ETV Bharat / international

কুৱেইটত থকা ভাৰতীয়সকলৰে মত বিনিময় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ - S Jaishankar Kuwait visit

author img

By ANI

Published : Aug 19, 2024, 8:46 AM IST

External Affairs Minister in Kuwait: কুৱেইটত থকা ভাৰতীয় লোকৰ সৈতে মত বিনিময়ত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্ক উন্নীতকৰণৰ বাবে দেশখনৰ ক্ৰাউন প্ৰিন্স, প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় জয়শংকৰ ৷ 18 আগষ্টত কুৱেইটলৈ ৰাওনা হৈছিল ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকী ।

Jaishankar interacts with Indian community in Kuwait, commends their contribution to bilateral ties
কুৱেইটত থকা ভাৰতীয়সকলৰ মত বিনিময় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট: বৰ্তমান কুৱেইট ভ্ৰমণত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ এই ভ্ৰমণৰ সময়ছোৱাত কুৱেইটত থকা ভাৰতীয় লোকৰ লগতে বিভিন্ন পেছাদাৰী আৰু সামূহিক সংঘৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে জয়শংকৰে । তেওঁ ভাৰত আৰু কুৱেইটৰ মাজৰ সম্পৰ্কত তেওঁলোকৰ সাফল্য আৰু অৱদানৰ প্ৰশংসা কৰে ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (এম ই এ) এই কথা জনাই দেশখনত থকা বৃহৎসংখ্যক ভাৰতীয় দুয়োখন দেশৰ মাজৰ এক জীৱন্ত দলং বুলি প্ৰশংসা কৰে ।

18 আগষ্টত জয়শংকৰে কুৱেইটলৈ আনুষ্ঠানিক ভ্ৰমণলৈ গৈছিল । X ত দিয়া এটা পোষ্টত জয়শংকৰে কয়, "কুৱেইটত থকা ভাৰতীয়সকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰো । ভাৰত-কুৱেইট সম্পৰ্কত তেওঁলোকৰ কৃতিত্ব আৰু অৱদানৰ প্ৰশংসনীয় ।"

এই ভ্ৰমণৰ সময়ত জয়শংকৰে কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ চাবাহ খালেদ আল হামাদ আল মুবাৰক আল ছাবাহ আৰু প্ৰধানমন্ত্ৰী আহমেদ আব্দুল্লা আল আহমেদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে । দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত কুৱেইটৰ নেতৃত্বই আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

জয়শংকৰে দেশখনৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াৰ সৈতেও এক সাক্ষাতত মিলিত হয় আৰু বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰা সন্দৰ্ভত আলোচনা কৰে ।

এম ই এয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, “কুৱেইট ৰাজ্যৰ বৈদেশিক মন্ত্ৰী এইচ ই আব্দুল্লাহ আলী আল-য়াহিয়াৰ সৈতে ই এ এমৰ বৈঠকত দুয়োখন দেশৰ মাজত সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰা হয় ৷ দুয়োখন দেশৰ মাজত বিভিন্ন স্তৰৰ অধিক বিনিময়ৰ লগত অৰ্থনৈতিক অংশীদাৰিত্ব বাণিজ্য আৰু বিনিয়োগ দুয়োটাৰ প্ৰতি দুয়োপক্ষই অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ শ্ৰম আৰু জনশক্তিৰ বিষয়সমূহৰ অধিক সুশৃংখলিতকৰণ আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।" এম ই এয়ে উল্লেখ কৰে যে জয়শংকৰৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰিব ৷

লগতে পঢ়ক: কুৱেইটৰ অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু: পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰধানমন্ত্ৰীৰ - Kuwait fire tragedy

দ্বিপাক্ষিক সম্পৰ্ক বিষয়ত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীৰে জয়শংকৰৰ আলোচনা - External Affairs Minister

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.