ETV Bharat / health

ডায়েবেটিছ ৰোগীৰ বাবে খেজুৰ তিয়াই খোৱাটো উপকাৰী নে ? এটা ক্লিকতে জানি লওক - Benefits of Dates

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 3:35 PM IST

Benefits of Eating Soaked Dates: বেছিভাগ মানুহেই শুকান ফল খাবলৈ ভাল পায় যদিও অতীজৰে পৰা বয়োজ্যেষ্ঠসকলে পৰামৰ্শ দি আহিছে যে সকলো শুকান ফল তিয়াই খাব লাগে । কোৱা হয় যে শুকান ফল তিয়াই খালে আমাৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে ৷ তেনেদৰে খেজুৰো তিয়াই খালে আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী নেকি ? জানো আহক-

Five Benefits of Eating Soaked Dates
ডায়েবেটিছ ৰোগীৰ বাবে খেজুৰ তিয়াই খোৱাটো উপকাৰী নে ? এটা ক্লিকতে জানি লওক (ETV Bharat)

সকলো শুকান ফলকে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় । যদিও মানুহে বিভিন্ন ধৰণে শুকান ফল খাবলৈ ভাল পায় । বহুতে পানীত তিয়াই খায় । বহুতে আকৌ শুকানকৈ খাই ভাল পায় । তেনে এবিধ শুকান ফল হৈছে খেজুৰ ৷ খেজুৰ এনে এবিধ শুকান ফল, য’ত বহুতো পুষ্টিকৰ উপাদান পোৱা যায় আৰু মানুহে বেছিভাগেই শুকানকৈ খাবলৈ ভাল পায় । কিন্তু আমি যদি কওঁ যে তিয়াই থোৱা খেজুৰ আপোনাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী, তেন্তে আপুনি মানি ল’বনে ?

অতীজৰে পৰা শুকান ফল তিয়াই খোৱাৰ উপদেশ

প্ৰায়বোৰ শুকান ফল পানীত তিয়াই থোৱাৰ পিচতহে খোৱা হয় । শুকান ফলত অক্সালেট, টেনিন, চেপনিন, এলকেল’ইড আৰু চাইনাইড আদিৰ দৰে পুষ্টিবিৰোধী উপাদান পোৱা যায়, যাৰ ফলত শৰীৰত থকা খনিজ পদাৰ্থত ওপৰত নেতিবাচক প্ৰভাৱ পৰে । এনে পৰিস্থিতিত অতীজৰে পৰা ইয়াৰ প্ৰভাৱ কম কৰিবৰ বাবে শুকান ফলবোৰ তিয়াই খোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । অন্য শুকান ফলৰ দৰে খেজুৰতো এইবোৰ পুষ্টিবিৰোধী উপাদান থাকে ।

গতিকে খেজুৰ তিয়াই ল’লে ইয়াৰ পৰা টেনিন আৰু অন্যান্য ঋণাত্মক যৌগ আঁতৰি যায়, যাৰ ফলত ইয়াৰ পৰা উপকাৰী ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহজ হয় । তদুপৰি ই কোমল হৈ পৰে আৰু হজম কৰাত সহজ হৈ পৰে । সেয়ে ইয়াক তিয়াই খোৱাটোৱে লাভদায়ক ৷

খেজুৰ তিয়াই খোৱাৰ অন্য উপকাৰিতা

  1. আঁহযুক্ত: তিয়াই থোৱা খেজুৰ ডায়েট্ৰী ফাইবাৰৰ এক উৎকৃষ্ট উৎস । ই আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু লগতে অতি সহজে ইয়াক হজম কৰিব পৰা যায় । ইয়াৰ উপৰিও ই আপোনাৰ অন্ত্ৰকো সুস্থ কৰি ৰাখে । হাই ফাইবাৰে ভোক দূৰ কৰে আৰু বহুসময়লৈকে পেট ভৰি থকা যেন অনুভৱ হয় ।
  2. শৰীৰৰ শক্তি বৃদ্ধি কৰে: আপুনি জানি আচৰিত হ’ব যে খেজুৰ চেনি আৰু কাৰ্বহাইড্ৰেটৰ প্ৰাকৃতিক উৎস ৷ কাৰ্বহাইড্ৰেটে আপোনাৰ শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰে, গতিকে ই আপোনাৰ বাবে এক উত্তম ব্ৰেকফাষ্ট হৈ পৰে । ব্যায়ামৰ আগতে যদি গ্ৰহণ কৰে তেন্তে ই আপোনাক প্ৰচুৰ শক্তি প্ৰদান কৰে ।
  3. হাড় শক্তিশালী কৰে: খেজুৰত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ থাকে, যি আমাৰ হাড় শক্তিশালী আৰু সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় ।
  4. ডায়েবেটিছৰ বিৰুদ্ধে যুঁজ দিয়াত লাভদায়ক: খেজুৰৰ ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষমতা আছে আৰু লগতে ইয়াত বহুতো গুণাগুণ আছে যিয়ে অন্ত্ৰৰ পৰা গ্লুক’জ শোষণৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে । এনে পৰিস্থিতিত ই ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি লাভদায়ক । গ্লুক’জ শোষণ হ্ৰাস পালে মূলতঃ তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস পায়, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।
  5. পুৰুষৰ প্ৰজনন ক্ষমতা উন্নত কৰে: এইবিধ ফলত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি আৰু যৌন কামনা বৃদ্ধি কৰাত সহায় কৰিব পাৰে । খেজুৰে পুৰুষক ভিতৰৰ পৰা শক্তি প্ৰদান কৰে, কাৰণ খেজুৰত ফ্লেভনয়ড আৰু বিভিন্ন এমিনো এচিড থাকে যিয়ে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত শক্তি প্ৰদান কৰে ।
লগতে পঢ়ক: পেটৰ চৰ্বি-মেদবহুলতা-কাহ-চৰ্দি তথা গেছৰ সমস্যা : ইয়াৰ নিৰাময় মাত্ৰ এবিধ সৰু ফল - One Medicine For Hundred Diseases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.