ETV Bharat / health

আপোনাৰ যকৃতৰ বাবে বৰবিহ স্বৰূপ এইসমূহ খাদ্য - Liver Damage

author img

By ETV Bharat Health Team

Published : Aug 23, 2024, 5:35 PM IST

Updated : Aug 24, 2024, 12:53 PM IST

Liver Damage: মদ্যপান আৰু ধূমপানে যকৃতৰ ক্ষতি কৰিব পাৰে বুলি সকলোৱে জানে যদিও বিশেষজ্ঞসকলে কয় যে কিছুমান এনে খাদ্যও আছে যিয়ে আপোনাৰ যকৃতৰ বাবে ইয়াতকৈ অধিক বিপদৰ সৃষ্টি কৰিব পাৰে ৷ তেন্তে আহকচোন জানো যকৃতৰ বাবে এই ক্ষতিকাৰক খাদ্যসমূহনো কি-

Not Just Smoking and Drinking: Foods That Harm Your Liver the Most
আপোনাৰ যকৃতৰ বাবে বৰবিহ স্বৰূপ এইসমূহ খাদ্য (CANVA)

যকৃত আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু অন্যতম গুৰুত্বপূৰ্ণ অংগ ৷ ই অতি নমনীয়, আৰু ইয়াৰ ৭৫% ক্ষতি হ’লেও ই নিজাববীয়াকৈ ভাল হ’ব পাৰে । কিন্তু সামান্য ক্ষতি হ’লেও ইয়াৰ কাৰ্যত প্ৰভাৱ পৰিব পাৰে ৷ যদিও সুৰাপান আৰু ধূমপান যকৃতৰ ক্ষতিৰ বাবে দায়ী, তথাপিও হায়দৰাবাদৰ এগৰাকী বিশিষ্ট পুষ্টিবিদ ডাঃ অঞ্জলি দেৱীয়ে আঙুলিয়াই দিয়ে যে দৈনন্দিন আমি খোৱা বিভিন্ন খাদ্যয়েও কম বেছি পৰিমাণে হ’লেও আমাৰ যকৃতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ কেৱল মদ্যপান-ধূমপানেই নহয় আপুনি খোৱা এইবোৰ খাদ্যয়েও আপোনাৰ যকৃতৰ ক্ষতি কৰিব পাৰে ৷ তেন্তে জানো আহক এই খাদ্যসমূহনো কি-

শীতল পানীয়

চেনিযুক্ত পানীয় সেৱন কৰিলে যকৃতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ অতিৰিক্ত চেনি যকৃতত চৰ্বি হিচাপে জমা হৈ থাকে, যাৰ ফলত সময়ৰ লগে লগে যকৃতৰ কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ ইয়াৰ উপৰিও অধিক নিমখ গ্ৰহণ কৰিলে তৰল পদাৰ্থ জমা হোৱা বৃদ্ধি পায়, যিয়ে যকৃতৰ ৰোগত অৰিহণা যোগাব পাৰে ৷

চৰ্বিযুক্ত খাদ্য

মাখন, ঘিউ, পনিৰ, ৰঙা মাংস আদি উচ্চ চৰ্বিযুক্ত খাদ্যই যকৃতৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ এই খাদ্যবোৰত প্ৰচুৰ পৰিমাণে চৰ্বি থাকে যিবোৰ অতিৰিক্তভাৱে সেৱন কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে ৷

প্ৰক্ৰিয়াকৃত খাদ্য

ফাষ্ট ফুড, জাংক ফুড, কৃত্ৰিম ৰং আৰু সোৱাদযুক্ত সামগ্ৰীও ক্ষতিকাৰক ৷ এই সামগ্ৰীসমূহত থকা চেনি আৰু অন্য যোগ কৰা পদাৰ্থই যকৃতৰ বাবে যথেষ্ট ক্ষতিকাৰক ক্ষতিকাৰক হ’ব পাৰে ৷

ৰাসায়নিকভাৱে উৎপাদিত খাদ্য

ৰাসায়নিক পদাৰ্থ আৰু কীটনাশক দ্ৰব্যৰে খেতি কৰা খাদ্য পৰিহাৰ কৰাটো ভাল ৷ জৈৱিকভাৱে উৎপাদিত সামগ্ৰী বাছি ল’লে যকৃতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে ৷

চেনি আৰু বেকাৰী সামগ্ৰী

অত্যধিক চেনি সেৱনৰ ফলত যকৃতত চৰ্বি জমা হ’ব পাৰে ৷ বেকাৰীৰ সামগ্ৰী যেনে বগা ৰুটি, পেষ্ট্ৰি, চোডা, মিঠাই কমকৈ খাব লাগে ৷

কাৰ্বহাইড্ৰেট

অতিৰিক্ত কাৰ্বহাইড্ৰেট গ্ৰহণ কৰিলে যকৃতত অতিৰিক্ত চাপ পৰিব পাৰে, যাৰ ফলত চৰ্বিযুক্ত যকৃতৰ সমস্যাই দেখা দিব পাৰে ৷ সেয়ে যকৃতৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ’লে আপুনি সীমিত পৰিমাণে কাৰ্বহাইড্ৰেট গ্ৰহণ কৰা উচিত ৷

ৰঙা আৰু প্ৰচেছড মাংস

বিশেষকৈ ৰাসায়নিক পদাৰ্থৰে প্ৰক্ৰিয়াকৃত মাংসও যকৃতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ লীণ মাংস বাছি লোৱা আৰু অধিক পৰিমাণে প্ৰছেচড মাংস খোৱাৰ পৰা বিৰত থাকিলে আপুনি যকৃত ৰোধ কৰিব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: ডায়েবেটিছত আক্ৰান্তই ভাত খাব লাগেনে ৰুটি ? কি কয় বিশেষজ্ঞই - Diabetes and Rice

Last Updated : Aug 24, 2024, 12:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.