ETV Bharat / health

ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ? - জ্বৰ চৰ্দিৰ সমস্যা

Health Care: ঋতু পৰিৱৰ্তনৰ লগে লগে মানুহৰ জ্বৰ-চৰ্দিকে ধৰি বিভিন্ন বেমাৰ- আজাৰ হোৱা দেখা যায় ৷ এই সময়ছোৱাত নিজকে সুস্থ কৰি ৰাখিবলৈ আপোনাৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব এই সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক জয়ন্ত প্ৰসাদ শৰ্মাই ৷

Health care
এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ?
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:33 PM IST

জ্যেষ্ঠ চিকিৎসক জয়ন্ত প্ৰসাদ শৰ্মা

গুৱাহাটী, 4 ফেব্ৰুৱাৰী : বতৰৰ সলনিৰ লগে লগে মানুহৰ দেহত নানা ৰোগে দেখা দিয়ে ৷ যদিও এয়া প্ৰাকৃতিক পৰিঘটনা তথাপিও আমি কিন্তু অকণমান সাৱধান হোৱাটো উচিত ৷ ঋতু বা বতৰৰ পৰিৱৰ্তনৰ বাবে এই সময়ছোৱাত বতৰ শুকান হৈ পৰে ৷ এই সময়ছোৱাত বহু প্ৰদূষণ বায়ুত ঘূৰি ফুৰে ৷ যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়া শ্বাস-নলীৰে এনে প্ৰদূষিত বায়ু আমাৰ শৰীৰৰ ভিতৰত সোমাই ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে ৷ যাৰ ফলত এই সময়ছোৱাত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, এলাৰ্জি, চকুৰ ৰোগ আদি হোৱা দেখা যায় ৷

এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?

১) এনেধৰণৰ সমস্যাৰ পৰা বাছি থাকিবলৈ তথা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ এই সময়ছোৱাত যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই মাস্ক ব্যৱহাৰ কৰাটো অতি আৱশ্যক ৷ মাস্ক ব্যৱহাৰ কৰাৰ ফলত জ্বৰ, চৰ্দি আদিকে ধৰি ৯০% ঋতুগত ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায় ৷

২) শুকান বতৰৰ বাবে আমাৰ ছালো শুষ্ক হোৱা পৰিলক্ষিত হয় ৷ সেয়ে দৈনিক ছালখন মইশ্বৰাইজ কৰাটো প্ৰয়োজন ৷ লগতে দৈনিক গা ধুৱাটো প্রয়োজন ৷

৩) এই সময়ছোৱাত যিমান পাৰে সতেজ শাক-পাচলি, ফল-মূল আদি খাদ্য গ্ৰহণ কৰিব লাগে ৷ লগতে মাছ-মাংস আদি খাই থাকিব লাগে ৷ এই সময়ছোৱাত বাৰ্ড ফ্লু হোৱা দেখা যায় ৷ সেয়ে মাংস খোৱাৰ আগতে সাৱধানতা অৱলম্বন কৰাটোও জৰুৰী ৷

৪) নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰিব লাগে ৷ পৰিমাণতকৈ অধিক খাদ্য গ্ৰহণ কৰিব নালাগে ৷

৫) শৰীৰটোক সদায় হাইড্ৰেট কৰি ৰাখিব লাগে ৷ সময়ে সময়ে পানী খাই থাকিব লাগে ৷

লগতে পঢ়ক: ৩৮ বছৰ বয়সত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন; জানি লওক ৩০ বছৰৰ পিচত গৰ্ভধাৰণৰ জটিলতাসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.