থাইৰইডৰ সমস্যা আজিকালি একেবাৰেই সচৰাচৰ হৈ পৰিছে ৷ থাইৰড নিয়ন্ত্ৰণ কৰিবলৈ আমি সঠিক আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ যদি আপোনাৰো থাইৰইডৰ সমস্যা আছে, তেন্তে আপুনি আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব ৷ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগিব কণী, যি হৈছে প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস ৷ কণী থাইৰইড ৰোগীৰ বাবে অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷ আজি এই বিষয়ে জানো আহক-
কণীত পোৱা পুষ্টি
কেৱল প্ৰ'টিনেই নহয়, কণীত বহুতো গুৰুত্বপূৰ্ণ পুষ্টি থাকে, যি থাইৰইডৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ৷ এইবোৰৰ ভিতৰত আছে-
আয়'ডিন
কণীত যথেষ্ট পৰিমাণৰ আয়'ডিন থাকে, যি থাইৰইড গ্ৰন্থিৰ সঠিক কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় ৷ আয়'ডিন থাইৰইড হ’ৰম’ন উৎপাদনত সহায়ক, যি শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য নিয়ন্ত্ৰণ কৰে ৷ আপুনি কণী ৰাতিপুৱাৰ আহাৰত অন্তৰ্ভূক্ত কৰিব পাৰে ৷
চেলেনিয়াম
কণীত চেলেনিয়াম পোৱা যায়, যি হৈছে এক এণ্টিঅক্সিডেণ্ট ৷এই এণ্টিঅক্সিডেণ্ট থাইৰইড গ্ৰন্থি সুৰক্ষিত কৰাত অত্যন্ত সহায়ক ৷ চেলেনিয়ামে থাইৰইড হৰমন গঠন আৰু কাৰ্যত সহায় কৰে আৰু থাইৰইডৰ সঠিক কাৰ্যক্ষমতা বজাই ৰাখে ৷ চেলেনিয়াম হৈছে এক চিত্তাকৰ্ষক এণ্টিঅক্সিডেণ্ট, যি শৰীৰৰ মুক্ত ৰেডিকেলবোৰ নিষ্ক্ৰীয় কৰে ৷ ই থাইৰইড গ্ৰন্থিক অক্সিডেটিভ চাপৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে, যাৰ ফলত থাইৰইড ৰোগৰ আশংকা হ্ৰাস হয় ৷
ভিটামিন ডি
কণীৰ কুহুম হৈছে ভিটামিন ডি-ৰ এক উৎকৃষ্ট উৎস, যি হাড় আৰু থাইৰইডৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ভিটামিন ডি-য়ে কেলচিয়াম শোষণ উন্নত কৰে আৰু থাইৰইড হৰমন গঠনত সহায় কৰে ৷ আপোনাৰ আহাৰত কণী অন্তৰ্ভুক্ত কৰি আপুনি ভিটামিন ডি-ৰ লাভালাভো প্ৰাপ্ত কৰিব পাৰে, যিয়ে আপোনাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷
ভিটামিন বি ১২
থাইৰইডৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে ভিটামিন বি১২ ও অত্যাৱশ্যকীয় ৷ কণীত যথেষ্ট পৰিমাণৰ ভিটামিন বি১২ থাকে, যি শক্তিৰ স্তৰ বজাই ৰখাত সহায় কৰে আৰু থাইৰইডৰ স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে ৷
কণী আপুনি সিজাই বা অমলেট কৰি খাব পাৰে ৷ কিন্তু, আহাৰৰ যিকোনো পৰিৱৰ্তন কৰাৰ আগতে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী ৷ সঠিক পৰিমাণত কণী সেৱনে আপোনাৰ থাইৰইডৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও লাভান্বিত হ'ব পাৰে ৷