ETV Bharat / health

আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব চাহত চুমুক দিয়াৰ কথা - ICMR on milk tea

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:47 PM IST

ICMR on milk tea: আইচিএমআৰে গাখীৰৰ সৈতে চাহক স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি ঘোষণা কৰিছে । আইচিএমআৰৰ তথ্য অনুসৰি খাদ্য খোৱাৰ আগতে আৰু পিছত চাহ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । ব্লেক টিৰ কোনো ক্ষতি নহয় যদিও গাখীৰৰ সৈতে চাহ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। আইচিএমআৰে কিয় এই কথা কৈছে জানক-

ICMR advises against consuming milk tea; recommends optimal timing for tea and coffee consumption and expresses concern about excessive intake in new guidelines
আপোনাৰো চাহ প্ৰিয় নেকি ? সত্যটো জনাৰ পিচত আপুনি ভাবিব নে চাহত চুমুক দিয়াৰ কথা (ETV BHARAT ASSAM)

দেশত চাহ প্ৰেমীৰ অভাৱ নাই ৷ যদি আপুনি কাৰোবাক লগ কৰিব বিচাৰে বা কিবা এটা আলোচনা কৰিব বিচাৰে তেন্তে চাহ আপোনাৰ গ’-টু ৰিচ’ৰ্চ হৈ পৰে ৷ কিছুমান মানুহে চাহ খাই দিনটোৰ আৰম্ভণি কৰে ৷ কিন্তু এতিয়া ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ আইচিএমআৰে চাহ সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে ৷ য’ত গাখীৰৰ সৈতে চাহক স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি অভিহিত কৰা হৈছে ৷ আইচিএমআৰৰ অধ্যয়ন অনুসৰি গাখীৰৰ সৈতে চাহ খালে শৰীৰৰ বহু দিশত ক্ষতি কৰিব পাৰে ৷ যদি আপুনি খাদ্য খোৱাৰ পিছত বা আগতে চাহ খায় তেন্তে ই স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ আইচিএমআৰ অধ্যয়নৰ পিছত আমি বিশেষজ্ঞৰ সৈতে কথা পাতি চাহে স্বাস্থ্যৰ কেনে ক্ষতি কৰে সেই কথা জানিব পাৰিব ৷

চাহত ৰাসায়নিক পদাৰ্থ থাকে

সফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ যুগল কিশোৰে এই বিষয়ে জনাইছে ৷ ডাঃ কিশোৰৰ মতে যদি আপুনি ক’লা চাহ খায় তেন্তে শৰীৰৰ ক্ষতিৰ সম্ভাৱনা কমি যায় ৷ কিন্তু গাখীৰৰ সৈতে চাহ খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ডাঃ কিশোৰে কয় যে চাহতো বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে ৷ এই ৰাসায়নিক পদাৰ্থবোৰ গাখীৰৰ লগত মিহলি হ’লে প্ৰতিক্ৰিয়াশীল হৈ শৰীৰৰ ক্ষতি কৰে ৷ ডাঃ কিশোৰে কয় যে, চাহত টেনিন থাকে ৷ এইটো সেৱন কৰিলে শৰীৰত আইৰণৰ অভাৱ হ’ব পাৰে ৷ আইৰণৰ অভাৱ হ’লে বহু ৰোগৰ আশংকা থাকে ৷

কেফেইনৰ পৰিমাণ বৃদ্ধি

গৰ্ভাৱস্থাত চাহৰ দৰে পানীয় বেছিকৈ সেৱন কৰিলে শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি পায় ৷ ইয়াৰ বাবে মহিলাসকলে বদহজম, অত্যধিক গেছ গঠন আৰু পেট জ্বলা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ ডাঃ কিশোৰে কয় যে চাহত থকা কেফেইনে হাৰ্টবাৰ্ণ হ’ব পাৰে বা ইতিমধ্যে থকা এচিড ৰিফ্লাক্সৰ লক্ষণ বৃদ্ধি কৰিব পাৰে ৷ বহু গৱেষণাৰ পৰা দেখা গৈছে যে গাখীৰৰ সৈতে চাহ খালে পেটত অত্যধিক এচিড গঠন হ’ব পাৰে ৷

ডাঃ কিশোৰে বুজাইছে যে চাহত থকা ৰাসায়নিক পদাৰ্থই বিশেষকৈ বৃহৎ পৰিমাণে বা খালী পেটত সেৱন কৰিলে বমি হ’ব পাৰে ৷ চাহৰ তিতা, শুকান সোৱাদৰ বাবে চাহপাতত থকা টেনিন দায়ী ৷ চাহত উপস্থিত ৰাসায়নিক পদাৰ্থ যেতিয়া গাখীৰৰ লগত মিহলি হয় তেতিয়া ই বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে ৷

টোপনিৰ অভাৱ

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে কয় যে চাহত থকা কেফেইনে মেলাটনিন হৰম’নৰ কাৰ্য্য নষ্ট কৰে ৷ ইয়াৰ বাবে টোপনি নাহে আৰু টোপনিৰ অভাৱৰ বাবে বহু ধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ ফলত ক্লান্তি, স্মৃতিশক্তি দুৰ্বল আৰু মনোযোগৰ ক্ষমতা হ্ৰাস পোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ উপৰিও টোপনিৰ অভাৱত মেদবহুলতা আৰু মধুমেহ ৰোগো হ’ব পাৰে ৷

লগতে পঢ়ক: আপোনাৰ সঘনাই চাহ খোৱাৰ অভ্যাসে স্বাস্থ্যৰ পক্ষে মাতিব পাৰে বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.