ETV Bharat / health

চিৰি বগোৱা নে দৌৰা ? ওজন কমাবৰ বাবে কোনটো উত্তম - Stairs vs Running - STAIRS VS RUNNING

Stairs Or Running: প্ৰায় সকলো ব্যায়ামেই ওজন কমোৱাৰ ক্ষেত্ৰত লাভদায়ক । একে সময়তে দৌৰিলে আৰু চিৰি বগালে ওজন কমোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় । কিন্তু এতিয়া প্ৰশ্ন হয় যে ওজন কমোৱাৰ বাবে দৌৰা আৰু চিৰি বগোৱাৰ ভিতৰত কোনটো অধিক ফলপ্ৰসূ জানো আহক-

stairs or running
চিৰি বগোৱা নে দৌৰা ? ওজন কমাবৰ বাবে কোনটো উত্তম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 3:30 PM IST

বৰ্তমান সময়ত মেদবহুলতা আটাইতকৈ ডাঙৰ স্বাস্থ্যজনিত সমস্যালৈ পৰিণত হৈ পৰিছে । কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্ববাসীয়েই ইয়াৰ ফলত বিভিন্ন ৰোগৰ সন্মূখীন হ’বলগীয়া হৈছে ।

এনে পৰিস্থিতিত অধিকাংশ লোকেই ওজন কমোৱাৰ বাবে বহু কষ্ট কৰিবলগীয়া হয় । মেদবহুলতা কমাবলৈ কিছুমানে ৱৰ্কআউট কৰে আৰু কিছুমানে জিমলৈ গৈ কঠোৰ ৱৰ্কআউট কৰে । কিন্তু কিছুমান লোক আছে যিয়ে কোনো কাৰণত জিমলৈ যাব নোৱাৰে বা ৱৰ্কআউটৰ বাবে সঁজুলি কিনিব নোৱাৰে । এনে লোকে দৌৰি বা চিৰি বগাই ওজন কমাবলৈ চেষ্টা কৰে ।

দৰাচলতে প্ৰতিটো ব্যায়ামেই কেলৰি বাৰ্ণ কৰাত সহায় কৰে । এনেক্ষেত্ৰত মেদবহুলতা কম কৰাৰ বাবে দৌৰা বা চিৰি বগোৱাটো এটা উত্তম বিকল্প, কিন্তু প্ৰায়েই মানুহৰ মনত খেলিমেলিৰ সৃষ্টি হয় যে ওজন কমাবলৈ চিৰি বগালে নে দৌৰিলে ভাল । যদি আপুনিও এই বিষয়ত বিভ্ৰান্ত হৈছে, তেন্তে আজি আমি আপোনাৰ এই খেলিমেলি দূৰ কৰিবলৈ ওলাইছো ।

মন কৰিবলগীয়া যে, অধিক তীব্ৰতাৰে দৌৰিলে আপোনাৰ অধিক কেলৰি বাৰ্ণ হ’ব । উদাহৰণস্বৰূপে, যদি আপুনি এঘণ্টা দৌৰে, তেন্তে আপোনাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় ৬০০ৰ পৰা ১০০০ কেলৰি কমাব পাৰে, আনহাতে চিৰি বগালে দৌৰাতকৈ কম কেলৰি হ্ৰাস হয়, কিন্তু তথাপিও ই অতি ফলপ্ৰসূ । এঘণ্টা চিৰি বগালে প্ৰায় ৫০০ৰ পৰা ৬০০ কেলৰি বাৰ্ণ কৰিব পৰা যায় ।

পেশীৰ ওপৰত প্ৰভাৱ পেলায়

দৌৰাৰ সময়ত ভৰিৰ কলাফুল, কোৱাড্ৰিচেপছ, হামষ্ট্ৰিংছ আৰু গ্লুটছকে ধৰি শৰীৰৰ তলৰ পেশীসমূহক লক্ষ্য কৰি লোৱা হয়, আনহাতে চিৰি বগাই যোৱাৰ সময়ত আপোনাৰ গ্লুটছ, কোৱাডছ আৰু ভৰিৰ কলাফুলৰ ভাল ব্যায়াম হয় । চিৰি বগালে শৰীৰৰ তলৰ পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে ।

গাঁঠিৰ ওপৰত কেনে প্ৰভাৱ পৰে ?

দৌৰাটো এটা হাই ইমপেক্ট ব্যায়াম, গতিকে ইয়াত গাঁঠিৰ সমস্যা বা আঘাতৰ আশংকা থাকে । দৌৰিলে শ্বিন স্প্লিণ্ট, আঁঠুৰ বিষ বা নিতম্বৰ সমস্যা হ’ব পাৰে । আনহাতে চিৰি বগালে কম প্ৰভাৱৰ ৱৰ্কআউট । ইয়াৰ ফলত আঁঠু আৰু গাঁঠিত কমকৈ চাপ পৰে । তৎস্বত্বেও ই এক ভাল কাৰ্ডিঅ’ভাস্কুলাৰ ৱৰ্কআউট ।

দুয়োটা ব্যায়াম আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক

যদি আপুনি ওজন কমোৱাৰ লগতে সামগ্ৰিক স্বাস্থ্যও ভাল বজাই ৰাখিব বিচাৰে, তেন্তে দুয়োটা ব্যায়ামকে আপুনি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো উচিত ।

লগতে পঢ়ক: এনেদৰে ২৩ কেজি ওজন হ্ৰাস কৰিলে অভিনেত্ৰী নেহা ধুপিয়াই - Neha Dhupia

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.