ETV Bharat / international

ওমানৰ উপকূলত তেল পৰিবাহী জাহাজ ডুবি সন্ধানহীন 13 ভাৰতীয়সহ 16 জন - 16 CREW MISSING AS OIL TANKER SINKS

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 1:51 PM IST

Oil tanker sinks off Oman Coast : ওমানৰ উপকূলীয় অঞ্চলত ডুবিছে এখন তেল পৰিবাহী জাহাজ ৷ জাহাজখনৰ 16 গৰাকী কৰ্মচাৰী বৰ্তমান সন্ধানহীন ৷ যাৰ ভিতৰত আছে 13 গৰাকী ভাৰতীয় ৷

16 CREW MISSING AS OIL TANKER SINKS
জাহাজ দুৰ্ঘটনা (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 জুলাই: ওমানৰ উপকূলীয় অঞ্চলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ সমুদ্ৰত তেল পৰিবাহী এখন জাহাজ ডুব যোৱাৰ ফলত সন্ধানহীন হৈছে 16 গৰাকী কৰ্মচাৰী ৷ এই সকলৰ মাজৰ 13 গৰাকী কৰ্মচাৰী ভাৰতীয় বুলি জানিব পৰা গৈছে ৷

ওমানৰ সামুদ্ৰিক সুৰক্ষা কেন্দ্ৰই সোমবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি জাহাজখন ডুকমৰ ৱিলায়াত ৰাছ মাদ্ৰাকাহৰ পৰা 25 মাইল দক্ষিণ-পূবত ডুবাটো নিশ্চিত কৰে ৷ এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: তিনিখন নাৱৰ সৈতে 13 গৰাকী ভাৰতীয় মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ - INDIAN FISHERMEN APPREHENDS

'প্ৰেষ্টিজ ফেলকন' নামৰ জাহাজখনত থকা 16 গৰাকী কৰ্মচাৰীৰ ভিতৰৰ 13 গৰাকীয়ে ভাৰতীয় আৰু বাকী তিনিগৰাকী শ্ৰীলংকাৰ লোক আছিল ৷ এক বিবৃতিত প্ৰকাশ পাইছে এই কথা ৷ জাহাজখনত থকা কৰ্মচাৰীসকলৰ বৰ্তমান সময়লৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই বুলি অভিযানকাৰী দলটোৱে সদৰী কৰিছে ৷

উল্লেখ্য যে, জাহাজখন ইয়েমেনী বন্দৰ চহৰ এডেন অভিমুখে যাত্ৰা কৰি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ জাহাজখনৰ ৱেবছাইট marinetraffic.com ৰ মতে, ই ডুবাইৰ হামৰিয়া বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৷ ডুকম বন্দৰ হৈছে ওমানৰ মুখ্য তেল আৰু গেছ প্ৰকল্পৰ এটা মুখ্য কেন্দ্ৰ ।

লগতে পঢ়ক: লোহিত সাগৰত ভাৰত অভিমুখী ৰাছিয়ান জাহাজত হুথী বিদ্ৰোহীৰ আক্ৰমণ - Houthi Rebels Attack

উল্লেখ্য যে, 2007 চনত নিৰ্মাণ কৰা 117 মিটাৰ দীঘল তেল পৰিবাহী জাহাজখনৰ পৰা তেল লিক হৈছে নে নাই সেয়া কৰ্তৃপক্ষই নিশ্চিত কৰা নাই । এনে সৰু তেল পৰিবাহী জাহাজ বা টেংকাৰবোৰ সাধাৰণতে চুটি উপকূলীয় ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.