যদি আপোনাৰো জীৱনৰ সমস্যাবোৰৰ বিষয়ে ভাবি-গুণি ৰাতি টোপনি নহাৰ সমস্যা হৈছে, তেন্তে এই সমস্যাৰ সামাধান আছে ৷ হয়, আপোনাৰ নিশাৰ আহাৰত কেইটামান বিশেষ ফল অন্তৰ্ভূক্ত কৰিয়েই আপুনি অনিদ্ৰাৰ পৰা হাত সাৰি থাকিব পাৰে ৷ শৰীৰটো সুস্থ-সবল হৈ থাকিব বাবে প্ৰতিদিনে সাত বা আঠ ঘণ্টা টোপনি যোৱাটো খুবেই জৰুৰী ৷ কিন্তু, আজিৰ ব্যস্ত জীৱনত সদায়েই পৰ্যাপ্ত টোপনি যোৱাটো সকলোৰে বাবে সম্ভৱপৰ নহ'ব পাৰে ৷ যিয়ে, মানসিক স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলাব পাৰে ৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে, নিশাৰ আহাৰত কেতবোৰ ফল খালে টোপনি খুব ভালকৈ আহে ৷ এই ফলত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ, মেলাটোনিন আৰু পটাছিয়ামৰ বাবে ভালদৰে টোপনি যোৱাত ই সহায় কৰিব পাৰে ৷এই ফল কেইবিধ হৈছে-
আপেল
বিশেষজ্ঞসকলৰ মতে, আপেল হৈছে পুষ্টিৰ এক উৎকৃষ্ট উৎস, যি নিশাৰ ভাল টোপনিত অৰিহণা যোগায় ৷ আপেল ভিটামিন আৰু মেলাটোনিনৰে সমৃদ্ধ, যিয়ে নিশাৰ সাৰ পোৱা প্ৰতিহত কৰাত সহায় কৰে ৷ আপেলত থকা ভিটামিন বি-৬য়েও অনিদ্ৰা হ্ৰাস কৰিব পাৰে ৷তদুপৰি, ইয়াত থকা আঁহ আৰু প্ৰাকৃতিক শৰ্কৰাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ হয় আৰু ব্যক্তি এজনৰ সাধাৰণ মনোভাৱ উন্নত হয় আৰু লগতে সামগ্ৰিক সুস্থতা অক্ষুন্ন থাকে ৷
চেৰী
চেৰীয়ে শৰীৰত এণ্টি-অক্সিডেণ্ট মেলাটোনিনৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যিয়ে টোপনি অহাত সহায় কৰে ৷ লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটিৰ এক অধ্যয়নতো চেৰীৰ ৰস খোৱাটোৱে অনিদ্ৰা উপশম কৰাত সহায় কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে ৷
কিৱি
কিৱিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ৷ বিশেষকৈ ভিটামিন চি, ই, পটাছিয়াম আৰু ফলেট কিৱিত ভৰপুৰ মাত্ৰাত পোৱা যায় ৷ পুষ্টিবিদসকলৰ মতে, শোৱাৰ আগতে কিৱি খালে ই টোপনিৰ মানদণ্ড উন্নত কৰিব পাৰে ৷ গৱেষকসকলে এইটোও বিশ্বাস কৰে যে কিৱি চেৰোটনিনত সমৃদ্ধ, যিয়ে টোপনিত সহায় কৰে ৷
কল
কলক পুষ্টিৰ শক্তিক্ষেত্ৰ বুলি গণ্য কৰা হয় আৰু শোৱাৰ ঠিক আগতে কল খোৱাটোৱে নিদ্ৰাহীনতাৰ সমস্যা সমাধান কৰিব পাৰে ৷ কলত উচ্চ পৰিমাণৰ মেগনেছিয়াম আৰু পটাছিয়াম থাকে, যিয়ে পেশী শিথিল কৰিব পাৰে ৷ ইয়াৰ লগতে, ইয়াত ট্ৰিপ্টোফেন থাকে, যিয়ে মনোভাৱ নিয়ন্ত্ৰণ কৰে আৰু শিথিলতা বৃদ্ধি কৰে ৷
আনাৰস
আনাৰসতো মেলাটোনিন, ভিটামিন চি, মেগনেছিয়াম আৰু আঁহ থাকে ৷ এই সকলোবোৰে টোপনি আৰু জাগ্ৰত চক্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ৷ গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে আনাৰস খোৱাৰ পিছত মেলাটোনিন মাৰ্কাৰবোৰ শৰীৰত বৃদ্ধি হয়, যাৰ ফলত আপুনি নিশা সোনকালে টোপনি যায় ৷ আনাৰসত ব্ৰোমেলাইন থাকে, যি ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণৰ বাবে পেশীশিথিল কৰাত সহায় কৰে আৰু টোপনি ভাল কৰে ৷
লগতে পঢ়ক: GI টেগ লাভ কৰা কাজি নেমুৰ কিছু নজনা কথা