ETV Bharat / international

ইৰাণৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটিসমূহত বোমাবর্ষণ - ISRAEL IRAN WAR

ইজৰাইলে শনিবাৰে ইৰাণৰ সামৰিক ঘাটিসমূহত মিছাইল নিক্ষেপ কৰে। ইজৰাইলে কৈছে যে এইটো এটা প্ৰতিশোধমূলক আক্ৰমণ।

ETV Bharat
ইৰাণৰ সামৰিক ঘাটিৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ (এপি)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 9:45 AM IST

তেল আভিভঃ ইজৰাইলে শনিবাৰে পুৱতি নিশা ইৰাণৰ ওপৰত এটা ডাঙৰ আক্ৰমণ চলায়। ইজৰাইলী সুৰক্ষা বাহিনীয়ে তেহৰাণৰ সামৰিক ঘাটিবোৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহক লক্ষ্য কৰি লয়। এই সময়ছোৱাত এই ঠাইবোৰত ভয়ংকৰ বোমা বিস্ফোৰণ কৰা হয়। ইজৰাইলী সামৰিক বাহিনীয়ে এই আক্ৰমণৰ ঘটনাক নিশ্চিত কৰিছে। একে সময়তে, ইজৰাইলে ইৰাণৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰকো অৱগত কৰিছে।

আইডিএফে আক্ৰমণটোৰ বিষয়ে অৱগত কৰে

ইজৰাইলী সামৰিক বাহিনী আই ডি এফে এক্সত পোষ্টৰ জৰিয়তে কয় “ইৰাণৰ শাসনপক্ষৰ দ্বাৰা ইজৰাইলৰ বিৰুদ্ধে কেইবামাহ ধৰি চলাই থকা নিৰন্তৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে এই মুহূৰ্তত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণত সামৰিক লক্ষ্যত নিখুঁত আক্ৰমণ চলাই আছে। ইৰাণৰ শাসকপক্ষ আৰু ইয়াৰ প্ৰতিনিধিসকলে ৭ অক্টোবৰৰ পৰা ইজৰাইলক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। পৃথিৱীৰ আন সকলো সাৰ্বভৌম দেশৰ দৰে ইজৰাইলৰো প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আৰু কৰ্তব্য আছে। আমাৰ প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক ক্ষমতা সম্পূৰ্ণৰূপে সক্ৰিয়। ইজৰাইল ৰাষ্ট্ৰ আৰু ইজৰাইলৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে যি প্ৰয়োজন সেয়া আমি কৰিম।“

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে কয় যে তেওঁলোকে ইৰাণৰ সামৰিক ঘাটিসমূহত নিখুঁত আক্ৰমণ চলাই আছে। প্ৰায় এমাহ আগতে তেহৰানে ইজৰাইলৰ ফালে প্ৰায় ২০০ টা বেলেষ্টিক মিছাইল নিক্ষেপ কৰিছিল। আইডিএফে সদৰী কৰে যে ৭ অক্টোবৰৰ পৰা ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলৰ তৰফৰ পৰা নিৰন্তৰভাৱে চলোৱা কেইবাটাও আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ কৰা হৈছে।

টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি আইডিএফৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এক চমু ভিডিঅ' বিবৃতিত ঘোষণা কৰে যে এই সময়ত লোকসকলক দিয়া নিৰ্দেশনাত কোনো পৰিৱৰ্তন হোৱা নাই, কিয়নো ইৰাণত আক্ৰমণ চলি আছে। আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইজৰাইলৰ প্ৰস্তুতি ব্যক্ত কৰি হাগাৰীয়ে কয়, "আইডিএফ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত।

আমেৰিকা যুক্তৰাষ্ট্ৰ আক্ৰমণৰ বিষয়ে জ্ঞাত

ইজৰাইলে আমেৰিকা যুক্তৰাষ্ট্ৰক ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ বিষয়ে অৱগত কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক এই বিষয়ে অৱগত কৰা হৈছে। ইজৰাইলে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিটো ডাঙৰ আক্ৰমণৰ প্ৰতিবেদন দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলৰ ইৰাণ আৰু লেবাননক আক্ৰমণ কৰা কাৰ্যক সমৰ্থন কৰে। আমেৰিকাই সন্ত্ৰাসবাদ দূৰ কৰাৰ নামত ইজৰাইলক সমৰ্থন কৰে।

লগতে পঢ়ক: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.