ETV Bharat / international

চোৰাংচোৱাৰ অভিযোগ, অষ্ট্ৰেলিয়াৰ লেখক য়াং হেংজুনক চীনা আদালতৰ নিলম্বিত মৃত্যুদণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 12:36 PM IST

Yang Hengjun suspended death sentence: চোৰাংচোৱা কৰাৰ অভিযোগত ২০১৯ চনৰ ১৯ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ লেখক তথা ব্লগাৰ য়াং হেংজুনক চীনত গ্ৰেপ্তাৰ কৰা হৈছিল । শেহতীয়াকৈ আদালতে তেওঁৰ বিৰুদ্ধে নিলম্বিত মৃত্যুদণ্ড ঘোষণা কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অষ্ট্ৰেলিয়াই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।

Yang Hengjun suspended death sentence
অষ্ট্ৰেলিয়াৰ লেখক য়াং হেংজুনক চীনা আদালতৰ নিলম্বিত মৃত্যুদণ্ড

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : অষ্ট্ৰেলিয়াৰ লেখক তথা ব্লগাৰ য়াং হেংজুনক চীনৰ এখন আদালতে নিলম্বিত মৃত্যুদণ্ডৰ ঘোষণা কৰে । এই খবৰে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । চীনৰ এই ৰায়দানক লৈ আচৰিত অষ্ট্ৰেলিয়া । অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাঙে এক বিবৃতিত কয় যে এইটো ড৹ য়াং তেওঁৰ পৰিয়াল আৰু তেওঁক সমৰ্থন কৰা সকলোৰে বাবে দুখজনক খবৰ ।

উল্লেখ্য যে, য়াঙক ২০১৯ চনৰ ১৯ জানুৱাৰীত চীনত আটক কৰা হৈছিল । পত্নী আৰু কন্যাৰ সৈতে নিউয়ৰ্কৰ পৰা গুয়াংঝৌত উপস্থিত হোৱাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁক ২০২১ চনৰ মে' মাহত বেইজিঙত চোৰাংচোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল আৰু ৰায়ৰ বাবে অপেক্ষা কৰি আছিল । এতিয়ালৈ তেওঁৰ গোচৰৰ বিৱৰণ প্ৰকাশ কৰা হোৱা নাই ।

অৱশ্যে অষ্ট্ৰেলিয়া বা আমেৰিকাৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগ য়াঙে অস্বীকাৰ কৰিছে । এনে পৰিপ্ৰেক্ষিতত চীনা আদালতে তাৎক্ষণিকভাৱে শাস্তি ঘোষণা কৰা নাছিল । চীনত নিলম্বিত শাস্তিবোৰ সাধাৰণতে এক নিৰ্দিষ্ট সময়ৰ পিচত আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হয় ।

য়াঙৰ জন্ম চীনত হৈছিল আৰু পিচত হংকঙৰ ব্যক্তিগত খণ্ডক কাম কৰিছিল । পিচত অষ্ট্ৰেলিয়ালৈ যোৱাৰ পূৰ্বে তেওঁ এগৰাকী কূটনীতিবিদ আৰু ৰাজ্যিক সুৰক্ষা এজেণ্ট আছিল । তেওঁ ২০০২ চনত অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰিছিল । লক্ষণীয়ভাৱে চীনে দ্বৈত নাগৰিকত্বক স্বীকৃতি নিদিয়ে ।

অষ্ট্ৰেলিয়াত, তেওঁ গুপ্তচৰ উপন্যাসৰ লেখক, ব্লগাৰ আৰু ৰাজনৈতিক ভাষ্যকাৰ হিচাপে পৰিচিত আছিল । ২০১৯ চনৰ জানুৱাৰীত তেওঁক চীনা কৰ্তৃপক্ষই দক্ষিণৰ মহানগৰ গুয়াংঝৌত অৱতৰণ কৰাৰ পিচতে আটক কৰিছিল । প্ৰথমতে তেওঁক নিৰ্ধাৰিত স্থানত আৱাসিক নিৰীক্ষণত ৰখা হৈছিল । সেই সময়ত তেওঁক পৰিয়াল আৰু অধিবক্তাৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল । য়াঙক পিচত বেইজিং ডিটেনচন চেণ্টাৰলৈ স্থানান্তৰ কৰা হয় ।

যোৱা বছৰ আগষ্টত তেওঁৰ পৰিয়াললৈ লিখা এখন পত্ৰত য়াঙে কৈছিল যে তেওঁ ৪ বছৰতকৈ অধিক সময় ধৰি পোনপটীয়া সূৰ্যৰ পোহৰ পোৱা নাই । তেওঁ আশংকা কৰিছিল যে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ কাৰাগাৰতে মৃত্যুবৰণ কৰিব । ইয়াৰ পিচতে তেওঁৰ সমৰ্থকসকলে চিকিৎসাৰ বাবে তেওঁৰ মুক্তি দাবী কৰে । য়াঙৰ পৰিয়ালেও কৈছিল যে অষ্ট্ৰেলিয়াই তেওঁৰ প্ৰতি সঁহাৰি দিব আৰু উপযুক্ত চিকিৎসা সেৱাকে ধৰি ডাঃ য়াঙৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে হেঁচা দিয়া অব্যাহত ৰাখিব ।

যোৱা বছৰৰ অক্টোবৰত অষ্ট্ৰেলিয়াৰ সাংবাদিক চেং লেইক চীনত ৩ বছৰতকৈও অধিক সময় বন্দী কৰি ৰখাৰ পিচত মুকলি কৰি দিয়া হৈছিল । শেহতীয়া বছৰবোৰত য়াং আৰু চেঙৰ বিষয়টোক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক :পাকিস্তানত ২৮ টা নমুনাত ধৰা পৰিছে পলিঅ' ভাইৰাছৰ প্ৰকাৰ ১ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.