ETV Bharat / international

উত্তৰ শ্ৰীলংকাত বন্দৰ উন্নয়নৰ বাবে ভাৰতে দিব ৬১.৫ মিলিয়ন ডলাৰৰ অনুদান

author img

By Aroonim Bhuyan

Published : Mar 19, 2024, 10:48 PM IST

India Sri Lanka Relations: শ্ৰীলংকাৰ উত্তৰ প্ৰান্তৰ কাংকেসন্থুৰাই বন্দৰ উন্নয়নৰ বাবে ভাৰতে ৬১.৫ মিলিয়ন ডলাৰৰ অনুদান আগবঢ়াইছে । নতুন দিল্লীয়ে "চুবুৰীৰ প্ৰথম" নীতিৰ প্ৰতি যি গুৰুত্ব আৰোপ কৰে এইটোৱেই ইয়াৰ আন এক উদাহৰণ । এই বন্দৰটোৰ গুৰুত্ব আৰু ই ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক কেনেকৈ বৃদ্ধি কৰিব সেই সন্দৰ্ভত অৰুণিম ভূঞাৰ এক প্ৰতিবেদন...

India To Give $61.5 Million Grant To Develop Port In Northern Sri Lanka
উত্তৰ শ্ৰীলংকাত বন্দৰ উন্নয়নৰ বাবে ভাৰতে দিব ৬১.৫ মিলিয়ন ডলাৰৰ অনুদান (ETV BHARAT)

বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চ : চুবুৰীয়া দেশসমূহৰ বাবে উন্নয়ন সাহায্য অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাৰ আন এক উদাহৰণ ৷ নতুন দিল্লীয়ে শ্ৰীলংকাৰ উত্তৰ প্ৰান্তৰ কাংকেসন্থুৰাই (কেকেএছ) বন্দৰ সম্পূৰ্ণৰূপে উন্নয়নৰ বাবে শ্ৰীলংকাক ৬১.৫ মিলিয়ন ডলাৰৰ অনুদান দিয়াৰ সিদ্ধান্ত লৈছে । ডেইলী মিৰ’ৰ নিউজ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ বন্দৰ, জাহাজ, আৰু বিমান পৰিবহণ মন্ত্ৰী নিমল ছিৰিপালা ডি ছিলভা আৰু শ্ৰীলংকাৰ ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝাৰ মাজত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

প্ৰতিবেদন অনুসৰি প্ৰকল্পটোৰ অংশ হিচাপে জোৱাৰ-ভাটা, সোঁত, ধুমুহাৰ ঢৌৰ পৰা ৰক্ষা পাবলৈ এটা ব্ৰেকৱাটাৰ বা স্থায়ী গঠন নিৰ্মাণ কৰা হ’ব । লগতে বন্দৰটো ৩০ মিটাৰ গভীৰতালৈ ড্ৰেজিং কৰা হ’ব যাতে ডিপ ড্ৰাফ্ট জাহাজসমূহে তাত ডক কৰিব পাৰে ।

প্ৰতিবেদনত কোৱা হৈছে, ‘আলোচনাৰ সময়ত ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত আঞ্চলিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে অধিক ভাৰতীয় পৰ্যটকক শ্ৰীলংকালৈ আকৰ্ষণ কৰিবলৈ সৰ্বাধিক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰে ভাৰতীয় পৰ্যটকৰ বাবে শ্ৰীলংকাক শীৰ্ষ ভ্ৰমণ গন্তব্যস্থান হিচাপে নিৰ্ধাৰণ কৰিছে । ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰে বিমান পৰিবহণ আৰু জাহাজ পৰিবহণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে শ্ৰীলংকা চৰকাৰ আৰু তেওঁৰ মন্ত্ৰালয়ৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে । বিশেষকৈ চেন্নাই আৰু জাফনাৰ মাজত বিমান সেৱা আৰম্ভ হোৱাৰ বাবে প্ৰশংসা কৰে ।

শ্ৰীলংকাৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় পৰ্যটকৰ সুবিধাৰ্থে বন্দৰটোত ৬০ কোটি এছ এল আৰ ব্যয়ৰে নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব । তেওঁ কয় যে বিগত ৯ মাহত বৃহৎ সংখ্যক ভাৰতীয় পৰ্যটকে দ্বীপটো ভ্ৰমণ কৰিছে । শ্ৰীলংকাৰ উত্তৰ অঞ্চলত অৱস্থিত কে কে এছ বন্দৰৰ আয়তন প্ৰায় ১৬ একৰ । ভাৰতৰ পণ্ডিচেৰীৰ কৰাইকাল বন্দৰৰ পৰা ৫৬ নটিকেল মাইল দূৰত্বত অৱস্থিত এই বন্দৰটো । স্থলপথেৰে যাত্ৰাৰ কথা আহিলে বন্দৰ আৰু ওচৰৰ ভূমিৰ মাজৰ দূৰত্ব প্ৰায় ২৩ কিলোমিটাৰ ।

