গুৱাহাটী, ২৮ মাৰ্চ : বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ চাওঁতে চাওঁতে আকৌ আহি পালেহি হেঁপাহৰ বিহুটি ৷ বিহুৰ বাবে এতিয়া ব্যস্ত প্ৰতিজন অসমীয়া ৷ তাঁতশালত ব্যস্ত শিপিনীও ৷
ফুলাম গামোচা, নানান ডিজাইনৰ মেখেলা-চাদৰ তাঁতত লগাইছে শিপিনীয়ে ৷ মেখেলা-চাদৰ বা গামোচাত ব্যৱহাৰ কৰা ৰংসমূহ কিহেৰে প্ৰস্তুত হয় জানেনে বাৰু ? হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উপ সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই সূতাত কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে বিভিন্ন স্থানত শিপিনীসকলক প্ৰশিক্ষণ দি আহিছে ৷
ড৹ জয়ন্ত দেৱ শৰ্মাই এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয় যে প্ৰাচীন কালত বিভিন্ন গছ, পাত, ফল, ফুল, গছ তথা ফলৰ বাকলি, গছৰ শিপা আদিৰ পৰা ৰঙীন পদাৰ্থ প্ৰস্তুত কৰা হৈছিল ৷ তাৰ পাচত সেই ৰঙীন পদাৰ্থৰ দ্বাৰা সূতাত ৰং কৰা হৈছিল ৷ সহজ ভাষাত সেই সেই ৰঙীন পদাৰ্থসমূহকে ৰং বুলি কোৱা হয় ৷
ইয়াৰ উপৰি খনিজ পদাৰ্থ আৰু বিভন্ন পোক-পতংগৰ পৰাও ৰং প্ৰস্তুত কৰা হৈছিল । কালক্ৰমত সহজলভ্য ৰাসায়নিক ৰং আৱিস্কাৰ হোৱাৰ পাচৰে পৰা ক্ৰমাৎ প্ৰাকৃতিক দ্ৰব্যসমূহেৰে কষ্ট কৰি কোনেও ৰং প্ৰস্তুত নকৰা হ’ল ৷ তাৰ পাচৰে পৰাই পৰম্পৰাগত এই ৰঞ্জন শিল্পকলা লোপ পাবলৈ ধৰিলে ৷
তথাপিও জনজাতি প্ৰধান ভিতৰুৱা গাঁওসমূহত অতি নগণ্য সংখ্যক লোকে আজিও এই শিল্পটো কিছু পৰিমাণে ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ কিছু তথ্য পোৱা গৈছে ।
আপুনি জানেনে কেনেদৰে কি কি ৰং প্ৰস্তুত কৰা হয় -
(১) ক’লা ৰং : আম, মধুৰি, শিলিখা আৰু জামু গছৰ বাকলি গুৰি কৰি প্ৰস্তুত কৰিব পাৰি । আমলখি আৰু শিলিখাৰ বাকলি সিজায়ো প্ৰস্তুত কৰা হয় ক’লা ৰং । কেহৰাজৰ পাত, অমৰাৰ ছাল, নিম গছৰ বাকলিৰ পৰাও ক’লা ৰং পোৱা যায় ।
(২) ঘোলা ৰং (Light grey Colour) : খৈৰ চূণৰ লগত মিহলাই এই ৰং প্ৰস্তুত কৰিব পাৰি ।
(৩) ইটা ৰং : জাতিকৰৈ গছৰ বাকলিৰ সৈতে দাগল গছৰ পাত মিলাই সিজালে পোৱা যায় এই ৰং ।
(৪) ফাকুৱা ৰঙচুৱা ৰং (Pink Colour): জেতুকাৰ পাতৰ পৰা এই ৰং পাব পাৰি ৷ তাৰোপৰি পিঁয়াজৰ শুকান বাকলিৰ পৰাও এই ৰং পোৱা যায় ।
(৫) নীলা ৰং (Blue Colour): নীল গছৰ পাত খুন্দি চূণৰ পানীৰ সৈতে মিহলালে এই ৰং উৎপন্ন হয় ।
(৬) খয়েৰী ৰং (Brown Colour): খয়েৰৰ পৰা কপাহী সুতাত এই ৰং কৰা হয় ।
(৭) জলফাই ৰং (Olive Colour): বাঁহৰ পাত বা বৰথেকেৰাৰ পাতৰ পৰা এই ৰং পাব পাৰি ৷ পাট সূতাৰ ওপৰত এই ব্যৱহাৰ কৰিব পৰা যায় ।
(৮) ৰঙচুৱা মুগা ৰং (Reddish Brown) : নাৰিকলৰ বাকলি বা চেগুণ গছৰ পাত পাট সূতাত ব্যৱহাৰ কৰিলে এই ৰং পোৱা যায় ।
(৯) হালধীয়া ৰং (Yellow Colour) : বাঁহৰ পাত উতলাই প্ৰস্তুত কৰা হয় । বেলৰ খোলাৰ পৰাও এই ৰং পোৱা যায় । আঁচু গছৰ শিপা আৰু পলাশ ফুল একেলগ কৰি সুতা বা কাপোৰ উতলালে হালধীয়া হৈ পৰে । হালধী, কঠালৰ কাঠ আৰু দেবদাৰু গছৰ বাকলিৰ পৰাও এই ৰং পাব পাৰি । আনকি কেঁচা হালধীৰ পৰাও এই ৰং প্ৰস্তুত কৰিব পাৰি ।
(১০) মুগা ৰং (Dark reddish) : বনৰীয়া ঢেঁকীয়া, চাহপাতৰ গুড়ি আৰু নেমু পাটসূতাৰ ওপৰত কৰিলে এই ৰং হয় ।
(১১) ৰঙা ৰং (Red Colour): মধুৰি আমৰ পাত সিজোৱা পানীৰে কড়ি গছৰ ছাল সিজাই সেই পানীৰে সুতাত ৰঙা ৰং কৰা হয় । শুকাই যোৱা মদাৰ ফুল উতলালেও এই ৰং পোৱা যায় । আনকি ডালিমৰ ফুলৰ পৰাও এই ৰং পাব পাৰি ।
(১২) সেউজীয়া ৰং (Green Colour) : পলাশ ফুল সিজোৱা পানীৰে কপাহী সুতাত ৰং কৰিলে এই ৰং পাব পাৰি । আম গছৰ বাকলিৰ পৰাও এই ৰং পোৱা যায় ।
(১৩) বেঙেনাবুলীয়া ৰং (Purple Colour): মাদাৰৰ লগত লো মিহলাই এই ৰং প্ৰস্তুত কৰা হয় ।
এইদৰে আপুনিও প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন গছ ফুলৰ পৰা ঘৰতে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব পাৰে । বৰ্তমান বজাৰোত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি বনোৱা কাপোৰৰ চাহিদাও আছে ।
লগতে পঢ়ক : ঘৰুৱা সামগ্ৰীৰে কিদৰে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ফাকুৱা উদযাপন কৰিব পাৰি - Holi with Natural Homemade Colours