ETV Bharat / health

গ্ৰীষ্মকালত অতিমাত্ৰা ব্যায়াম কৰে নেকি ? তেন্তে সাৱধান ! - Over Exercising - OVER EXERCISING

Side Effect Of Over Exercising: ব্যায়ামৰ বহু উপকাৰিতা আছে যদিও ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়াও আছে । এনে পৰিস্থিতিত যদি আপুনি ভুল সময়ত আৰু ভুল প্ৰক্ৰিয়াৰে শাৰীৰিক ক্ৰিয়া-কলাপ কৰে, তেন্তে আপুনিও এই সমস্যাবোৰৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

Exercising for too long in summer can worsen your health, know the disadvantages of over-exercising
গ্ৰীষ্মকালত অতিমাত্ৰা ব্যায়াম কৰে নেকি ? তেন্তে সাৱধান! (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 5:02 PM IST

স্বাস্থ্যৰ বাবে ব্যায়াম অতি উপকাৰী আৰু গুৰুত্বপূৰ্ণ ৷ কিন্তু অত্যধিক শাৰীৰিক কাৰ্য-কলাপৰ বাবে স্বাস্থ্যৰ অৱনতিও ঘটিবলৈ আৰম্ভ কৰে ৷ বিশেষকৈ গ্ৰীষ্মকালত ব্যায়াম কৰাৰ সময়ত অতি সাৱধান হ’ব লাগে ৷

মেয়’ ক্লিনিকৰ তথ্য অনুসৰি, এজন ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে মাত্ৰ ৩০ মিনিট ব্যায়াম কৰিলেই যথেষ্ট ৷ গ্ৰীষ্মকালত ব্যায়াম কৰাৰ উত্তম সময় হ’ল পুৱা ১০ বজাৰ পিচত আৰু সন্ধিয়া ৪ বজাৰ পিচত ৷ এনে পৰিস্থিতিত যদি আপুনি গৰমৰ দিনত ভুল সময়ত আৰু দীৰ্ঘদিন ধৰি শাৰীৰিক ক্ৰিয়া-কলাপ কৰি আছে, তেন্তে সাৱধান হওক ৷ কাৰণ তেনে কৰিলে তলত উল্লেখ কৰা এই স্বাস্থ্যজনিত সমস্যাবোৰে দেখা দিব পাৰে-

হিট ষ্ট্ৰোকৰ আশংকা

অতিমাত্ৰা ব্যায়ামৰ ফলত হিট ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত হিট ষ্ট্ৰোক হয় ৷ ইয়াৰ লক্ষণসমূহ হ’ব পাৰে এনেধৰণৰ - অতিমাত্ৰা জ্বৰ, বমি, মূৰ্চ্ছা যোৱা আৰু হৃদ আক্ৰমণ ৷ গতিকে লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷

অনিদ্ৰা

অত্যধিক ব্যায়ামৰ বাবে শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছল বৃহৎ পৰিমাণে নিৰ্গত হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে টোপনিৰ মাত্ৰা কমি যায় আৰু অনিদ্ৰাৰ সমস্যা আৰম্ভ হয় ৷

অন্যান্য স্বাস্থ্যজনিত সমস্যা

গ্ৰীষ্মকালত অত্যধিক ব্যায়াম কৰিলে হৃদযন্ত্ৰ আৰু বৃক্ক সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও হাপানী ৰোগীয়ে ব্যায়াম কৰাৰ ফলত উশাহ-নিশাহৰ সমস্যাও বৃদ্ধি পাব পাৰে ৷

এইবোৰ কথা মনত ৰাখিব

  • ব্যায়ামৰ আগতে, ব্যায়ামৰ সময়ত আৰু পিচত পানী খাই থাকিব লাগে ৷
  • পুৱা বা গধূলি ব্যায়াম কৰক, যেতিয়া সূৰ্যৰ তাপ কম হয় ৷
  • কঠোৰ ব্যায়াম পৰিহাৰ কৰি লঘু ব্যায়াম কৰক ৷
  • যদি আপুনি ভাগৰুৱা বা মূৰ ঘূৰোৱা যেন অনুভৱ কৰে, তেন্তে ব্যায়াম বন্ধ কৰি জিৰণি লওক ৷

লগতে পঢ়ক: Summers Diet: গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.