ETV Bharat / health

আপোনাৰ সন্তানে গাখীৰ খাব নোখোজে নেকি ? তেন্তে নিশ্চয়কৈ খুৱাওক এই খাদ্য - Calcium Rich Foods for Kids - CALCIUM RICH FOODS FOR KIDS

Calcium Rich Foods for Kids: গাখীৰক কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও গাখীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিবোৰ ব্যক্তিৰ দেহৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ সেয়েহে শিশুক গাখীৰ খুওৱাবলৈ চিকিৎসক তথা বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ৷ কাৰণ ই হাড় আৰু পেশী শক্তিশালী কৰে আৰু শিশুৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলায় ৷

Calcium-Rich Foods for Kids: A Complete Guide
আপোনাৰ সন্তানে গাখীৰ খাব নোখোজে নেকি ? তেন্তে নিশ্চয়কৈ খুৱাওক এই খাদ্য (FREEPIK)
author img

By ETV Bharat Health Team

Published : May 17, 2024, 3:19 PM IST

গাখীৰক কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও গাখীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিবোৰ ব্যক্তিৰ দেহৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ সেয়েহে শিশুক গাখীৰ খুওৱাবলৈ চিকিৎসক তথা বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ৷ কাৰণ ই হাড় আৰু পেশী শক্তিশালী কৰে আৰু শিশুৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলায় ৷

কিন্তু শিশুৱে প্ৰায়ে গাখীৰ খাবলৈ অনিচ্ছুক হয়, যাৰ বাবে পিতৃ-মাতৃ চিন্তিত হৈ পৰে ৷ যদি আপোনাৰ সন্তানেও গাখীৰ খাব নিবিচাৰে, তেন্তে আপুনি আন কিছুমান বস্তু তেওঁৰ খাদ্যৰ অংশ কৰি ল’ব পাৰে যাতে কেলচিয়ামৰ অভাৱৰ ক্ষতি পূৰণ কৰিব পাৰি ৷

শিশুৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ফলত তেওঁলোকৰ হাড় মজবুত হোৱাই নহয় ৰিকেটৰ (হাড়ৰ ৰোগ যিয়ে কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীক আক্ৰান্ত কৰে) পৰাও ৰক্ষা পৰে ৷ ভিটামিন ডি আৰু কেলচিয়ামৰ অভাৱৰ বাবে ৰিকেটৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়েহে শিশুটিক কেলচিয়াম সমৃদ্ধ খাদ্য দিব লাগে ৷

গাখীৰৰ বাহিৰেও এনে বহু খাদ্য আছে, য’ত কেলচিয়াম ভাল পৰিমাণে পোৱা যায় ৷ এই খাদ্যসমূহ আপুনি আপোনাৰ শিশুৰ খাদ্য তালিকাত যোগ কৰিব পাৰে ৷ যদি শিশুৱে গাখীৰ খাবলৈ ইচ্ছা নকৰে তেন্তে শিশুটিৰ খাদ্যত দৈ আৰু পনিৰ যোগ কৰিব পাৰে ৷ এই দুয়োবিধ দুগ্ধজাত সামগ্ৰীত কেলচিয়াম আৰু অন্যান্য পুষ্টিৰ দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা যায় ৷

কেলচিয়ামৰ অভাৱৰ ক্ষতিপূৰণ দিবলৈ শিশুৰ খাদ্যত আলমণ্ড, আখৰোট, বাদামৰ দৰে খাদ্য বস্তু অন্তৰ্ভুক্ত কৰিব লাগে ৷ এনে ধণৰ খাদ্য সমূহে কেলচিয়ামৰ লগতে ভিটামিন ডিও দেহত যোগান ধৰিব ৷

শিশুৰ খাদ্যত বিভিন্ন ধৰণৰ দাইল অন্তৰ্ভুক্ত কৰাটো খুবেই প্ৰয়োজনীয় ৷ ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছৰ তথ্য অনুসৰি ১০০ গ্ৰাম কেঁচা দাইলত ১০২.২ মিলিগ্ৰাম কেলচিয়াম পোৱা যায় ৷ গতিকে বিভিন্ন ধৰণৰ দাইলে শিশুৰ দেহত প্ৰয়োজনীয় কেলচিয়াম যোগান ধৰাত সহায় কৰে ৷

সেউজীয়া পাতৰ শাক-পাচলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে ৷ সেয়েহে শিশুৰ খাদ্যত সেউজীয়া পাতৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে ৷ ইয়াৰ দ্বাৰা কেৱল কেলচিয়ামেই নহয়, আন বহুতো পুষ্টিকৰ উপাদানো দেহত যোগান ধৰা হ’ব ৷ ১০০ গ্ৰাম কেঁচা সেউজীয়া শাকত ২৭৯.৩ মিলিগ্ৰাম কেলচিয়াম পোৱা যায় ৷

লগতে পঢ়ক: কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান - Hair Care Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.