ETV Bharat / health

মহিলাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধিতকৈ কম নহয় জালুক

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 11:28 AM IST

Black Pepper: জালুকত এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় । যিয়ে মহিলাৰ স্বাস্থ্য সম্বন্ধীয় বহু সমস্যাৰ পৰা সকাহ দিয়ে । ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

Black pepper is very beneficial for women's health, know the right way to eat it from the expert
মহিলাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধতকৈ কম নহয় জালুক

জালুকক মছলাৰ ৰাণী বুলি জনা যায় ৷ জালুক ভাৰতীয় মছলাৰ এক গুৰুত্বপূৰ্ণ অংশ ৷ জালুকই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় বহু ৰোগৰ চিকিৎসাতো ফলপ্ৰসূ ৷ বিশেষকৈ মহিলাৰ বাবে জালুক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ দিল্লীস্থিত ভাগ্য আয়ুৰ্বেদৰ পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ পূজা সিঙৰ মতে যদি মহিলাসকলে নিয়মিতভাৱে জালুক সেৱন কৰে তেন্তে ই তেওঁলোকৰ বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কৰিব পাৰে (Black Pepper Benefits) ৷ কিন্তু বেছিভাগ মহিলাই এই বিষয়ে জ্ঞাত নহয় যে জালুক কেনেকৈ সেৱন কৰিব লাগে ৷ আজি এই প্ৰতিবেদনত আমি জালুক মহিলাৰ বাবে কেনেদৰে উপকাৰী আৰু ইয়াক খোৱাৰ সঠিক উপায় কি সেই বিষয়ে জানো আহক ৷

ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহ দিয়ে

এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল উপাদানৰ লগতে জালুকত ভিটামিন চি, ফ্লেভন’ইড আদি উপাদান থাকে যিয়ে মহিলাসকলক মাহেকীয়াৰ সময়ত বিষৰ পৰা সকাহ দিয়ে ৷ খাদ্য বিশেষজ্ঞসকলে কয় যে, যিসকল মহিলাই মাহেকীয়া হোৱাৰ আগতে পেটৰ বিষ, ক্ৰেম্পত ভুগি থাকে তেওঁলোকে জালুকৰ গুড়ি কুহুমীয়া পানীৰ সৈতে খাব পাৰে ৷ ইয়াৰ উপৰিও জালুক মৌৰ সৈতেও সেৱন কৰি ঋতুস্ৰাৱৰ বিষৰ পৰা উপশম পাব পাৰি ৷

অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ কৰে

আৰোগ্য স্বাস্থ্য কেন্দ্ৰৰ ক্লিনিকেল ডায়েটিচিয়ান ডাঃ ভি ডি ত্ৰিপাঠীৰ মতে, জালুকৰ পুষ্টিকৰ উপাদানে মহিলাসকলে সন্মুখীন হোৱা অনিয়মিত মাহেকীয়াৰ সমস্যাও নিৰাময় কৰে ৷ বিশেষজ্ঞসকলৰ মতে, জালুক অনিয়মিত সময়ত মৌৰ সৈতে সেৱন কৰিব লাগে, ই মাহেকীয়া নিয়মীয়া কৰিব পাৰে ৷ জালুকত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় যাৰ ফলত শৰীৰৰ প্ৰদাহ কম হয় ৷ ইয়াৰ উপৰিও মৌৰ এন্টি-ইনফ্লেমেটৰী গুণো থাকে যিয়ে শৰীৰৰ প্ৰদাহ কম কৰে ৷

শালমন আঁতৰায়

জালুকত এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় যিয়ে ছালৰ ব্ৰণ কমায় ৷ ভুল সৌন্দৰ্য সামগ্ৰী বা আন কোনো কাৰণত মুখত হোৱা ব্ৰণ নাইকিয়া কৰিবলৈ ফেচ পেকত এচিকুট জালুক মিহলাই দিলে সকাহ পোৱা যায় ৷ ইয়াৰ উপৰিও জালুক কুহুমীয়া পানীৰ সৈতেও সেৱন কৰি ব্ৰণৰ পৰা উপশম পাব পাৰি ৷

শুকান চুলি ভাল কৰে

সৌন্দৰ্য সামগ্ৰীৰ বাবে চুলি শুকান হোৱা সমস্যাৰ বাবেও জালুক অতি উপকাৰী ৷ জালুকত এন্টিঅক্সিডেন্ট আৰু ভিটামিন এ পোৱা যায়, যাৰ ফলত শুকান চুলিৰ সমস্যা দূৰ হয় ৷ চুলিৰ শুকানতা দূৰ কৰিবলৈ ২ চামুচ জালুকৰ গুড়ি ১ চামুচ মৌ মিহলাই লগাব পাৰে ৷ সপ্তাহত ২ৰ পৰা ৩ বাৰ জালুকৰ পেষ্ট লগালে চুলিৰ শুকানতা নাইকীয়া হয় ৷

হজম শক্তি উন্নত কৰে

ঋতুস্ৰাৱৰ বিষ, খাদ্যাভ্যাস আৰু আন বহু কাৰণত মহিলাসকলে পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু ক্ৰেম্পত ভুগিবলগীয়া হয় ৷ এই সমস্যাবোৰৰ পৰা সকাহ দিয়াৰ ক্ষেত্ৰতো জালুক অতি উপকাৰী ৷ জালুকৰ পুষ্টিকৰ উপাদানে হজম শক্তি উন্নত কৰাত সহায় কৰে ৷

লগতে পঢ়ক: ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.