চহকী আৰু দীঘলীয়া ইতিহাস থকা কেকেএছ বন্দৰটোৱে ১৯৫০ চনত কাংকেছান্থুৰাইত চিমেণ্ট কাৰখানা স্থাপনৰ লগে লগে বাণিজ্যিক বন্দৰ হিচাপে কাম আৰম্ভ কৰিছিল বুলি শ্ৰীলংকা বন্দৰ কৰ্তৃপক্ষই (এছএলপিএ) প্ৰকাশ কৰিছে । এসময়ত শ্ৰীলংকাৰ নৌসেনাৰ নিয়ন্ত্ৰণত থকা এই বন্দৰটোৱে গৃহযুদ্ধৰ অশান্ত সময়চোৱাত জাতিটোৰ সেৱা আগবঢ়াইছিল । শ্ৰীলংকা চৰকাৰে এই বন্দৰৰ অপৰিসীম সম্ভাৱনাক স্বীকাৰ কৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজত পৰ্যটন বন্দৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

৪০ কোটি এছ এল আৰ বিনিয়োগেৰে এছএলপিএৰ মালিকানাধীন কেকেএছ বন্দৰক শ্ৰীলংকা আৰু ভাৰতৰ মাজত যাত্ৰীবাহী জাহাজ আৰু মাল পৰিবহণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে । যাত্ৰীবাহী জাহাজ সেৱাৰ আৰম্ভণিয়ে দুয়োখন দেশৰ মাজত বিশেষকৈ উত্তৰ শ্ৰীলংকাত আৰ্থ-সামাজিক উন্নয়ন আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধি কৰিব ।

টাৰ্মিনেল বিল্ডিঙৰ উপৰিও বন্দৰটোৱে এতিয়া সুপ্ৰতিষ্ঠিত নিৰাপত্তা, শুল্ক, অনুপ্ৰৱেশৰ সুবিধা আৰু অত্যাধুনিক সঁজুলিৰে গৌৰৱ কৰে, যাৰ ফলত মসৃণ আৰু কাৰ্যক্ষম কাৰ্যকলাপ নিশ্চিত হয় । বন্দৰ, জাহাজ আৰু বিমান পৰিবহণ মন্ত্ৰালয়ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই শ্ৰীলংকাৰ নৌসেনাই কাংকেছান্থুৰাই বন্দৰত সুবিধাসমূহ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহায় কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আছে ।

বৰ্তমান ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয় হিচাপে কেকেএছ বন্দৰৰ উন্নয়নৰ ওপৰত উল্লেখযোগ্য গুৰুত্ব দিয়া হৈছে । কেকেএছ বন্দৰ উন্নয়ন প্ৰকল্পৰ অধীনত বৰ্তমানৰ ব্ৰেকৱাটাৰ, ঘাট আৰু পথসমূহ মেৰামতি আৰু পুনৰুদ্ধাৰ কৰাৰ লগতে ড্ৰেজিং আৰু ধ্বংসাৱশেষ আঁতৰোৱা আৰু নতুন ঘাট আৰু এটা গুদাম নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।

ইতিমধ্যে আঠ মিটাৰ গভীৰতালৈকে টাৰ্নিং বেচিনত ড্ৰেজিং সম্পূৰ্ণ কৰা হৈছে যাতে কোনো বাধা নোহোৱাকৈ মাল পৰিচালনাৰ কাম অবিৰতভাবে নিশ্চিত হয় । কেকেএছ বন্দৰত চলি থকা উন্নয়নে শ্ৰীলংকাৰ উত্তৰ প্ৰান্তৰ জনসাধাৰণৰ বাবে এক নতুন যুগৰ সূচনা কৰিছে । ভাৰত আৰু শ্ৰীলংকাৰ মাজত বহু প্ৰত্যাশিত ফেৰী সেৱা বিগত বৰ্ষৰ ১৪ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল । তামিলনাডুৰ বন্দৰ চহৰ নাগাপট্টিনাম আৰু উত্তৰ শ্ৰীলংকাৰ জাফনা জিলাৰ ৰিজ’ৰ্ট হাব কনকেনছান্থুৰাইৰ মাজত এই সেৱা আৰম্ভ কৰা হয় ।

সাগৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তীব্ৰবেগী জাহাজে প্ৰায় সাৰে তিনি ঘণ্টাত নাগাপট্টিনাম আৰু কেকেএছৰ মাজত প্ৰায় ১১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । এছএলপিএৰ মতে, নতুন যাত্ৰী সেৱাই ভাৰতৰ জনসাধাৰণক শ্ৰীলংকাৰ জাফনালৈ কম খৰচী যাত্ৰা কৰি দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

দুয়োটা বন্দৰৰ মাজত যাত্ৰাক অধিক অৰ্থনৈতিক কৰি তুলিবলৈ অপাৰেটৰসকলে ৫০ কিলোগ্ৰাম বিনামূলীয়া বেগেজ ভাট্টা দিবলৈ ইচ্ছুক । কেকেএছ বন্দৰৰ সম্পূৰ্ণ উন্নয়নৰ বাবে ভাৰতে আগবঢ়োৱা "৬১.৫ মিলিয়ন ডলাৰৰ অনুদান নতুন দিল্লীয়ে "চুবুৰী প্ৰথম" নীতি প্ৰতি যি গুৰুত্ব আৰোপ কৰে তাৰ আন এক উদাহৰণ ।

যোৱা বছৰৰ ডিচেম্বৰ মাহত শ্ৰীলংকাত ভাৰতৰ নতুন উচ্চায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত সন্তোষ ঝাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰান্ত ভ্ৰমণ কৰিছিল আৰু তেওঁ কেকেএছ বন্দৰলৈও গৈছিল ।

লগতে পঢ়ক: নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে স্থাপনৰ দাবীৰ আঁৰত কি ? - Nepal As Hindu Kingdom

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.