বৰ্তমান সময়ত অনিয়মিত জীৱনশৈলী তথা ভুল খাদ্যাভ্যাসৰ ফলত বহু গুৰুতৰ ৰোগৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে ৷ ইয়াৰে এটা হ’ল হৃদৰোগ ৷ ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীয়ে আমাৰ হৃদয়ত প্ৰভাৱ পেলায় ৷ কিন্তু শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে জন্মৰ ওজনেই ভৱিষ্যতে হৃদৰোগৰ সম্ভাৱনা নিৰ্ণয় কৰে ৷
এই কথা পোহৰলৈ আহিল-
গৱেষকসকলে বিচাৰি উলিয়াইছে যে, মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত ভাগ কৰা বিপদজনক জিন তথা জন্মৰ সময়ত থকা ওজন প্ৰাপ্তবয়স্কৰ হৃদৰোগৰ সৈতে জড়িত ৷ পূৰ্বৰ অধিকাংশ গৱেষণাৰ পৰা দেখা গৈছে যে চুটি জন্ম হোৱা লোকৰ ডাঙৰ হোৱাৰ লগে লগে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷
এই পৰিঘটনাৰ জৈৱিক কাৰণক লৈ দশক দশক ধৰি বিতৰ্ক চলি আহিছে যদিও ইয়াৰ সঠিক গৱেষণাৰ ফলাফল পোৱা নাযায় ৷ এটা গৱেষণা অনুসৰি গৰ্ভাৱস্থাত অপৰ্যাপ্ত পুষ্টি গ্ৰহণে বিকাশশীল ভ্ৰূণৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়, যাৰ ফলত অতিমাত্ৰা পুষ্টিৰ সময়ত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
Communications Biology নামৰ আলোচনীখনত প্ৰকাশিত এই তথ্যত দেখা গৈছে যে মাতৃৰ পৰা অহা জিনে বিকাশশীল ভ্ৰূণৰ বৃদ্ধিত প্ৰভাৱ পেলোৱাৰ লগতে শিশুৰ ওজনতো প্ৰভাৱ পেলায় ৷
ফিনলেণ্ডৰ হেলচিংকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, “এই জিনবোৰে শিশুলৈ সংক্ৰমিত হ’লেহে ৰোগৰ ভৱিষ্যতে শিশুটি বিভিন্ন ৰোগত ভুগিব পাৰে ৷”
পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে জন্মৰ সময়ত কম ওজন, যিটো সাধাৰণতে ২.৫ কিলোগ্ৰাম (৫.৫ পাউণ্ড)তকৈ কম বুলি সংজ্ঞায়িত কৰা হয়, এনে ক্ষেত্ৰত হৃদৰোগৰ সম্ভাৱনা অধিক থাকে । এইটোও জনা যায় যে, গৰ্ভাৱস্থাৰ সময়ত মাতৃৰ স্বাস্থ্যজনিত সমস্যা যেনে প্ৰিক্লেম্পচিয়া আৰু গৰ্ভাৱস্থাৰ ডায়েবেটিছো এই বিপদৰ ওপৰত প্ৰভাৱ পেলাব পাৰে । কিন্তু এতিয়ালৈকে কেৱল জন্মৰ ওজনে প্ৰত্যক্ষভাৱে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে নে নাই সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই ৷
মাতৃৰ পৰা পোৱা কিছুমান জিন দায়ী-
হেলচিংকি বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ মলিকুলাৰ মেডিচিন ফিনলেণ্ড (এফআইএমএম)ৰ পোষ্ট ডক্টৰেট গৱেষক জাকো লিনোনেনে কয়, “মাতৃৰ পৰা প্ৰেৰণ কৰা কিছুমান জিনে গৰ্ভত শিশুৰ বিকাশৰ অৱস্থাক প্ৰভাৱিত কৰে, যাৰ ফলত শিশুৰ জন্মৰ ওজনত প্ৰভাৱ পৰে ৷ বিনিময়ত শিশুটিয়ে মাতৃৰ পৰা এই জিনবোৰৰ কপি লাভ কৰে ৷”
"যেতিয়া আমি শিশুৰ অসুস্থতাৰ সম্ভাৱনাৰ ওপৰত জন্মৰ ওজনৰ সৈতে জড়িত জিনৰ প্ৰভাৱ অধ্যয়ন কৰিলোঁ, তেতিয়া আমি দেখিলোঁ যে জন্মৰ পূৰ্বে শিশুৰ বিকাশত মাতৃয়ে কৰা সৰু সৰু পৰিৱৰ্তনে শিশুৰ প্ৰাপ্তবয়স্ক হোৱাৰ সময়ত শৰীৰত যথেষ্ট প্ৰভাৱ পেলায় ৷"
এনে ৩৬ হাজাৰৰো অধিক মাতৃ-শিশুৰ যোৰৰ জিনীয় তথ্য চাই নতুন গৱেষণাৰ ফলাফল লাভ কৰা হৈছে ৷ গৱেষকসকলৰ মতে, পূৰ্বৰ জিনীয় অধ্যয়নত আংশিকভাৱে পৃথক ফলাফল পোৱা গৈছে ৷
এই অধ্যয়নৰ নেতৃত্ব দিয়া ডাঃ টাৰু টুকিয়াইনেনে কয় যে, গৱেষণাত আমি একে সময়তে মাতৃ আৰু তেওঁলোকৰ সন্তান উভয়ৰে জেনেটিক ডাটা ব্যৱহাৰ কৰিছিলোঁ ৷ “মাতৃৰ স্বাস্থ্য আৰু গৰ্ভত শিশুৰ অৱস্থানে কেনেদৰে শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে জানিবলৈ এই পদ্ধতি অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ৷”
জন্মৰ সময়ত অতি কম ওজন বা জন্মৰ ওজনৰ অন্যান্য উল্লেখযোগ্য পৰিৱৰ্তনে প্ৰাপ্তবয়স্ক অৱস্থাত ৰোগৰ আশংকা কেনেদৰে প্ৰভাৱিত কৰে সেইটো নিৰ্ণয় কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন ৷
লগতে পঢ়ক: বিচনাত প্ৰস্ৰাৱ কৰাকে ধৰি এই ৬টা লক্ষণ আপোনাৰ শিশুটিৰ দেহত দেখা দিছে নেকি ?