ETV Bharat / health

কোনো কষ্ট নকৰাকৈ ওজন কমাব বিচাৰে নেকি ? তেন্তে অনুসৰণ কৰক এই টিপছ

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 12:26 PM IST

Weight Loss Tips: ওজন কমোৱাটো বহুতৰে বাবে ইমান সহজ নহয় ৷ দৈনিক ব্যায়াম, খাদ্য গ্ৰহণৰ পৰিমাণ কমোৱা আদি বিকল্প গ্ৰহণ কৰিলেহে আপুনি অতিৰিক্ত ওজন তথা চৰ্বি হ্ৰাস কৰিব পাৰে ৷ কিন্তু যদি আপুনি এই দুটা বস্তু সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰে, তেন্তে আমি আপোনাৰ বাবে আৰু অধিক সহজ বিকল্প লৈ আহিছো, যিয়ে আপোনাক নিশ্চয় সহায় কৰিব ৷ ফল দেখা যাব এসপ্তাহৰ ভিতৰত ৷

If you want to lose weight without much effort, then include these habits in your morning routine
কোনো কষ্ট নকৰাকৈ ওজন কমাব বিচাৰে নেকি ? তেন্তে অনুসৰণ কৰক এই টিপছ

ওজন কমোৱাটো অতি কঠিন কাম ৷ যিসকলৰ বাবে খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰাটো কঠিন তেওঁলোকৰ বাবে এয়া আৰু অধিক কঠিন কাম হৈ পৰে ৷ ওজন কমাবলৈ এটা অতি সহজ নিয়ম আছে: কেলৰিৰ সংখ্যা কমাই প্ৰতিদিনে কিছু শাৰীৰিক কাৰ্য-কলাপ কৰক ৷ ইয়াৰ দ্বাৰা আপুনি কেৱল অতিৰিক্ত ওজন হ্ৰাস কৰাই নহয় বৰঞ্চ গোটেই জীৱন ফিট হৈ থাকিব পাৰিব, কিন্তু আন কিছুমান সহজ পদ্ধতিও আছে, যিবোৰে আপোনাৰ এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াৰ বিষয়ে জানো আহক-

ব্ৰেকফাষ্ট এৰি নিদিব

খাদ্য, বিশেষকৈ ব্ৰেকফাষ্ট বাদ পৰিহাৰ কৰি ওজন কমাব নালাগে ৷ পুৱাৰ আহাৰ আমাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ ৷ ব্ৰেকফাষ্টত প্ৰ’টিন আৰু ফাইবাৰ সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰক ৷ ইয়াৰ বাবে পেটটো বহু সময়লৈকে ভৰি থাকে, যাৰ বাবে আপুনি বাৰে বাৰে ভোক অনুভৱ নকৰে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব পাৰে, যিটোৱে ওজন কমোৱাত সহায় কৰে ৷ কণী, অংকুৰিত বুট-মগু, চিলা, কাবুলি বুটৰ চালাড, পনীৰ পৰঠা এই সকলোবোৰ স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ বাবে ভাল বিকল্প ৷

পৰ্যাপ্ত পৰিমাণে পানী খাব

দুগিলাচ পানীৰে পুৱাৰ আৰম্ভণি কৰক ৷ কুহুমীয়া পানী খালে পেট পৰিষ্কাৰ হোৱাই নহয়, ওজনো হ্ৰাস হয়৷ অৱশ্যে পানী খালে পেট ভৰি থাকে , যাৰ ফলত ওজন কমাবলৈ সহজ হয় ৷

শৰীৰ সক্ৰিয় কৰি ৰাখক

যদি কাৰ্ডিঅ’, কোৰ, শক্তি প্ৰশিক্ষণ আপোনাৰ দ্বাৰা কৰাটো সম্ভৱ নহয়, তেন্তে চিন্তাৰ কাৰণ নাই ৷ সহজ খোজ কঢ়া, জগিং কৰা, স্কিপিং কৰা বা চাইকেল চলোৱাও শৰীৰক ফিট আৰু সক্ৰিয় কৰি ৰখাৰ বাবে ভাল আৰু ফলপ্ৰসূ উপায় ৷

ই আপোনাৰ কেলৰি বাৰ্ণ কৰাৰ প্ৰক্ৰিয়াটোও ক্ষীপ্ৰ কৰে, আপোনাৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰাখে, যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখে ৷

পুৱা কিছু সময় ব্যায়াম কৰিলেও আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে ৷ যদি ৰক্তশৰ্কৰাৰ মাত্ৰা কম থাকে তেন্তে ভোক কমকৈ লাগে ৷

গতিকে যদি আপুনি জিমলৈ গৈ ৱৰ্কআউট কৰিব নিবিচাৰে তেন্তে এই অভ্যাসবোৰ আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লওক ৷

লগতে পঢ়ক: এপল চাইডাৰ ভিনেগাৰে সঁচাকৈ ওজন হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.