ETV Bharat / health

দুপৰীয়া খুব টোপনি ধৰে নেকি ? ইয়াৰ প্ৰকৃত কাৰণ কি জানেনে - Afternoon Sleepiness

Afternoon Sleepiness: প্ৰায়ে আপোনাৰ সৈতে এনেকুৱা হয় দুপৰীয়া ভাত খোৱাৰ পিচত বা কোনো কাৰণ নোহোৱাকৈও এনে টোপনি ধৰে ? যদি আপুনিও এই সমস্যাত ভুগিছে তেন্তে ইয়াৰ আঁৰৰ কাৰণ আৰু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে জনাটো খুবেই জৰুৰী ৷ আজি এই বিষয়ে জানো আহক-

What are the reasons for feeling sleepy in the afternoon, know how to get rid of it
দুপৰীয়া খুব টোপনি ধৰে নেকি ? ইয়াৰ প্ৰকৃত কাৰণ কি জানেনে (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 1:34 PM IST

দুপৰীয়া টোপনি তেনেই এক সাধাৰণ সমস্যা ৷ যদি আপুনি অফিচত কাম কৰি আছে বা ঘৰত জিৰণি লৈয়ে আছে, দুপৰীয়া প্ৰায়ে আমাক ভাগৰে আগুৰি ধৰে ৷ এই ক্লান্তিয়ে আমাক কামত বাধা দিয়ে আৰু আমাৰ মনোযোগিতা হ্ৰাস কৰে ৷ কিন্তু দুপৰীয়াৰ ভাগত টোপনি অহাৰ কাৰণ কি ? আৰু ইয়াৰ পৰা মুক্তিলাভ কৰাৰ উপায় কি জানো আহক-

দুপৰীয়া টোপনি অহাৰ কাৰণ

অনিয়মিত টোপনিৰ চক্ৰ– ৰাতি পলমকৈ শুলে আৰু পুৱা দেৰিকৈ উঠিলে আপোনাৰ টোপনিৰ চক্ৰ বিঘ্নিত হ’ব পাৰে ৷

বেয়া খাদ্যাভ্যাস– ভজা খাদ্য বেছিকৈ খোৱা, কেফেইন আৰু মদ্যপান বেছিকৈ সেৱন কৰিলেও দুপৰীয়া টোপনি আহিব পাৰে ৷

মানসিক চাপ– কামৰ বোজা, পৰিয়ালৰ সমস্যা আৰু অন্যান্য মানসিক চাপৰ পৰিস্থিতিয়েও দুপৰীয়াৰ টোপনিৰ সৃষ্টি কৰিব পাৰে ৷

পানী কমকৈ খোৱা– শৰীৰত পানীৰ অভাৱত ভাগৰুৱা আৰু এলেহুৱা অনুভৱ হ’ব পাৰে ৷

কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া– কিছুমান ঔষধৰ বাবেও টোপনি আহিব পাৰে ৷

লগতে পঢ়ক: ৰাতি টোপনি নাহে নেকি ? এই ৪ বিধ ভিটামিনৰ অভাৱ বিপদজনক...কাঢ়ি ল’ব পাৰে আপোনাৰ টোপনি - Causes of Sleeplessness

দুপৰীয়া অহা টোপনিৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

নিয়মীয়া টোপনিৰ চক্ৰ– প্ৰতিদিনে একে সময়তে শোৱা আৰু সাৰ পোৱা ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰে এটা নিৰ্দিষ্ট টোপনিৰ চক্ৰত সোমাবলৈ বাধ্য হ’ব ৷

স্বাস্থ্যসন্মত খাদ্য– লঘু আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক ৷ প্ৰ’টিন আৰু আঁহযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক ৷

কেফেইন আৰু এলক’হল পৰিহাৰ কৰক– দুপৰীয়া কেফেইন আৰু এলক’হল সেৱন নকৰিব ৷

পৰ্যাপ্ত পৰিমাণৰ পানী খাওক- দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ৷

ৰ’দৰ তাপ লওক- পুৱা ৰ’দত কিছু সময় বহিলে আপোনাৰ মেজাজ উন্নত হ’ব আৰু টোপনি কমি যাব ৷

চুটি টোপনি লওক– দুপৰীয়া যদি আপুনি অতি ভাগৰুৱা অনুভৱ কৰিছে তেন্তে ২০-৩০ মিনিটৰ চুটি টোপনি ল’ব পাৰে ৷

ব্যায়াম– নিয়মিত ব্যায়াম কৰিলে আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু আপুনি অধিক শক্তিশালী অনুভৱ কৰিব ৷

মানসিক চাপ হ্ৰাস কৰক– যোগাসন, ধ্যান বা আন যিকোনো কামৰ জৰিয়তে মানসিক চাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক: বয়স অনুযায়ী আমি কিমান ঘন্টা শুব লাগে ? চাওক তালিকা - Sleep According to Age

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.