ETV Bharat / health

মদ্যপানো হ'ব পাৰে উচ্চ ৰক্তচাপৰ কাৰণ - WORLD HYPERTENSION DAY 2024

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:34 PM IST

WORLD HYPERTENSION DAY 2024: আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ উচ্চৰক্তচাপৰ কাৰণসমূহ কি কি ? উচ্চৰক্তচাপৰ লক্ষণ সমূহ কি কি এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱাই ৷

world-hypertension-day-2024-recognizing-the-early-signs-of-hypertension-and-step-by-step-tips-for-managing-it
মদ্যপানো হ'ব পাৰে উচ্চ ৰক্তচাপৰ কাৰণ (FREEPIK)
জ্যেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱা (ETV BHARAT ASSAM)

গুৱাহাটী, 17 মে’: আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ ৰক্তচাপ সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস প্ৰতিবছৰে 17 মে’ অৰ্থাৎ আজিৰ দিনটোত পালন কৰা হয় ৷

বৰ্তমান সময়ছোৱাত উচ্চ ৰক্তচাপ সমগ্ৰ বিশ্বতে নীৰৱ হত্যাকাৰী হিচাপে পৰিগণিত হৈছে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷ উচ্চৰক্তচাপৰ কাৰণসমূহ কি কি ? উচ্চৰক্তচাপৰ লক্ষণ সমূহ কি কি এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ শশাংক বৰুৱাই ৷ বৰ্তমান সময়ছোৱাত উচ্চ ৰক্তচাপ সমগ্ৰ বিশ্বতে নীৰৱ হত্যাকাৰী হিচাপে পৰিগণিত হৈছে ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷

সমগ্ৰ বিশ্বতে বহুলোকৰ অকাল মৃত্যুৰো এক মুখ্য কাৰণ হৈছে উচ্চ ৰক্তচাপ ৷ পূৰ্বে ৪০ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ উচ্চ ৰক্তচাপ হোৱা বুলি ধাৰণাটো এতিয়া সলনি হৈছে ৷ বৰ্তমানসময়ত বহু কম বয়সৰ যুৱক-যুৱতী এনে সমস্যাত আক্ৰান্ত হোৱা দেখা যায় ৷

আধুনিক জীৱন-যাপনৰ সমান্তৰালভাৱে উচ্চৰক্তচাপৰ সংজ্ঞা সলনি হৈছে ৷ সেয়ে উচ্চ ৰক্তচাপৰ সজাগতৰ বাবে ১৭ মে'ৰ দিনটো বিশ্ব উচ্চ ৰক্তচাপ দিৱস (World Hypertension Day) পালন কৰা হয় ৷ বৰ্তমান সময়ত জীৱন-যাপনৰ ধাৰণা সলনি হোৱাৰ লগতে অত্যধিক মানসিক চাপ, কামৰ বোজা আদিৰ বাবে বৃদ্ধি পাবলৈ ধৰিছে উচ্চ ৰক্তচাপ ৷

বিশ্বৰ তৃতীয় মহমাৰীৰূপেও খ্যাত উচ্চৰক্তচাপ ৷ এই ৰোগত মৃত্যু হোৱা ৰোগীৰ হাৰ যথেষ্ট বেছি যদিও বৰ্তমানো মানুহে ইয়াক গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত নহয় ৷ সেয়ে চিকিৎসক ডাঃ শশাংক বৰুৱাই উচ্চ ৰক্তচাপৰ কাৰণ তথা লক্ষণসমূহৰ বিষয়ে বিবৰি কয়-

উচ্চ ৰক্তচাপৰ কাৰণসমূহ কি কি ?

  1. অত্যধিক মানসিক চাপ বা টেনচনৰ বাবে সহজেই উচ্চ ৰক্তচাপ হ'ব পাৰে ৷
  2. বংশগত কাৰণটো উচ্চৰক্তচাপ হ'ব পাৰে ৷ পিতৃ-মাতৃৰ লগতে যদি পৰিয়ালৰ কোনো সদস্যৰ ৰক্তচাপৰ সমস্যা থাকে তেতিয়া হ'লে এনে হোৱাৰ আশংকা থাকে ৷
  3. শৰীৰৰ অতিৰিক্ত ওজন অর্থাৎ মেদবহুলতা হ'ব পাৰে উচ্চ ৰক্তচাপ বৃদ্ধিৰ অন্যতম কাৰণ ৷
    জীৱন-যাপন বা লাইফ ষ্টাইলৰ বাবেও হ'ব পাৰে ৷
  4. নিচা সেৱন, মাদক দ্ৰব্য সেৱন কৰাৰ বাবেও এনে হ'ব পাৰে ৷
  5. বেছি নিমখ খালেও এই ৰোগ হ'ব পাৰে ৷
  6. তেজত ক'লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ'লে আন ৰোগৰ লগতে ৰক্তচাপো বৃদ্ধি হয় ৷
  7. দিনটোৰ ভিতৰত বেছিকৈ চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰাৰ পিচত যদি কঠোৰ পৰিশ্ৰম নকৰে তেতিয়া লাহে লাহে ৰক্তচাপ বাঢ়িবলৈ ধৰে ৷
  8. ধূম্ৰপান হ'ব পাৰে ৰক্তচাপ বৃদ্ধিৰ কাৰণ ৷

উচ্চৰক্তচাপৰ লক্ষণ সমূহ কি কি ?

  1. উচ্চ ৰক্তচাপত আক্ৰান্ত হ'লে মূৰৰ বিষ হ'ব পাৰে ৷ বিশেষকৈ মস্তিষ্কৰ পিছফালে বিষ আৰম্ভ হয় ৷
  2. কম-বেছি পৰিমাণে মূৰ ঘূৰাই থকাৰ সমস্যাই গা কৰি উঠে ৷
  3. উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ লগে লগে ক্লান্তি বা ভাগৰুৱা অনুভৱ হয় ৷
  4. সামান্য কাম কৰিলেও ভাগৰ অনুভৱ হ'ব পাৰে ৷
  5. বুকুৰ বিষ অনুভৱ কৰাটো আন এক লক্ষণ বুলি কোৱা হয় ৷

লগতে পঢ়ক: উচ্চ ৰক্তচাপৰ হাত সাৰিবলৈ পঢ়ক এই প্ৰতিবেদন - WORLD HYPERTENSION DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.