ETV Bharat / health

সৰ্পদংশনৰ বাবে তেজ পাতল কৰা সস্তা প্ৰতিষেধক সম্ভৱ : অধ্যয়ন - SNAKEBITE

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 9:21 PM IST

অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ববিদ্যালয়ৰ বিশিষ্ট লেখক গ্ৰেগ নিলীয়ে হেপাৰিন নামৰ ঔষধটোৱে সৰ্পদংশনৰ ফলত হোৱা আঘাতৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰাৰ লগতে ব্যক্তিৰ শৰীৰত বিষ বিয়পাৰ ক্ষেত্ৰত লেমেহীয়া কৰিব পাৰে বুলি প্ৰকাশ কৰিছে ৷ যাৰ ফলত সৰ্পদংশনৰ পিচতো কোনো ব্যক্তিৰ জীয়াই থকাৰ সম্ভাৱনা অধিক হ’ব পাৰে ৷

SNAKEBITE
সৰ্পদংশন (ETV Bharat)

এক গৱেষণা অনুসৰি, সৰ্পদংশনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় এক ঔষধৰ কথা পোহৰলৈ আহিছে, যিয়ে সৰ্পদংশনৰ পাছত ব্যক্তিৰ শৰীৰত বিষ বিয়পাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে ৷ যাৰ মূল্য আন প্ৰতিষেধকৰ তুলনাত সাধাৰণতে কম ৷

গৱেষকসকলৰ মতে, বৰ্তমানৰ এণ্টিভেনম চিকিৎসাই নেক্ৰোচিছ বা সাপটোৱে শৰীৰত আঘাত কৰা কোষবোৰৰ মৃত্যুৰ ক্ষেত্ৰত কোনোধৰণৰ সহায় নকৰে ৷ যাৰ ফলত সৰ্পদংশনৰ সন্মুখীন হোৱা কোনো ব্যক্তিৰ শৰীৰৰ অংশ কেতিয়াবা বিচ্ছিন্ন বা কাটি পেলাবলগীয়া হয় ৷

অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ববিদ্যালয়ৰ বিশিষ্ট লেখক গ্ৰেগ নিলীয়ে হেপাৰিন নামৰ ঔষধটোৱে সৰ্পদংশনৰ ফলত হোৱা আঘাতৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰাৰ লগতে ব্যক্তিৰ শৰীৰত বিষ বিয়পাৰ ক্ষেত্ৰত লেমেহীয়া কৰিব পাৰে বুলি প্ৰকাশ কৰিছে ৷ যাৰ ফলত সৰ্পদংশনৰ পিচতো কোনো ব্যক্তিৰ জীয়াই থকাৰ সম্ভাৱনা অধিক হ’ব পাৰে ৷

মানুহৰ জিন সংশোধন কৰিবলৈ চি আৰ আই এছ পি আৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিশেষজ্ঞৰ দলটোৱে সৰ্পদংশনৰ ফলত উদ্ভৱ হোৱা বিষ প্ৰতিৰোধ কৰাৰ বিভিন্ন উপায় চিনাক্ত কৰিছিল ৷ তাৰ পিচত লেখকসকলে হেপাৰিনকে ধৰি তেজ পাতল কৰা ঔষধবোৰ পুনৰ প্ৰস্তুত কৰিছিল আৰু মানৱ কোষ আৰু নিগনিৰ ওপৰত ইয়াৰ পৰীক্ষণৰ পিচত তেওঁলোকে সৰ্পদংশনৰ ফলত হোৱা নেক্ৰোচিছ বন্ধ কৰিবলৈ সক্ষম হোৱা দেখা গৈছিল ৷ এই গৱেষণাৰ ফলাফলসমূহ চায়েন্স ট্ৰেন্সলেশ্যনেল মেডিচিন আলোচনীত ইতিমধ্যে প্ৰকাশিত ৷

তেজ গোট মৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে বহুতো প্ৰাণী আৰু মানৱ কোষৰ দ্বাৰা হেপাৰিন উৎপাদন কৰা হয় ৷ সাপৰ বিষে ইয়াৰ সৈতে মিলি পৰে বুলি গৱেষণাত প্ৰকাশ পাইছে ৷ সৰ্পদংশনৰ স্থানত হেপাৰিন সদৃশ অণুৰে প্লাৱিত কৰি প্ৰতিষেধকে বিষাক্ত পদাৰ্থবোৰ প্ৰতিৰোধ কৰিব পাৰে, যিয়ে মানৱ শৰীৰৰ কোষসমূহৰ ক্ষতি কৰে আৰু নেক্ৰোচিছ উৎপন্ন কৰে বুলি লেখকসকলে ব্যাখ্যা কৰে ৷

চিডনী বিশ্ববিদ্যালয়ৰ মুখ্য লেখক তিয়ান ডুৱে কয়, সফল মানৱ পৰীক্ষণৰ পিছত হেপাৰিন ঔষধ তুলনামূলকভাৱে সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক সস্তা, সুৰক্ষিত আৰু কাৰ্যকৰী ঔষধ হিচাপে পৰিগণিত হ'ব পাৰে । ডুৱে লগতে কয় যে, হেপাৰিন হৈছে সস্তা, সৰ্বব্যাপী আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাভুক্ত অত্যাৱশ্যকীয় ঔষধ, যাৰ অৰ্থ হৈছে ঔষধটো সকলো সময়তে কাৰ্যকৰী স্বাস্থ্য প্ৰণালীত উপলব্ধ হোৱাৰ উদ্দেশ্য ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় 45-54 লাখ লোক সৰ্পদংশনৰ চিকাৰ হয় ৷যাৰ বাবে প্ৰায় 1.38 লাখ লোক মৃত্যুমুখত পৰে ৷ অৱহেলিত ক্ৰান্তীয় ৰোগৰ মোকাবিলা কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচীৰ অন্যতম অগ্ৰাধিকাৰ হৈছে সৰ্পদংশন ৷ ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই 2030 চনৰ ভিতৰত ইয়াৰ বিশ্বব্যাপী হাৰ আধা হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ সমগ্ৰ বিশ্বৰ ভিতৰত অধিকাংশ সৰ্পদংশনৰ ঘটনা সংঘটিত হয় আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাত ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, ভাৰতত বছৰি আনুমানিক 3-4 নিযুত সৰ্পদংশনৰ ফলত প্ৰায় 50,000 লোকৰ মৃত্যু ঘটে, যি সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত হোৱা মৃত্যুৰ সংখ্যাৰ প্ৰায় আধা ৷ দেশত উপলব্ধ এণ্টিভেনম চিকিৎসাবোৰৰ ভিতৰত এটা হৈছে পলিভেলেণ্ট এণ্টিস্নেক ভেনম (এ এছ ভি), যাক কোব্ৰাকে ধৰি চাৰিটা সাধাৰণ প্ৰজাতিৰ সৰ্পদংশনৰ বিৰুদ্ধে কাৰ্যকৰী বুলি বিবেচনা কৰা হয় ।

লগতে পঢ়ক: বিৰলতম অস্ত্ৰোপচাৰ : এইমছৰ চিকিৎসকে আঁতৰালে 3 মহীয়া শিশুৰ নেজ - AIIMS Bibinagar removed Human Tail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.