ETV Bharat / international

আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis

author img

By ANI

Published : Aug 6, 2024, 12:18 PM IST

Bangladesh crisis: বাংলাদেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ভয়ংকৰ হৈ পৰিছে । জেচোৰ জিলাত আৱামী লীগৰ এগৰাকী নেতাৰ হোটেলত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । ৮ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৮৪ গৰাকী আহত হৈছে । কেইবাটাও প্ৰান্তৰ আৰক্ষী থানাত প্ৰতিবাদকাৰীৰ আক্ৰমণ ।

Bangladesh crisis
আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ (ANI)

ইণ্টাৰনেশ্যনেল, ৬ আগষ্ট : বাংলাদেশৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈছে । দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীয়ে ধ্বংসলীলা চলোৱা দেখা গৈছে । ইয়াৰ মাজতে জেচোৰৰ এখন হোটেলত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । এই অগ্নিকাণ্ডত প্ৰায় ৮ গৰাকী লোক নিহত হয় আৰু ৮৪ গৰাকী লোক আহত হয় ।

হোটেলত আক্ৰমণ :

হোটেলখনৰ গৰাকী হৈছে জেচোৰ জিলাৰ আৱামী লীগৰ সাধাৰণ সম্পাদক শ্বাহিন চকলাদাৰ । জিলা উপায়ুক্ত আব্ৰাৰুল ইছলামে অগ্নিসংযোগৰ খবৰটো নিশ্চিত কৰিছে । নিহতসকলৰ ভিতৰত দুজন ক্ৰমে চেজান হুছেইন আৰু চয়ন বুলি চিনাক্ত কৰা হৈছে । জেচোৰ জেনেৰেল হাস্পতালৰ এগৰাকী কৰ্মচাৰীৰ মতে হাস্পতালখনত প্ৰায় ৮৪ গৰাকী লোক চিকিৎসাধীন হৈ আছে । তাৰ বেছিভাগেই ছাত্ৰ ।

উল্লেখ্য যে, হাজাৰ হাজাৰ লোকে চহৰখনৰ বিভিন্ন স্থানত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ উদযাপন কৰি থকা দেখা গৈছে । উদযাপনৰ সময়তে একাংশ লোকে চিত্তাৰমোৰ অঞ্চলৰ জাবিৰ হোটেলখন লণ্ডভণ্ড কৰে আৰু জ্বলাই দিয়ে ।

আৰক্ষী থানাত আক্ৰমণ :

একেদৰে শৰ্চা আৰু বেনাপোল অঞ্চলত থকা জিলা আৱামী লীগৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ লগতে আৱামী লীগৰ ৩ গৰাকী নেতাৰ ঘৰত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে । ঢাকাত বৰ্ধিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে পদত্যাগ কৰে আৰু নিশা প্ৰধানমন্ত্ৰীগৰাকী ভাৰতত উপস্থিত হয় । অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকী ভাৰততে থাকিব নে আন ঠাইলৈ যাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

ইফালে দুৰ্বৃত্তই চিটাগঙৰ প্ৰায় ৬ খন আৰক্ষী থানাত আক্ৰমণ কৰে । থানাত অগ্নিসংযোগ কৰাৰ লগতে অস্ত্ৰ, গুলী আৰু বিভিন্ন সঁজুলি লুটি লৈ যায় । এই আক্ৰমণত কেইবাগৰাকী আৰক্ষী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ ব্ৰিটেইনৰ - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.