ETV Bharat / health

ফাগুনৰ সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ কেনেধৰণে যতন ল'ব লাগে ?

Child Care: ফাগুনৰ বতাহত ধূলিয়ৰী চৌদিশ ৷ এই সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ? শিশুটিক কেনেধৰণৰ খাদ্য খুৱাব লাগে এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে ৷

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 9:13 PM IST

Child Care
ফাগুনৰ সময়ছোৱাত শিশুসকলৰ স্বাস্থ্যৰ কেনেধৰণে যতন ল'ব লাগে ?
শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈন

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: ঋতু পৰিবৰ্তনৰ লগে লগে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈ জ্বৰ, কাঁহ, চৰ্দি, নিউমুনিয়া আদিত আক্ৰান্ত হোৱা দেখা যায় ৷ বিশেষকৈ শিশু সকলৰ প্ৰায়ে জ্বৰ, চৰ্দি, কাহ, নিউমুনিয়া আদি হৈ থকা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত শিশু সকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ কাৰণ জলবায়ু পৰিবৰ্তনৰ লগে লগে আমাৰ শৰীৰৰো কিছু পৰিবৰ্তন হয় ৷ লগতে ধূলিময় চৌপাশ হোৱাৰ বাবে এই সময়ত ধূলি, বতাহ আদিৰ লগত জড়িত কিছু ৰোগ হোৱা দেখা যায় ৷

জলবায়ু পৰিবৰ্তনৰ ফলত মানুহৰ বহু ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি পায় যদিও ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰত পৰা দেখা যায় । বায়ু প্ৰদূষণৰ বাবে হাওঁফাওঁৰ লগত ধূলিময়ী পৰিবেশৰ বাবে কাঁহ, চৰ্দি, জ্বৰৰ দৰে সমস্যা বহু পৰিমাণে বৃদ্ধি পায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সময়ছোৱাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব ?

১) এই সময়ছোৱাত শিশুসকলক যিমান পাৰে জনসমাগম হোৱা ঠাইৰ পৰা দূৰত ৰাখিব লাগে ৷ কাৰণ এজনৰ পৰা আন এজনলৈ এই সময়ছোৱাত সহজে সংক্ৰমণ হয় ৷

২) স্কুললৈ যোৱা শিশু সকলক সদায় মাস্ক পৰিধান কৰাই হে পঠিয়াব ৷ যাতে ধূলি বালিৰ পৰা বাচি থাকিব পাৰে ৷

৩) কাঁহ, চৰ্দি হলে মাস্ক পৰিধান কৰাই ৰাখিব পাৰিলে ভাল ৷ যাতে ইজনৰ দেহৰ পৰা সিজনৰ দেহলৈ সহজে নিবিয়পে ৷

৪) খাদ্য হোৱাৰ আগত সদায় হাত ধুইহে খাব লাগে ৷ মাজে মাজে হাতখন চেনিটাইজ কৰি থাকিব লাগে ৷

৫) লগতে খোৱা খাদ্য সদায় ঢাকি ৰাখিব লাগে ৷

লগতে এই সময়ছোৱাত খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো আৱশ্যক ৷

লগতে পঢ়ক: আপুনি গাখীৰ দিয়া কফি খাই ভাল পায় নেকি ? Neuroscientist এ কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.