ETV Bharat / health

মাহেকীয়াৰ সময়ত হোৱা ভৰিৰ বিষ কেনেকৈ কম কৰিব জানি লওক - মাহেকীয়াৰ সমস্যা

Leg pain reason before period: বহু মহিলা আৰু ছোৱালীৰ ক্ষেত্ৰত মাহেকীয়াৰ সময়ত বা তাৰ আগতে ভৰিৰ বিষ দেখা দিয়ে । ইয়াৰ উপৰিও এই সময়ছোৱাত শৰীৰত জঠৰতা বাঢ়ি যায় । গতিকে জানো আহক ইয়াৰ কাৰণ ।

Leg Pain During Periods, Know Instant Relief Remedies
মাহেকীয়াৰ সময়ত কিয় ভৰি বিষায়
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 4:59 PM IST

মাহেকীয়াৰ সময়ত মহিলা বা ছোৱালীৰ ক্ষেত্ৰত ভৰিৰ বিষ আৰু হাত-ভৰি জঠৰ হোৱাৰ সমস্যাই দেখা দিয়ে ৷ বেছিভাগ মহিলা বা ছোৱালীয়ে মাহেকীয়া হোৱাৰ আগতে ভৰিৰ বিষ অনুভৱ কৰে । কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ কাৰণ কি ? কিয় বিষ হয় ? লগতে প্ৰশ্ন হয় যে এই বিষৰ বাবে ঔষধ খাব পাৰি নে ? নে ঘৰুৱা উপায়ৰ সহায় ল’ব লাগে ? ইয়াৰ কাৰণ আৰু কিছু ঘৰুৱা উপায় জানো আহক এই প্ৰতিবেদনত ।

মাহেকীয়াৰ সময়ত কিয় ভৰি বিষায় ?

মাহেকীয়াৰ সময়ত ইষ্ট্ৰজেন (Estrogen) আৰু প্ৰজেষ্টেৰনৰ (Progesterone) মাত্ৰা কমি যায়, আনহাতে মাহেকীয়াৰ শেষত প্ৰষ্টাগ্লেণ্ডিনৰ (Prostaglandin) উৎপাদন বৃদ্ধি পায় । এই হৰম’নৰ পৰিৱৰ্তনেই হৈছে ভৰিৰ বিষৰ কাৰণ । মন কৰিবলগীয়া কথাটো হ’ল ভৰিৰ বিষ স্বাভাৱিক পেশীৰ বিষতকৈ বেলেগ অনুভৱ হয় । এই সময়চোৱাত আপুনি অত্যধিক বিষ অনুভৱ কৰিব পাৰে, যিটো কেতিয়াবা এখন ভৰিত বা কেতিয়াবা দুয়োখন ভৰিতেই অনুভৱ কৰা যায় । এই বিষ মাহেকীয়া আৰম্ভ হোৱাৰ আগতেই বেছি হ’ব পাৰে আৰু বয়স বৃদ্ধিৰ লগে লগে বিষটো অধিক তীব্ৰ হ’ব পাৰে ।

মাহেকীয়াৰ ভৰিৰ বিষ কেনেকৈ কম কৰিব পাৰি ?

- গৰমৰ বটল বা হিটিং পেড ভৰিৰ বিষ হোৱা অংশত লগালে বিষ কম হ’ব ।

- নিশা বাৰে বাৰে প'জিশ্যন সলনি কৰি শুব ।

- লগতে ভৰি দুখন গৰম নিমখীয়া পানীত কিছু সময় ৰাখিব ।

- বেৰত ভৰি দুখন হেঁচা প্ৰয়োগ কৰি শুব । ইয়াৰ ফলত কিছু আৰাম পাব ।

মন কৰিবলগীয়া কথাটো হ’ল ভৰিৰ ফুলা কম কৰিবলৈ তেজৰ সঞ্চালন বৃদ্ধি কৰিব লাগে আৰু ইয়াৰ বাবে ষ্ট্ৰেচিং ব্যায়াম কৰিব লাগে । ইয়াৰ উপৰিও গাখীৰৰ লগত মিহলি হালধি খাব পাৰে যিয়ে মাহেকীয়াৰ ভৰিৰ বিষ কমোৱাত সহায় কৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: মানসিক স্বাস্থ্যৰ বিষয়ে সতৰ্কবাণী গৱেষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.