ETV Bharat / health

হাৰ্ট এটাকত ৩৬ বছৰীয়া Beauty Influencerৰ মৃত্যু; ৩০ৰ দেওনা পাৰ নহওঁতে কৰাই লওক এই পৰীক্ষা - Heart Attack - HEART ATTACK

Tunisian influencer Farah El Kadhi Died: মাল্টাত সময় কটাই থকা টিউনিছিয়াৰ বিখ্যাত Beauty Influencer ফাৰা এল কাডিৰ ৩৬ বছৰ বয়সত হাৰ্ট এটাকত আক্ৰান্ত হৈ হঠাৎ মৃত্যু ঘটে । তেওঁৰ মৃত্যুৱে সম্প্ৰতি তেওঁৰ অনুৰাগীসকলক গভীৰভাৱে স্তম্ভিত কৰি তুলিছে । সেয়ে জানো আহক ৩০ৰ পিচত মহিলাসকলে হাৰ্ট এটাকৰ পৰা বাচি থাকিবলৈ কোনবোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত-

A 36-year-old beauty influencer passed away while on vacation due to a heart attack, Women should get this test done as soon as they turn 30
হাৰ্ট এটাকত ৩৬ বছৰীয়া Beauty Influencerৰ মৃত্যু; ৩০ৰ দেওনা পাৰ নহওঁতে কৰাই লওক এই পৰীক্ষা (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 11:10 AM IST

শেহতীয়াকৈ টিউনিছিয়াৰ বিখ্যাত Beauty Influencer ফাৰা এল কাডিৰ ৩৬ বছৰ বয়সত হাৰ্ট এটাকত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ তেওঁৰ হঠাৎ মৃত্যুৱে তেওঁৰ অনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক গভীৰভাৱে স্তম্ভিত কৰি তুলিছে ৷

টাইমছ অৱ মাল্টাৰ এক প্ৰতিবেদন অনুসৰি জাহাজত সময় কটোৱাৰ অৱস্থাত ফাৰাহৰ হাৰ্ট এটাক হয় আৰু লগে লগে তেওঁক মাল্টাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

ইনফ্লুয়েনঞ্চাৰগৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ মতে, সৌন্দৰ্য আৰু জীৱনশৈলীৰ সৈতে জড়িত কন্টেন্ট তৈয়াৰ কৰাৰ উপৰিও তেওঁ আছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ আৰ্কিটেক্টো আছিল ৷ ফাৰাহৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও হাৰ্ট এটাকৰ কাৰণে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ ৩৬ বছৰ বয়সত মহিলাৰ হাৰ্ট এটাক নিশ্চয় অস্বাভাৱিক, কিন্তু এয়া হোৱা অসম্ভৱ নহয় ৷

চিকিৎসকে কয় যে, বৰ্তমানৰ ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে যুৱক-যুৱতীসকলৰ মাজতো হাৰ্ট এটাকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত মহিলাসকলেও ৩০ বছৰ বয়স অতিক্ৰম কৰাৰ পিচত নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাটো উচিত, বিশেষকৈ হৃদযন্ত্ৰ সম্পৰ্কীয় পৰীক্ষা কৰোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ জানো আহক ৩০ বছৰ বয়স অতিক্ৰম কৰাৰ পিচত মহিলাসকলে কোনবোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত-

লগতে পঢ়ক: ফিট তথা সুস্থ হৈ থকাৰ পিছতো কিয় যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ? কাৰণ জানি লওক

মহিলাৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা

এই পৰীক্ষাত তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা জুখিব পাৰি ৷ উচ্চ কলেষ্টেৰল হৃদৰোগৰ বাবে এক প্ৰধান বিপদজনক কাৰক ৷

ইচিজি

এই পৰীক্ষাত হৃদযন্ত্ৰৰ বৈদ্যুতিক কাৰ্যকলাপ লিপিবদ্ধ কৰা হয় আৰু হৃদযন্ত্ৰৰ যিকোনো অস্বাভাৱিকতা ধৰা পেলাব পাৰি ৷

ইকোকাৰ্ডিঅ’গ্ৰাম

এই পৰীক্ষাত শব্দ তৰংগৰ সহায়ত হৃদযন্ত্ৰৰ গঠন আৰু কাৰ্যৰ মূল্যায়ন কৰা হয় ৷

ষ্ট্ৰেছ টেষ্ট

এই পৰীক্ষাত ব্যায়াম বা ঔষধৰ জৰিয়তে হৃদযন্ত্ৰৰ ওপৰত চাপ দিয়া হয় আৰু পৰীক্ষা কৰা হয় যে হৃদযন্ত্ৰই এই চাপ কেনেদৰে সহ্য কৰে ৷ এই পৰীক্ষাসমূহৰ উপৰিও সুস্থ জীৱনশৈলী গ্ৰহণ কৰাটোৱেও হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ সুষম খাদ্য, নিয়মীয়া ব্যায়াম, ধূমপান নকৰা আৰু মানসিক চাপ নিয়ন্ত্ৰণে মহিলাসকলক সুস্থ হৈ থকাত সহায় কৰিব পাৰে ৷

উল্লেখযোগ্য যে, ফাৰাহ এল কাদিৰ অকাল মৃত্যু সকলোৰে বাবে এক সতৰ্কবাণী ৷ সেয়ে সময় থাকোঁতে আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত আৰু নিয়মিতভাৱে চিকিৎসা পৰীক্ষা কৰাই থকা উচিত ৷

লগতে পঢ়ক: হাৰ্ট এটাক-ষ্ট্ৰোকৰ পূৰ্বে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ; WHO এ টুইট কৰিছে লক্ষণৰ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.