ETV Bharat / health

বৰষুণৰ দিনত আমনিদায়ক হৈ পৰিছে নেকি ৰঙা পৰুৱা ? নিমখ আৰু মছলা ব্যৱহাৰেৰে পাওক পৰিত্ৰাণ - how to get rid of red ants

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 4:42 PM IST

How to get rid of red ants: বাৰিষাৰ সময়ত ঘৰৰ চাৰিওফালে ৰঙা আৰু ক’লা পৰুৱা দেখা যায় । এই বতৰত আৰ্দ্ৰতা বৃদ্ধি পাই যাৰ বাবে পৰুৱাবোৰ নিজৰ গাঁতৰ পৰা ওলাই আহে । যদি আপুনিও এই বতৰত এই পৰুৱাৰ দ্বাৰা অশান্তি পাইছে আৰু ইয়াৰ পৰা মুক্তি পাব বিচাৰিছে তেন্তে এই প্ৰতিবেদন আগলৈ পঢ়ক-

if red ants have become a nuisance in your house then get rid of them with these home remedies
ৰঙা পৰুৱা খেদাৰ উপায় (ETV Bharat)

বাৰিষা ঋতু চলি আছে আৰু এই ঋতুত পোক-পতংগৰ উপৰিও, ৰঙা পৰুৱাৰ সমস্যাও যথেষ্ট পৰিমাণে দেখা যায় । ৰঙা পৰুৱাবোৰ যিমানে সৰু হয় সিমানেই সিহঁতে ধ্বংসৰ সৃষ্টি কৰে । যদি এই ৰঙা পৰুৱাবোৰৰ এক বৃহৎ সংখ্যক পৰুৱা ঘৰত প্ৰৱেশ কৰে, তেনেহ'লে ঘৰত ৰখা প্ৰায় সকলোবোৰ বস্তুৱেই নষ্ট কৰিবলৈ আৰম্ভ কৰে পৰুৱাবোৰে । এই পৰুৱাই কেৱল খাদ্য সামগ্ৰী নষ্ট কৰাই নহয়, বৰঞ্চ মানুহৰ সংস্পৰ্শলৈ আহিলে ছালত কামোৰে, যাৰ ফলত খজুৱতি আৰু জ্বলা-পোৰা আৰু ৰঙা চোকোৰা হয় ।

গাঁও হওক বা চহৰেই হওক, এই ঋতুত এই ধৰণৰ সমস্যা সকলোতে দেখা যায় । এতিয়া প্ৰশ্ন উত্থাপন হয় যে বাৰিষাৰ সময়ত এই ৰঙা পৰুৱাবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি ? আচলতে ঘৰৰ পৰা খেদি পঠিয়াবলৈ বজাৰত বহুতো কীটনাশক আৰু ঔষধ পোৱা যায় । কিন্তু, আজি আমি আপোনালোকক জনাম যে কেনেকৈ ঘৰত ৰখা কিছুমান বস্তুৰে এই সমস্যাৰ পৰা ক্ষন্তেকতে পৰিত্ৰাণ পাব পাৰি ।

বাৰিষাত পৰুৱাৰ পৰা মুক্তি পাবলৈ কিছুমান সহজ কৌশল আগবঢ়োৱা হ’ল :

টেঙা খাদ্য ব্যৱহাৰ কৰক

পৰুৱাবোৰক প্ৰতিহত কৰিবলৈ নেমু আৰু কমলাৰ বাকলি ব্যৱহাৰ কৰিব, কিয়নো ছাইট্ৰাছৰ গোন্ধে সিহঁতক আঁতৰাই ৰাখিব । আপুনি ঘৰত বনোৱা স্প্ৰে ব্যৱহাৰ কৰিও পৰুৱা খেদিব পাৰে । পানীৰ বটল এটা লওঁক আৰু ইয়াত নেমু বা কমলা ৰস চেপি লওঁক । লগতে এক চামুচ ভিনেগাৰো যোগ দিব পাৰে । এতিয়া পৰুৱা জমা হোৱা ঠাইবোৰত এই দ্ৰৱটো স্প্ৰে কৰক ।

নিমখ

প্ৰতিখন ঘৰতে নিমখ উপলব্ধ । আপোনাৰ ঘৰৰ সেই চুকবোৰত নিমখ ছটিয়াই দিব পাৰে য’ত পৰুৱা জমা হয় । এটা পাত্ৰত পানী আৰু নিমখ উতলাই স্প্ৰেৰ বটলত ভৰাই লওক । য'ত প্ৰয়োজন হয় তাতেই স্প্ৰে কৰিলে পৰুৱাৰ পৰা সোনকালে মুক্তি পাব ।

বাচন ধোৱা চাবোন

বাচন ধোৱা চাবোন হৈছে আপোনাৰ বাচন-বৰ্তনৰ পৰা দাগ আঁতৰ কৰাৰ এক উৎকৃষ্ট উপায় ৷ ই ঘৰৰ পৰা পৰুৱা আঁতৰাই ৰখাতো কাৰ্যকৰী । চাবোন আৰু অলপ পানী ব্যৱহাৰ কৰি ফেনযুক্ত দ্ৰৱ এটা বনাওক আৰু ইয়াক বটল এটাত ভৰাই পৰুৱা থকা জেগাত স্প্ৰে কৰক ।

পাকঘৰৰ মচলা ব্যৱহাৰ কৰিব পাৰে

আপুনি আপোনাৰ পাকঘৰৰ মচলাৰ সহায়তো পৰুৱাৰ পৰা পৰিত্ৰাণ পাব পাৰে । হালধি গুৰি আৰু জালুকৰ গুৰি এই ক্ষেত্ৰত যথেষ্ট কাৰ্যকৰী । আপুনি হালধি, জালুক আৰু নিমখ ব্যৱহাৰ কৰি এটা মিশ্ৰণ বনাব পাৰে । প্ৰভাৱিত স্থানত পাউডাৰৰ মিশ্ৰণটো ছটিয়াই দিয়ক নতুবা আপুনি ইয়াক পানীৰ বটলত মিহলি কৰি স্প্ৰে কৰক ।

পদিনা

পদিনা ও এক প্ৰাকৃতিক কীটনাশক । আপুনি এই তীব্ৰ গোন্ধযুক্ত পদিনা আপোনাৰ ঘৰৰ চাৰিওফালে ৰোপণ কৰিব পাৰে । একে সময়তে, পৰুৱাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পদিনাযুক্ত তেল ব্যৱহাৰ কৰিব পাৰে । আন পোক-পতংগৰ দৰে পৰুৱাইয়ো পদিনাৰ গোন্ধ বেয়া পায় ৷ আপুনি বাথৰূমৰ কোণত, বিচনাৰ তলত, পৰ্দাৰ পিচফালে আৰু পাকঘৰৰ মেজত পুদিনাৰ তেলত তিয়াই থোৱা কপাহৰ টুকুৰা এটা ৰাখি থ’ব পাৰে ।

লগতে পঢ়ক : বাৰিষাৰ বতৰত জেঠীক প্ৰৱেশত বাধা দিব কেনেকৈ : চাওক ঘৰুৱা দিহা - GET RID OF LIZARDS FROM HOME

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.