৰাৱল্য ৬.৩ ।

Earthquake Hits Afghanistan And Taiwan
আফগানিস্তান আৰু টাইৱানত ভূমিকম্পৰ জোকাৰণি (ANI File Photo)

নিউজ ডেস্ক, ১৬ আগষ্ট : শুকুৰবাৰে পুৱা আফগানিস্তানত এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ (National Center for Seismology) তথ্য অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.৮ । অৱশ্যে ভূমিকম্পৰ ফলত হতাহত বা ক্ষয়-ক্ষতি সম্পৰ্কীয় কোনো খবৰ এতিয়ালৈকে পোৱা হোৱা নাই ।

এন চি এছয়ে প্ৰকাশ কৰা মতে, পুৱা 6.35 বজাত (ভাৰতীয় সময় অনুসৰি) এই কম্পন অনুভৱ কৰা হয় । ভূমিকম্পটোৰ অভিকেন্দ্ৰ ৩৭.০৯ উত্তৰ অক্ষাংশ আৰু ৭১.১৭ পূব দ্ৰাঘিমাংশত আৰু ১৩০ কিলোমিটাৰ গভীৰতাত অৱস্থিত আছিল । অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

আনহাতে, শুকুৰবাৰে টাইৱানতো এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । কেন্দ্ৰীয় বতৰ প্ৰশাসনৰ (চি ডব্লিউ এ) উদ্ধৃতিৰে টাইৱান নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি, শুকুৰবাৰে পূব টাইৱানত ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পটো সংঘটিত হয় ।

অৱশ্যে এতিয়ালৈকে এই ভূমিকম্প সম্পৰ্কীয় হতাহত বা ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই । হুয়ালিয়েন কাউণ্টি, টাইটুং কাউণ্টি, য়িলান কাউণ্টি, নান্টু কাউণ্টি, টাইচুং, চিয়ায়ি কাউণ্টি, চাংহুয়া কাউণ্টি আৰু য়ুনলিন কাউণ্টিত এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত 4 ৰেকৰ্ড কৰা হৈছে ।

আনহাতে, হিচিনচু কাউণ্টি, মিয়াওলি কাউণ্টি, টাওয়ুৱান, নিউ টাইপেই, চিয়াই, কাওচিউং, হিঞ্চু আৰু টাইনানত ইয়াৰ তীব্ৰতা আছিল ৰিখটাৰ স্কেলত 3 ।

পেংঘু, টাইপেই, কিলুং আৰু পিংটুং কাউণ্টিত তীব্ৰতাৰ স্তৰ ২ নথিভুক্ত কৰা হয় । চি ডব্লিউ এয়ে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল হুৱেলিয়েন কাউণ্টি হলৰ পৰা 34.2 কিলোমিটাৰ দক্ষিণ-পূবত । ইয়াৰ অভিকেন্দ্ৰ ভূপৃষ্ঠিৰ পৰা 9.7 কিলোমিটাৰ গভীৰত । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক :গাজাত ২০২৫ চনলৈ চলিব পাৰে সংঘৰ্ষ: পেলেষ্টাইন যুদ্ধৰ প্ৰসংগত ইজৰাইলৰ ৰেটিঙত অৱনমন - Gaza Palestine conflict
লগতে পঢ়ক :উত্তপ্ত মধ্য প্ৰাচ্য: ইজৰাইলৰ সৈতে 20 বিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ বিক্ৰী চুক্তি আমেৰিকাৰ - US ARMS SALE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.