জ্বলি যোৱা পাত্ৰ পৰিষ্কাৰ কৰাটো কেতিয়াবা অতি কঠিন হৈ পৰে ৷ বহুবাৰ এনে হয় যে আমি ভালদৰে চোৱা-চিতা কৰাৰ পিছতো আমাৰ খাদ্য জ্বলি যায় আৰু বাচনত লাগি ধৰে তাৰ পিছত বাচন-বৰ্তন ধোৱাটো বৰ কষ্টকৰ হৈ পৰে ৷ সেয়ে কেনেকৈ ইয়াক সহজে চাফা কৰিব পাৰি আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
- চাফা কৰিবলৈ নেমু এটুকুৰা লৈ তাৰ পিছত তাৰ ৰসেৰে ভালদৰে চাফা কৰিব লাগে ৷ প্ৰায় এক মিনিট মান সময়লৈকে চাফা কৰিব লাগিব ৷
- লেতেৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰাত নিমখ আৰু ভিনেগাৰ দুয়োবিধেই অতি সহায়ক ৷ ১ চামুচ নিমখ, ২ চামুচ ভিনেগাৰ আৰু বাচন ধোৱা চাবোন মিহলাই ১৫ মিনিট ভালদৰে পৰিষ্কাৰ কৰিব লাগে ৷ পেষ্টৰ সৈতে ভালদৰে ঘঁহিলে দাগ আৰু জ্বলি যোৱা ঠাইখিনি তৎক্ষণাত পৰিষ্কাৰ কৰিব পৰা যায় ৷
- বেকিং চোডাও ব্যৱহাৰ কৰিব পাৰে ৷ আপুনি ইয়াক জ্বলা বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে, ই অতি সহজে জ্বলি যোৱা বাচন-বৰ্তন পৰিস্কাৰ কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয় ৷ ২০ মিনিটৰ পিছত স্ক্ৰাবাৰৰ সহায়ত ১০ মিনিট ঘঁহিলে অতি সহজে পৰিস্কাৰ কৰিব পৰা যায় ৷
- জ্বলি যোৱা বাচনত নেমু আৰু বেকিং চোডা একেলগে লগালেও ভাল ফলাফল পাব ৷ ৩০ মিনিট ভালদৰে চাফা কৰিব লাগে ৷ তেতিয়া চাওক, আপোনাৰ পাত্ৰটো উজ্জ্বলভাৱে জিলিকি উঠিব ৷
- জ্বলা বাচন পৰিষ্কাৰ কৰাত ভিনেগাৰ আৰু পিয়াঁজৰ পানী অতি উপযোগী ৷ ইয়াৰ বাবে ১ কাপ ভিনেগাৰৰ সৈতে পিয়াঁজৰ সৈতে ইয়াক মিহলাই প্ৰয়োগ কৰক ৷ ইয়াৰ লগে লগে আপোনাৰ বাচন-বৰ্তনবোৰ ক্ষন্তেকতে পৰিষ্কাৰ হৈ যাব ৷ লগতে আপুনি ইয়াক ব্ৰাছৰ সহায়তো সহজে ঘঁহিব চাফা কৰিব পাৰে ৷
লগতে পঢ়ক: উজ্জ্বল তথা নিমজ ছালৰ গৰাকী হ’বলৈ খাওক এই ৪বিধ বিশেষ চাহ