ETV Bharat / international

হিজবুল্লাহে ডাঙৰ ভুল কৰিলে; নেতান্যাহুৰ সকীয়নি

Drone Hits Netanyahus Residence: হিজবুল্লাহৰ ড্ৰোণ আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে ইৰাণ সমৰ্থিত সংগঠনক সকীয়নি প্ৰদান কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Drone Hits Netanyahus Residence
হিজবুল্লাহে ডাঙৰ ভুল কৰিলে;নেতান্যাহুৰ সকীয়নি (AP)

জেৰুজালেম : ইজৰাইল আৰু ইৰাণ সমৰ্থিত হিজবুল্লাহৰ সংঘাত অব্যাহত আছে । শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণ আক্ৰমণৰ অভিযোগ উঠিছে । ইজৰাইলী সেনা বাহিনী তথা প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে শনিবাৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণৰ দ্বাৰা আক্ৰমণ কৰা হৈছে । হিজবুল্লাহে নিক্ষেপ কৰা ড্ৰোণে প্ৰধানমন্ত্ৰীৰ বাসগৃহত খুন্দা মাৰে ।

অৱশ্যে এতিয়ালৈ হিজবুল্লাহে এই আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই । কিন্তু ঘটনাটোৰ পিছত ইজৰাইলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনাৰ পিছতে নেতান্যাহুৱে এক বিবৃতিত কয়, "আজি ইৰাণ সমৰ্থিক হিজবুল্লাহে মোক আৰু মোৰ পত্নীক হত্যা কৰাৰ চেষ্টা কৰাটো ডাঙৰ ভুল আছিল ।"

নেতান্যাহুৰ সকীয়নি

ইৰাণ আৰু ইয়াৰ সমৰ্থকসকলক সম্বোধন কৰি নেতান্যাহুৱে প্ৰতিজ্ঞা কৰে যে কোনো ব্যক্তিয়ে যদি ইজৰাইলৰ নাগৰিকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে তেওঁলোকে যথেষ্ট পৰিণাম ভুগিব লাগিব ।তেওঁ পুনৰ যুদ্ধৰ লক্ষ্যৰ কথা উল্লেখ কৰি ইজৰাইলে কেনেদৰে নিৰাপত্তাৰ বাস্তৱতা অনানুষ্ঠানিক প্ৰজন্মৰ বাবে সলনি কৰিব তাক উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে আক্ৰমণৰ সময়ত নেতান্যাহু ঘৰত নাছিল আৰু হাইফাৰ দক্ষিণে প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) দূৰত্বত চিজাৰিয়াত ড্ৰোণ আক্ৰমণৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । সামৰিক বাহিনীয়ে পিছত উল্লেখ কৰিছে যে লেবাননৰ পৰা উৎক্ষেপণ কৰা তিনিটা ড্ৰোণৰ দুটাক প্ৰতিৰোধ কৰা হৈছে ।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছতে গাজাত যুদ্ধ অব্যাহত আছে । ইজৰাইল-হামাছৰ যুদ্ধত হিজবুল্লাহকে ধৰি মধ্যপ্ৰাচ্যৰ ইৰাণ সমৰ্থিত সশস্ত্ৰ গোটসমূহে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্ৰোণ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.