ETV Bharat / health

১ মাহত ৫ কেজি ওজন কেনেকৈ কমাব পাৰি ? AI-এ দিলে এই উত্তৰ - Weight Loss - WEIGHT LOSS

Weight Loss: ওজন কমোৱা এনে এক প্ৰত্যাহ্বান যাৰ সৈতে বহুতে সন্মুখীন হোৱা দেখা যায় । কিছুমানে সোনকালে ওজন কমাব বিচাৰে ৷ আন কিছুমানে আকৌ লেহেমীয়া গতিত আৰু স্থায়ীভাৱে ওজন কমাব বিচাৰে । চিন্তাৰ আৰু কাৰণ নাই ৷ এতিয়া এই সমস্যাৰ সমাধান আপুনি লাভ কৰিব AI ৰ দ্বাৰা ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন-

How to lose 5 kg weight in 1 month? AI gave the answer
১ মাহত ৫ কেজি ওজন কেনেকৈ কমাব পাৰি ? AIএ দিলে এই উত্তৰ (FREEPIK)
author img

By ETV Bharat Health Team

Published : Jul 20, 2024, 2:09 PM IST

আজিকালি সকলোৱে ওজন কমাবলৈ তৎপৰ হৈ পৰিছে ৷ বিভিন্ন ধৰণৰ ওজন কমাব পৰা পদ্ধতি আৰু ডায়েট প্লেন ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ থাকে ৷ কিন্তু আপুনি জানেনে বাৰু Artificial Intelligence (AI) য়েও এতিয়া আপোনাক ওজন কমোৱাত সহায় কৰিব পাৰে ?

শেহতীয়াকৈ এটা AI chatbot ৰ এটি উত্তৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইয়াত এজন ব্যৱহাৰকাৰীয়ে চেটবটক সুধিছিল যে ১ মাহত ৫ কেজি ওজন কেনেকৈ হ্ৰাস কৰিব পাৰি ? এই প্ৰশ্নৰ উত্তৰত AI এ কয় যে ১ মাহত ৫ কেজি ওজন কমাবলৈ হ’লে প্ৰতিদিনে ৫ কেজি ওজন তুলিব লাগিব ৷ এই উত্তৰ শুনি ব্যৱহাৰকাৰীয়ে হাঁহিলে আৰু ক'লে, "এইটো এটা কৌতুক ৷"

ইয়াৰ পিছত এআইয়ে উত্তৰত ক’লে, ‘‘ঠিক আছে ৷ কিন্তু আপুনি ওজন কমাবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব ৷ AI-ৰ এই উত্তৰ বহুতে ভাল পাইছিল আৰু ছচিয়েল মিডিয়াত ইয়াক ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল ৷ অৱশ্যে এইটোও সঁচা যে কেৱল কঠোৰ পৰিশ্ৰমেই ওজন কমোৱাৰ ক্ষেত্ৰত যথেষ্ট নহয় ৷ খাদ্যাভ্যাস আৰু নিয়মিত ব্যায়ামতো পৰিৱৰ্তন কৰিব লাগিব ৷

দ্ৰুতগতিত ওজন হ্ৰাসৰ টিপছ

কেলৰি গ্ৰহণ হ্ৰাস কৰা

ওজন কমাবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কেলৰিৰ পৰিমাণ কম কৰা ৷ অৰ্থাৎ আপুনি যিমান কেলৰি বাৰ্ণ কৰে তাতকৈ কম কেলৰি সেৱন কৰিব লাগিব ৷

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক

খাদ্যত ফল-মূল, শাক-পাচলি, গোটা শস্য আৰু লীন প্ৰ’টিন অন্তৰ্ভুক্ত কৰক ৷ জাংক ফুড, প্ৰচেছড ফুড আৰু চেনি সমৃদ্ধ পানীয় পৰিহাৰ কৰক ৷

নিয়মিতভাৱে ব্যায়াম কৰক

ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় ৷ দৈনিক কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগিব ৷

প্ৰচুৰ পৰিমাণে পানী খোৱাটো উচিত

পানী খালে পেট ভৰি থাকে আৰু আমি কমকৈ খাদ্য গ্ৰহণ কৰো ৷ ইয়াৰ উপৰিও পানীয়ে শৰীৰৰ পৰা মলি আঁতৰোৱাতো সহায় কৰে আৰু ভিতৰৰ পৰা হাইড্ৰেট কৰে ৷

কিন্তু মনত ৰাখিব যে, ওজন কমাবলৈ ধৈৰ্য আৰু নিষ্ঠাৰ প্ৰয়োজন ৷ আমি আশা কৰোঁ এই প্ৰতিবেদন আপোনালোকৰ বাবে উপযোগী হ'ব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: চিৰি বগোৱা নে দৌৰা ? ওজন কমাবৰ বাবে কোনটো উত্তম - Stairs vs Running

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.