ETV Bharat / health

পুষ্টিকৰ গুণাগুণেৰে পৰিপূৰ্ণ কিচমিচ মিহলোৱা পানী : দৈনিক সেৱন কৰিলে পাব এই উপকাৰিতা - Raisin Water

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 1:59 PM IST

Raisin Water Benefits : কিচমিচ এবিধ জনপ্ৰিয় শুকান ফল ৷ যাক মানুহে বহু ধৰণে খাদ্যত অন্তৰ্ভুক্ত কৰে । সোৱাদত লঘু টেঙা আৰু মিঠা কিচমিচত বহুতো পুষ্টিকৰ উপাদান থাকে । কেৱল সেয়াই নহয় ইয়াক পানীত তিয়াই ৰাখি সেই পানী খালেও এনে বহু সমস্যা আছে যাৰ পৰা সকাহ পাব পাৰি ৷ আজি ইয়াৰ বিষয়ে জানো আহক-

Drink Raisin water Daily, it will give you countless benefits
কিচমিচ মিহলোৱা পানীৰ উপকাৰিতা (FREEPIK)

কিচমিচ এবিধ অতি উপকাৰী শুকান ফল; যিটো বহু ধৰণৰ খাদ্যত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সোৱাদো মিঠা হোৱাৰ লগতে ই সোৱাদযুক্তও ৷ কিচমিচ মিহলোৱা পানীৰো একেধৰণৰ বহু উপকাৰিতা আছে ৷ কিচমিচ মিহলোৱা পানী প্ৰস্তুত কৰিবলৈ দুকাপ পানী উতলাই গেছ বন্ধ কৰি একাপ কিচমিচ দি ৮ ঘণ্টামান ৰাখিব ৷ তাৰ পিচত এই পানী চেকি খালে আমাৰ শৰীৰে বহু পুষ্টি লাভ কৰে ৷ জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ-

কিচমিচ মিহলোৱা পানীৰ উপকাৰিতা-

  1. কিচমিচত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে; যিয়ে কোষক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ছালখনক পুষ্টি প্ৰদান কৰে ৷
  2. ফেৰুলিক এচিড, ৰুটিন, কুৱেৰচেটিন, ট্ৰেন্স-কেফটাৰিক এচিড আদি যৌগৰে সমৃদ্ধ কিচমিচ কেন্সাৰ, টাইপ ২ ডায়েবেটিছ আৰু এলঝেইমাৰৰ পৰা ৰক্ষা কৰে ৷ ইয়াক খালে এন্টিঅক্সিডেন্টৰ পৰিমাণ বৃদ্ধি পায় আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত হয় ৷
  3. কিচমিচ আইৰণৰ এক উৎকৃষ্ট উৎস; যিয়ে অক্সিজেন যোগান ধৰাৰ লগতে ৰক্তকণিকা গঠনত সহায় কৰে ৷ এইদৰে ই আইৰণৰ অভাৱৰ ফলত হোৱা ৰক্তহীনতাৰ দৰে সমস্যা দূৰ কৰে ৷
  4. কিচমিচ মিহলোৱা পানী খালে পেটত থকা এচিডৰ পৰিমাণ নিয়ন্ত্ৰিত হয় ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণৰ বাবে ই অন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে পেটত উপস্থিত বেক্টেৰিয়াকো নিয়ন্ত্ৰণ কৰে ৷
  5. কিচমিচ মিহলোৱা পানীয়ে আন্ত্ৰিক বেক্টেৰিয়া নিয়ন্ত্ৰণ কৰি পাচনত সহায় কৰে ৷
  6. কিচমিচ মিহলোৱা পানীয়ে ৰক্ত সঞ্চালন উন্নত কৰে ৷ ইয়াৰ ফলত চুলিৰ গুৰিবোৰ মজবুত হয় আৰু চুলি সৰা কম হয় ৷
  7. কিচমিচ মিহলোৱা পানীও বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই আনিবলৈ এক উত্তম ডিটক্স পানীয় ৷
  8. কিচমিচ মিহলোৱা পানী এক উৎকৃষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী ৷
  9. কিচমিচ মিহলোৱা পানীয়ে যকৃতৰ বিষমুক্ত কৰাই নহয় হাড়ৰ শক্তিও বৃদ্ধি কৰে ৷
  10. কিচমিচ মিহলোৱা পানীয়ে প্ৰাকৃতিক তেজ পৰিষ্কাৰক আৰু তেজ বিশুদ্ধকৰণ হিচাপে কাম কৰে ৷ যাৰ ফলত ছালৰ ক’লা দাগ (ব্ৰণ) আঁতৰাই ছালখন উজ্জ্বল কৰি তোলে ৷ ইয়াৰ উপৰিও বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াও লেহেমীয়া হয় ৷
  11. কিচমিচত থকা প্ৰাকৃতিক চেনিয়ে শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰে ।

লগতে পঢ়ক : আঙুৰ নে কিচমিচ ? কোনবিধ স্বাস্থ্যৰ বাবে অধিক উপকাৰী জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.