ETV Bharat / health

শাওনৰ শিৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখিলে পূৰ্ণ হ’ব সকলো মনোকামনা...জানি লওক এই দিনটোৰ বিশেষত্ব - Sawan Shivratri 2024

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 6:42 PM IST

Sawan Shivratri 2024: ভাৰতীয় হিন্দু ধৰ্মৰ এটা বিশেষ উৎসৱ হৈছে শাওনৰ শিৱৰাত্ৰি । হিন্দুধৰ্মৰ আৰাধ্য দেৱ শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয় । জানো আহক এই দিনটোৰ বিশেষত্বৰ লগতে ব্ৰত ৰখাৰ লাভালাভ তথা পূজা বিধি ৷

Sawan Shivratri 2024
শাওনৰ শিৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখিলে পূৰ্ণ হ’ব সকলো মনোকামনা...জানি লওক এই দিনটোৰ বিশেষত্ব (FREEPIK)

হিন্দু ধৰ্মত শিৱৰাত্ৰিত উপবাস অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । এই ব্ৰত পালন কৰি ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰিব পাৰি । এই ব্ৰতৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে বহু ধৰণৰ উপকাৰিতা লাভ কৰে । শিৱৰাত্ৰিৰ এই পৱিত্ৰ দিনটোত জলাভিষেক কৰাৰ শুভ সময়, পূজা পদ্ধতি, উপবাস ভংগৰ সময় আৰু লাভালাভ জানি লওক-

শাওনৰ শিৱৰাত্ৰিক হিন্দু ধৰ্মত অতি পবিত্ৰ আৰু বিশেষ বুলি গণ্য কৰা হয় । এই উৎসৱ শাওন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয় । এই দিনটো ভগৱান শিৱৰ পূজাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, কাৰণ শাওন মাহটো ভগৱান শিৱৰ বাবে অতি প্ৰিয় । আজিৰ দিনটোতে ভক্তসকলে উপবাস পালন কৰি শিৱলিংগক গংগাজল, গাখীৰ, দৈ, মৌ, বেলপত্ৰ আগবঢ়ায়, আৰু পূৰ্ণ ভক্তিৰে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আৰাধনা কৰে ।

শাওনৰ শিৱৰাত্ৰি ২০২৪ পূজন মুহূৰ্ত

প্ৰথম প্ৰহৰৰ পূজা – সন্ধিয়া ০৭:১১ বজাৰ পৰা নিশা ০৯:৪৯ বজালৈ

দ্বিতীয় প্ৰহৰৰ পূজা – নিশা ০৯:৪৯ বজাৰ পৰা ১২:২৭ বজালৈ ৩ আগষ্ট

তৃতীয় প্ৰহৰৰ পূজা – পুৱা ১২:২৭ বজাৰ পৰা পুৱা ০৩:০৬ বজালৈ ৩ আগষ্ট

চতুৰ্থ প্ৰহৰৰ পূজা – পুৱা ০৩:০৬ বজাৰ পৰা পুৱা ০৫:৪৪ বজালৈ ৩ আগষ্ট

শাওনৰ শিৱৰাত্ৰিৰ উৎসৱ কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীকেই নহয়, ই আত্মশুদ্ধি আৰু আধ্যাত্মিক প্ৰগতিৰো পথ প্ৰশস্ত কৰে । এই দিনটোত পূজা কৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতী সন্তুষ্ট হৈ ভক্তসকলৰ সকলো কামনা পূৰণ কৰে আৰু তেওঁলোকৰ ওপৰত আশীৰ্বাদ ৰাখে বুলি বিশ্বাস কৰা হয় । এই দিনটোত উপবাস কৰিলে ভক্তসকলৰ সুখ, শান্তি আৰু সৌভাগ্যৰ প্ৰাপ্তি হয় । অখণ্ড সৌভাগ্য আৰু সন্তান জন্মৰ কামনা কৰি এই উপবাস পালন কৰা হয় ।

শিৱৰাত্ৰিৰ দিনা জলাভিষেক আৰু পূজাৰ শুভ সময়

শাওন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি ২০২৪ চনৰ ২ আগষ্টৰ বিয়লি ৩:২৬ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ৩ আগষ্টৰ বিয়লি ৩:৫০ বজাত শেষ হ’ব । নিশিত কালত শিৱৰাত্ৰিত ভগৱান শিৱক পূজা কৰাটো অতি শুভ আৰু উত্তম বুলি গণ্য কৰা হয় । নিশিত কালত ভোলানাথক পূজা কৰিলে ভক্তসকলৰ সকলো মনোবাঞ্চা পূৰণ হয় বুলি বিশ্বাস কৰা হয় ।

এই ৪২ মিনিট আটাইতকৈ শুভ

জ্যোতিষ শাস্ত্ৰৰ মতে, শাওনৰ শিৱৰাত্ৰিৰ দিনা নিশিত কালত ভোলানাথক পূজা কৰাৰ শুভ সময় হ’ব পুৱা ১২:০৬ বজাৰ পৰা ১২:৪৮ বজালৈ । গতিকে এই শিৱৰাত্ৰিত ভক্তসকলে ভোলানাথক পূজা কৰিবলৈ ৪২ মিনিটৰ শুভ সময় লাভ কৰিব । পূজা কৰি য’ত ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হ’ব ।

শাওন শিৱৰাত্ৰিৰ উপবাস ভংগৰ সময়

২০২৪ চনৰ ৩ আগষ্ট অৰ্থাৎ শিৱৰাত্ৰিৰ পিছদিনা শাওনৰ শিৱৰাত্ৰীৰ ব্ৰত ভংগ কৰিব পাৰে । পুৱা ৫.৪৩ বজাৰ পৰা বিয়লি ৩.৪৮ বজালৈ উপবাস ভংগৰ শুভ সময় ।

ভগৱান শিৱ পূজা আৰু জলাভিষেক কৰা পদ্ধতি

শিৱৰাত্ৰিৰ দিনা শিৱলিংগত অভিষেক কৰিবলৈ প্ৰথমে ভগৱান শিৱক গংগা জলেৰে অভিষেক কৰক । ভগৱান শিৱৰ অভিষেক কেৱল পাত্ৰৰে কৰিব লাগে । ইয়াৰ পিছত কেঁচা গাখীৰেৰে অভিষেক কৰক । এতিয়া সাধাৰণ পানীৰে অভিষেক কৰক । আপোনাৰ ইচ্ছা অনুসৰি পিতলৰ পাত্ৰত গাখীৰ, দৈ, মৌ, গংগাজল আৰু পানী মিহলাই পঞ্চামৃত তৈয়াৰ কৰিব পাৰে আৰু এই পঞ্চমৃতেৰে মহাদেৱক অভিষেক কৰিব পাৰে ।

অভিষেক কৰি থাকোঁতে ওম নমঃ শিৱায় মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক । শিৱলিংগ অভিষেক কৰাৰ পিছত শিৱলিংগত ধতুৰা, বেলপাত্ৰ, শমি পাত, ফুল আৰু ফল আদি অৰ্পণ কৰিব লাগে । এতিয়া ভগৱান শিৱৰ সন্মুখত ধূপ আৰু দীপ জ্বলাওক । এই সময়তো মন্ত্ৰ জপ বা শিৱ চালিছা পাঠ কৰিব পাৰে । ভোলানাথৰ আৰতিৰে পূজাৰ সামৰণি কৰক ।

লগতে পঢ়ক: শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.