ETV Bharat / health

ধুনীয়া, ঘন আৰু কোমল চুলি বিচাৰে নেকি ? তেন্তে কৰক এই ৫টা কাম - চুলিৰ যতনৰ টিপছ

Healthy Hair Routine: চুলি সুস্থ কৰি ৰাখিবলৈ ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ চুলিৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে তলত উল্লেখিত টিপছবোৰ মানি চলক

If you want thick and beautiful and soft hair then do these 5 easy things before sleeping
ধুনীয়া, ঘন আৰু কোমল চুলি বিচাৰে নেকি ? তেন্তে কৰক এই ৫টা কাম
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:17 PM IST

চুলিবোৰ ফণিয়াওতে বহুখিনি চুলি সৰি যায় নেকি, নে আপুনি সদায় চুলিবোৰ জঁট ভাঙিবলৈ বহু সময় নষ্ট কৰে ? যদি আপোনাৰ উত্তৰ 'হয়' তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে ৷

এই প্ৰতিবেদনত আমি আপোনালোকক জনাবলৈ লৈছো সুস্থ চুলিৰ সৈতে জড়িত এনে কিছুমান ৰুটিন টিপছৰ বিষয়ে, যাৰ সহায়ত আপুনি আপোনাৰ চুলিৰ ক্ষতি হোৱাৰ পৰা সহজেই ৰক্ষা কৰিব পাৰে ৷ কেৱল এয়াই নহয়, এই টিপচ্ সমূহে আপোনাৰ চুলিকো ডাঠ, ধুনীয়া আৰু চিকচিকিয়া কৰি তোলে ৷ বিশেষ কথাটো হ’ল এই পদ্ধতিসমূহ অনুসৰণ কৰাটো অতি সহজ ৷

শুবলৈ যোৱাৰ পূৰ্বে চুলিখিনি ফণিয়াওক

শুবলৈ যোৱাৰ পূৰ্বে চুলিখিনি ভালদৰে ফণিয়াওক ৷ চুলি দীঘল হ’লে ঢিলাকৈ বেনী গাঁঠিব পাৰে ৷ এনে কৰিলে চুলিবোৰ দুৰ্বল আৰু শুকান নহয় ৷

তেল প্ৰয়োগ কৰক

শুবলৈ যোৱাৰ পূৰ্বে কুহুমীয়া নাৰিকল বা আলমণ্ড তেল লগাব লাগে ৷ ইয়াৰ দ্বাৰা মূৰৰ ছালে পুষ্টি লাভ কৰাই নহয়, ৰক্ত সঞ্চালনো উন্নত হয় ৷ অৱশ্যে পুৱা শ্বেম্পুৰে চুলিখিনি ধুবলৈ নাপাহৰিব, ইয়াৰ ফলত চুলি কোমল আৰু মজবুত হ’ব ৷

চুলি ভালদৰে শুকুৱাই লওক

তিতা চুলি অধিক দুৰ্বল, গতিকে যদি আপুনি তিতা চুলিৰে শুই থাকে তেন্তে চুলি চিগিব পাৰে আৰু অধিক ক্ষতিগ্ৰস্ত হয় ৷ গতিকে শুবলৈ যোৱাৰ পূৰ্বে সদায় চুলিখিনি ভালদৰে শুকুৱাই ল’ব লাগে ৷

যথেষ্ট পানী খাব

চুলিক সুন্দৰ কৰিবলৈ ভিতৰৰ পৰা সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ এনে অৱস্থাত শুবলৈ যোৱাৰ পূৰ্বে আৰু পুৱা সাৰ পোৱাৰ পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ ইয়াৰ ফলত মূৰৰ ছাল হাইড্ৰেটেড হৈ থাকিব আৰু চুলি শুকান হোৱাৰ পৰা ৰক্ষা কৰিব ৷ মনত ৰাখিব, পানীয়ে আপোনাৰ শৰীৰ আৰু চুলি দুয়োটাৰে বাবে ঔষধৰ দৰে কাম কৰে ৷

লগতে পঢ়ক: ৫৯ বছৰ বয়সত টিভি অভিনেতা Rituraj Singhৰ মৃত্যু ? এয়াই আছিল মৃত্যুৰ মূল কাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.