ETV Bharat / health

আপোনাৰ ছালৰ বাবে খুবেই উপকাৰী কাঠবাদাম - Soaked Almonds For Skin - SOAKED ALMONDS FOR SKIN

Soaked Almonds For Skin : কাঠবাদাম তিয়াই খোৱাৰ উপকাৰিতাৰ বিষয়ে হয়তো আপুনি নিশ্চয় জানে । কিন্তু আপুনি জানেনে যে যদি আপুনি দৈনিক তিয়াই থোৱা কাঠবাদাম খাবলৈ আৰম্ভ কৰে, তেন্তে ইয়াৰ ফলত ছালত কেনে প্ৰভাৱ পৰিব । জানো আহক...

Benefits of soaked almond for skin
আপোনাৰ ছালৰ বাবে খুবেই উপকাৰী কাঠবাদাম (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 11:08 AM IST

কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী আৰু এই কথা আমি সকলোৱে জানো ৷ বিশেষকৈ পানীত তিয়াই থোৱা কাঠবাদামত পুষ্টিকৰ উপাদানৰ মাত্ৰা আৰু যথেষ্ট বৃদ্ধি পায় ৷ সেইবাবেই কাঠবাদামক পুষ্টিকৰ পদাৰ্থৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ৷

ভিটামিন ই, এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ কাঠবাদামে আমাৰ ছালখনক হাইড্ৰেটিং আৰু মইশ্ব’ৰাইজ কৰাত সহায় কৰে আৰু কলাজেন উৎপাদন বৃদ্ধি কৰে ৷ যাৰ ফলত ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিক ছালত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে ৷

যদি আপুনিও নিয়মিতভাৱে তিয়াই থোৱা কাঠবাদাম খায়, তেন্তে ই আপোনাৰ ছালৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে ৷ গতিকে ছালৰ যত্নৰ ৰুটিনত কাঠবাদাম অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ৷ দৈনিক তিয়াই থোৱা কাঠবাদাম খালে ছালৰ কি উপকাৰিতা হয় জানো আহক-

ছালখন হাইড্ৰেটেড কৰি ৰাখে

পানীত তিয়াই থোৱা কাঠবাদামত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ সুস্থ আৰু কোমল ছালৰ বাবে হাইড্ৰেচন অতি প্ৰয়োজনীয় ৷ কাৰণ ই ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰাই ৰক্ত সঞ্চালন বৃদ্ধি কৰে ৷

এন্টিঅক্সিডেন্ট সমৃদ্ধ

কাঠবাদামত ভিটামিন ই আৰু পলিফিনলকে ধৰি এন্টিঅক্সিডেন্টৰ উত্তম উৎস ৷ এই যৌগবোৰে শৰীৰৰ ফ্ৰী ৰেডিকেলবোৰ নিষ্ক্ৰিয় কৰে ৷ ফ্ৰী ৰেডিকেলে ছালৰ অক্সিডেটিভ ক্ষতি কৰে আৰু বয়স বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে ৷ নিয়মিতভাৱে তিয়াই থোৱা কাঠবাদাম খালে ইয়াৰ পৰা ছালখনক ৰক্ষা কৰিব পাৰিব আৰু আপোনাৰ ছালখনক সতেজ কৰি ৰাখে ৷

কলাজেনৰ উৎপাদন বৃদ্ধি কৰে

তিয়াই থোৱা কাঠবাদামত থকা ভিটামিন ইয়ে কলাজেন বৃদ্ধি কৰে ৷ কলাজেন হৈছে এবিধ প্ৰ’টিন, যিয়ে ছালক সুস্থ আৰু সতেজ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ ফলত বলিৰেখা আৰু মিহি ৰেখা কমি যায় ৷

ছালক নিমজ কৰে

কাঠবাদামত স্বাস্থ্যকৰ চৰ্বি থাকে ৷ যেনে - মনোঅনচেচুৰেটেড ফেট থাকে ৷ যিয়ে ছালৰ আদ্ৰতা বজাই ৰখাত সহায় কৰে ৷ দৈনিক কাঠবাদাম তিয়াই খালে ছালৰ আৰ্দ্ৰতা বৃদ্ধি পায় যাৰ ফলত ছালখন নিমজ হৈ থাকে ৷

লগতে পঢ়ক: কাঠবাদাম খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? তেন্তে লাভৰ পৰিৱৰ্তে হ’ব লোকচান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.